প্ৰতি পুৱা ১০ মিনিট ৰ’দত বহিলে কি হয়? বিশেষজ্ঞই জনালে আচৰিত উপকাৰৰ বিষয়ে…

প্ৰতিদিনে পুৱা উঠি আপুনি কিছু সময় ৰ'দত বহে নেকি? যদি বহে তেন্তে এয়া এক ভাল অভ্যাস। ই আপোনাৰ বহু উপকাৰ সাধন কৰিব পাৰে। ৰ'দত বহিলে কি হয়, শৰীৰে কি কি লাভ হয় সকলো জনাইছে এজন বিশেষজ্ঞই।

প্ৰতি পুৱা ১০ মিনিট ৰদত বহিলে কি হয়? বিশেষজ্ঞই জনালে আচৰিত উপকাৰৰ বিষয়ে...

ৰ’দত বহাৰ উপকাৰ...

Published: 

05 Jan 2026 | 03:47 PM

পুৱাৰ সূৰ্যৰ পোহৰ শৰীৰৰ বাবে ভাল। বহু বিশেষজ্ঞই মানুহক পুৱাৰ কিছুসময় ৰ’দত কটাব দিয়ে। এই সন্দৰ্ভত যোগগুৰু তথা লেখক হংসা যোগেন্দ্ৰই নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ আপলোড কৰিছে। যত তেওঁ কৈছে, পুৱাৰ ৰ’দ মানুহৰ স্বাস্থ্যৰ বাবে কিয় উপকাৰী। প্ৰতিদিনে পুৱা অন্তত ১০ মিনিট সূৰ্যৰ পোহৰত বহিলে লাভ হ’ব পাৰে। গতিকে এই লেখাটোত সূৰ্যৰ পোহৰৰ ফলত কি কি লাভ হ’ব পাৰে, কিমান সময় বহিলে ভাল আদি উল্লেখ কৰা হ’ল।

কিয় বিশেষ

যোগগুৰুগৰাকীয়ে কয় যে, পুৱাৰ সময়ৰ পৰিৱেশ শান্ত,বিশুদ্ধ আৰু ইতিবাচক থাকে। যোগ আৰু আয়ুৰ্বেদ অনুসৰি, পুৱাৰ ৰ’দ বাট আৰু কফা দোষৰ ভাৰসাম্য ৰক্ষা কৰি শৰীৰৰ অগ্নি (পাচন শক্তি) সক্ৰিয় কৰে।

শৰীৰত কি হয়

যেতিয়া পুৱাৰ ৰ’দ আমাৰ শৰীৰৰ ছাল আৰু চকুৱে লাভ কৰে তেতিয়া শৰীৰত ভিটামিন ডি (Vitamin D) উৎপাদন হোৱা আৰম্ভ কৰে। ভিটামিন ডি হাড়, দাঁত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে অত্যন্ত জৰুৰী। বিভিন্ন গৱেষণাত পোহৰলৈ আহিছে যে,আমাৰ শৰীৰৰ ৯০ শতাংশতকৈ বেছি ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা লাভ কৰা যায়। কিয়নো কেৱল খাদ্য, চাপ্লিমেন্টৰ দ্বাৰা এই ভিটামিনৰ প্ৰয়োজনীয়তা পূৰ কৰিব নোৱাৰি। ইয়াৰোপৰি ভিটামিন ডিয়ে কেলছিয়াম আৰু ফচফৰাচ ভালদৰে ব্যৱহাৰ কৰাত সহায় কৰে। যাৰ ফলত গাঁঠি শক্তিশালী হয়। ইয়াৰোপৰি ই শৰীৰক সংক্ৰমণ আৰু প্ৰদাহৰ পৰাও ৰক্ষা কৰে।

আৰু কি কি

  • সূৰ্যৰ পোহৰত বহাৰ ফলত মেলাটোনিন (টোপনিৰ হৰম’ন) দিনত কম হয় যাৰ ফলত নিশা ভালদৰে টোপনি আহে।
  • ছেৰোটোনিন (সুখৰ হৰম’ন) বৃদ্ধি পায়। ইয়াৰ ফলত মন ভালে থাকে।
  • কাৰ্টিচোল (মানসিক চাপৰ হৰম’ন)ৰ ভাৰসাম্য ঠিক আথে।
  • তেজৰ চলাচল ভাল হয়। যি হৃদযন্ত্ৰৰ বাবে ভাল।
  • বিপাকীয় ক্ৰিয়া ভাল কৰে। যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়।
  • দিনটো শক্তি অনুভৱ কৰে।

গুৰুত্বপৰ্ণ

  • পুৱা উঠি মুখ হাত ধুই কুহুমীয়া পানী খাব।
  • পাছত পুৱা ৬.৩০ ৰ পৰা ৮.৩০ বজাৰ ভিতৰত ৫-১০ মিনিট ৰ’দত বহিব।
  • চকু মুদি ধ্যান কৰিব পাৰে।
  • বেছি চোকা ৰ’দত নবহিব।
  • খালী চকুৰে সূৰ্য নাচাব।

 

অন্য খবৰ পঢ়কঃ মটৰত কি কি ভিটামিন থাকে? ৫ টা উপকাৰী গুণ জানিলে আচৰিত হ’ব আপুনি..

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...