ওজন কমিব, হৃদযন্ত্ৰও ভালে থাকিব ! ৰাতিপুৱা সোনকালে উঠি ৫-১০ মিনিট এই কাম কৰক

সূৰ্যৰ পোহৰ সুস্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আপুনি জানেনে যে, ই কেৱল ভিটামিন ডি যোগান ধৰাই নহয়, সূৰ্যৰ পোহৰ বহু উপকাৰিতা আছে। সূৰ্য পোহৰৰ সংস্পৰ্শৰ ফলত কি কি সমস্যা দূৰ হয় জানোঁ আহক।

ওজন কমিব, হৃদযন্ত্ৰও ভালে থাকিব ! ৰাতিপুৱা সোনকালে উঠি ৫-১০ মিনিট এই কাম কৰক
Published: 

19 Jan 2026 | 03:52 PM

বৰ্তমান সময়ত স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। বেয়া খাদ্যভ্যাস আৰু জীৱনশৈলীয়ে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ জন্ম দিয়ে। পিছত ই জটিল ৰূপ ধাৰণ কৰিব পাৰে। মেদবহুলতাও মূল কাৰণ হৈছে বেয়া খাদ্যাভ্যাস। সকলোৱে এটা কথা জ্ঞাত যে, সূৰ্যৰ পোহৰ সুস্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আপুনি জানেনে যে, ই কেৱল ভিটামিন ডি যোগান ধৰাই নহয়, সূৰ্যৰ পোহৰ বহু উপকাৰিতা আছে। সূৰ্য পোহৰৰ সংস্পৰ্শৰ ফলত কি কি সমস্যা দূৰ হয় জানোঁ আহক।

সূৰ্য পোহৰৰ স্পৰ্শৰ ৫ টা স্বাস্থ্য উপকাৰিতা

ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে যেতিয়া ছালত স্পৰ্শ কৰে তেতিয়া শৰীৰত ভিটামিন ডি সংশ্লেষণ আৰম্ভ হয়। হাড়, দাঁত আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ। সূৰ্যৰ অতিবেঙুনীয়া বিটা ৰশ্মিয়ে ছালত স্বাভাৱিকভাৱে ভিটামিন ডি ৩ আৰু কলেকেলচিফেৰল উৎপন্ন কৰে। কেৱল খাদ্যই শৰীৰৰ ভিটামিন ডিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে, ইয়াৰ বাবে সূৰ্যৰ পোহৰৰো প্ৰয়োজন হয়।

সূৰ্যৰ পোহৰেও শৰীৰত হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ৰাতিপুৱা সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে মেলাটনিন হৰম’ন বা টোপনিৰ হৰম’নৰ ফলপ্ৰসূতা কমি যায় আৰু ইয়াৰ লগে লগে চেৰ’টনিন বা হেপি হৰম’নৰ উৎপাদন বৃদ্ধি পায়। ফলত শৰীৰে সতেজ অনুভৱ কৰে, মেজাজ উন্নত হয় আৰু মানসিক চাপ কমি যায়। সূৰ্যৰ পোহৰে শৰীৰত কৰ্টিছল বা ষ্ট্ৰেছ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

সূৰ্যৰ পোহৰে শৰীৰত ৰক্ত সঞ্চালন ভাল কৰাত সহায় কৰে। শৰীৰত অক্সিজেনৰ যোগান উন্নত হয়। সামগ্ৰিকভাৱে ই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে।

ওজন কমাব বিচাৰিলে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰো উপযোগী হ’ব পাৰে। ৰাতিপুৱাৰ মিঠা ৰ’দে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। বিপাকীয় ক্ৰিয়া যিমানেই বৃদ্ধি পাব সিমানেই ওজন কমাব পৰা প্ৰক্ৰিয়াটো দ্ৰুত হয়।

ৰাতিপুৱা সূৰ্যৰ পোহৰৰ স্পৰ্শত আহিলে একাগ্ৰতা বৃদ্ধি পায়। এই সৰু অভ্যাসে কামৰ প্ৰতি মনোযোগ বৃদ্ধিতো সহায় কৰে। এই অভ্যাসে মেজাজৰ পৰিৱৰ্তন নাইকিয়া কৰি মনটোক উল্লাসিত কৰি ৰখাত সহায় কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...