কি কি খাদ্যৰ লগত হালধি খালে স্বাস্থ্যৰ বাবে অধিক উপকাৰী হয় ? জানক | Taste and Health Benefits of Turmeric in Assamese Assam news - Assam Tv9

কি কি খাদ্যৰ লগত হালধি খালে স্বাস্থ্যৰ বাবে অধিক উপকাৰী হয় ? জানক

Updated On: 

29 Jul 2024 | 07:46 PM

Benefits of Turmeric in Assamese: হালধিৰ অবিহনে আমাৰ এখনো আঞ্জা সম্পূৰ্ণ নহয় । বাকী মছলা নাথাকিলেও হালধি আমাৰ পাকঘৰত থাকিবই লাগিব । সাধাৰণ শাক-পাচলি, মাছ, মাংস আদি সকলো ৰন্ধনত হালধি ব্যৱহাৰ কৰা হয়। গাখীৰৰ লগতো হালধি মিহলি কৰি খাব পাৰি । হালধি আমাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী ।

1 / 8হালধিৰ অবিহনে আমাৰ এখনো আঞ্জা সম্পূৰ্ণ নহয় । আমাৰ পাকঘৰত হালধি থকাটো প্ৰায় নিশ্চিত । বাকী মছলা নাথাকিলেও হালধি আমাৰ পাকঘৰত থাকিবই লাগিব ।

হালধিৰ অবিহনে আমাৰ এখনো আঞ্জা সম্পূৰ্ণ নহয় । আমাৰ পাকঘৰত হালধি থকাটো প্ৰায় নিশ্চিত । বাকী মছলা নাথাকিলেও হালধি আমাৰ পাকঘৰত থাকিবই লাগিব ।

2 / 8

সাধাৰণ শাক-পাচলি, মাছ, মাংস, কণীৰ সকলো ৰন্ধনত হালধি ব্যৱহাৰ কৰা হয়। বহু লোকে গাখীৰৰ লগতো হালধি মিহলি কৰি খায় । হালধি আমাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী ।

3 / 8

আদাৰ লগত হালধি খালে যথেষ্ট উপকাৰ হয় । কেঁচা আদা আৰু কেঁচা হালধি একেলগে পেষ্ট কৰি তাৰ ৰস খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

4 / 8

হালধি আৰু জালুক একেলগে খালে খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব আৰু স্বাস্থ্যৰ বাবে উপকাৰী ।

5 / 8

গাখীৰত হালধি আৰু জালুকৰ গুড়ি মিহলাই খালে উপকাৰ হয়। নাৰিকল গাখীৰত হালধি মিহলাই খালে খাদ্যৰ সোৱাদ আৰু উপকাৰিতা বৃদ্ধি পাব।

6 / 8

ফুলকবি ৰান্ধিলে হালধি ব্যৱহাৰ কৰিব লাগে । হালধি, জিৰা আদি মছলাৰ সৈতে তৰকাৰী ৰান্ধিলে খাদ্যৰ সোৱাদ বৃদ্ধি পাব। ইয়াৰ লগতে ই অধিক পুষ্টিকৰ হ’ব।

7 / 8

মাংস মেৰিনেট কৰাৰ সময়ত টেঙা দৈ ব্যৱহাৰ কৰক। ইয়াত হালধি গুড়ি দিব নাপাহৰিব। হালধিয়ে দৈৰ টেঙা সোৱাদৰ ভাৰসাম্য ৰক্ষা কৰে।

8 / 8

যিকোনো শাক-পাচলি ৰান্ধিলে, নহৰু আৰু হালধি নিশ্চয় ব্যৱহাৰ কৰিব লাগে। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে আৰু সেই খাদ্য অধিক পুষ্টিকৰ কৰি তুলে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...