কি কি খাদ্যৰ লগত হালধি খালে স্বাস্থ্যৰ বাবে অধিক উপকাৰী হয় ? জানক | Taste and Health Benefits of Turmeric in Assamese Assam news - Assam Tv9

কি কি খাদ্যৰ লগত হালধি খালে স্বাস্থ্যৰ বাবে অধিক উপকাৰী হয় ? জানক

Updated On: 

29 Jul 2024 19:46 PM

Benefits of Turmeric in Assamese: হালধিৰ অবিহনে আমাৰ এখনো আঞ্জা সম্পূৰ্ণ নহয় । বাকী মছলা নাথাকিলেও হালধি আমাৰ পাকঘৰত থাকিবই লাগিব । সাধাৰণ শাক-পাচলি, মাছ, মাংস আদি সকলো ৰন্ধনত হালধি ব্যৱহাৰ কৰা হয়। গাখীৰৰ লগতো হালধি মিহলি কৰি খাব পাৰি । হালধি আমাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী ।

1 / 8হালধিৰ অবিহনে আমাৰ এখনো আঞ্জা সম্পূৰ্ণ নহয় । আমাৰ পাকঘৰত হালধি থকাটো প্ৰায় নিশ্চিত । বাকী মছলা নাথাকিলেও হালধি আমাৰ পাকঘৰত থাকিবই লাগিব ।

হালধিৰ অবিহনে আমাৰ এখনো আঞ্জা সম্পূৰ্ণ নহয় । আমাৰ পাকঘৰত হালধি থকাটো প্ৰায় নিশ্চিত । বাকী মছলা নাথাকিলেও হালধি আমাৰ পাকঘৰত থাকিবই লাগিব ।

2 / 8

সাধাৰণ শাক-পাচলি, মাছ, মাংস, কণীৰ সকলো ৰন্ধনত হালধি ব্যৱহাৰ কৰা হয়। বহু লোকে গাখীৰৰ লগতো হালধি মিহলি কৰি খায় । হালধি আমাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী ।

3 / 8

আদাৰ লগত হালধি খালে যথেষ্ট উপকাৰ হয় । কেঁচা আদা আৰু কেঁচা হালধি একেলগে পেষ্ট কৰি তাৰ ৰস খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

4 / 8

হালধি আৰু জালুক একেলগে খালে খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব আৰু স্বাস্থ্যৰ বাবে উপকাৰী ।

5 / 8

গাখীৰত হালধি আৰু জালুকৰ গুড়ি মিহলাই খালে উপকাৰ হয়। নাৰিকল গাখীৰত হালধি মিহলাই খালে খাদ্যৰ সোৱাদ আৰু উপকাৰিতা বৃদ্ধি পাব।

6 / 8

ফুলকবি ৰান্ধিলে হালধি ব্যৱহাৰ কৰিব লাগে । হালধি, জিৰা আদি মছলাৰ সৈতে তৰকাৰী ৰান্ধিলে খাদ্যৰ সোৱাদ বৃদ্ধি পাব। ইয়াৰ লগতে ই অধিক পুষ্টিকৰ হ’ব।

7 / 8

মাংস মেৰিনেট কৰাৰ সময়ত টেঙা দৈ ব্যৱহাৰ কৰক। ইয়াত হালধি গুড়ি দিব নাপাহৰিব। হালধিয়ে দৈৰ টেঙা সোৱাদৰ ভাৰসাম্য ৰক্ষা কৰে।

8 / 8

যিকোনো শাক-পাচলি ৰান্ধিলে, নহৰু আৰু হালধি নিশ্চয় ব্যৱহাৰ কৰিব লাগে। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে আৰু সেই খাদ্য অধিক পুষ্টিকৰ কৰি তুলে ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…