হৃদৰোগৰ পৰা ৰক্ষা কৰিব পাৰে কফিয়ে! গৱেষণাই কৰিছে দাবী

শেহতীয়াকৈ প্ৰকাশ পোৱা এক গৱেষণা মতে, দৈনিক তিনি কাপ কফি বা ২০০-৩০০ মিলিগ্ৰাম কেফেইনে হৃদৰোগৰ পৰা ব্যক্তিক সংশয়মুক্ত কৰি ৰাখিব পাৰে। এই গৱেষণাত গৱেষকসকলে ইউ কে বায়’বেংকৰ তথ্য ব্যৱহাৰ কৰিছে য’ত তেওঁলোকে ৪০ৰ পৰা ৭০ বছৰৰ ভিতৰৰ ৫,০০,০০০তকৈ অধিক লোকৰ ওপৰত অধ্যয়ন কৰিছে।

হৃদৰোগৰ পৰা ৰক্ষা কৰিব পাৰে কফিয়ে! গৱেষণাই কৰিছে দাবী

প্ৰতিনিধিত্বমূলক ছবি

Published: 

21 Sep 2024 23:08 PM

দৈনিক খোৱা একাপ কফিয়ে ব্যক্তিক ৰক্ষা কৰিব পাৰে হৃদৰোগৰ পৰা! এক গৱেষণাই দাবী কৰিছে এই কথা। গৱেষণাটোৰ মতে, যিসকল লোকে দৈনিক এক নিৰ্ধাৰিত পৰিমাণৰ কফি সেৱন কৰে তেওঁলোকৰ আন মানুহৰ তুলনাত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ হোৱাৰ সম্ভাৱনা কম। দৈনিক তিনি কাপ কফি বা ২০০-৩০০ মিলিগ্ৰাম কেফেইনে হৃদৰোগৰ পৰা ব্যক্তিক সংশয়মুক্ত কৰি ৰাখিব পাৰে বুলি দাবী কৰিছে এই গৱেষণাই। অৱশ্যে ইয়াতকৈ বেছি কেফেইন খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলিও  গৱেষণাটোত সকীয়াই দিয়া হৈছে।

এই অধ্যয়নত দেখা গৈছে যে কেফেইনৰ ব্যৱহাৰে প্ৰদাহ হ্ৰাস কৰি হৃদযন্ত্ৰৰ বিপাকীয় স্বাস্থ্য উন্নত কৰে। কেফেইনৰ লগতে ব্যায়াম আৰু ভাল টোপনিও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ফলপ্ৰসূ বুলি অধ্যয়নত প্ৰমাণিত হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ বৰুণ বংশালে কয় যে কফি মধ্যমীয়াকৈ সেৱন কৰাটো হৃদযন্ত্ৰৰ বাবে উপকাৰী।

কিন্তু কফি সঠিকভাৱে প্ৰস্তুত কৰা হৈছে নে নাই হোৱা সেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ লগতে কয়। উদাহৰণস্বৰূপে, উতলাই তৈয়াৰ কৰা কফিতকৈ ফিল্টাৰ কফি স্বাস্থ্যৰ বাবে অধিক উপকাৰী। কিন্তু মনত ৰাখিব যে কফি অত্যধিক সেৱনে হৃদস্পন্দন বৃদ্ধি কৰে, লগতে উদ্বেগ আৰু টোপনিৰ সমস্যাও সৃষ্টি কৰে। গতিকে দিনটোত বেছিকৈ কফি খাব নালাগে বুলিও এই অধ্যয়নে সকীয়াই দিছে।

বিশেষজ্ঞসকলে কয় যে হৃদৰোগ বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ আজিৰ অস্বাস্থ্যকৰ জীৱনশৈলী। জাংক ফুড, ধূমপান-মদ্যপান, কম টোপনি, মানসিক চাপ আদি কাৰকে হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত মানুহ অতি কম বয়সতে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ বলি হৈ পৰিছে। পিছলৈ এই ৰোগবোৰে হৃদযন্ত্ৰৰ ক্ষতি কৰিছে।

কিন্তু এই অধ্যয়নত স্পষ্ট হৈ পৰিছে যে নিয়মিতভাৱে কম কফি আৰু কেফেইন সেৱন কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। এই গৱেষণাত গৱেষকসকলে ইউ কে বায়’বেংকৰ তথ্য ব্যৱহাৰ কৰিছে য’ত তেওঁলোকে ৪০ৰ পৰা ৭০ বছৰৰ ভিতৰৰ ৫,০০,০০০তকৈ অধিক লোকৰ ওপৰত অধ্যয়ন কৰিছে। ইয়াৰ ভিতৰত তেওঁলোকৰ দৈনন্দিন খাদ্য আৰু স্বাস্থ্যৰ সৈতে জড়িত তথ্যও অন্তৰ্ভুক্ত।

এই তথ্য অধ্যয়ন কৰাৰ পিছত দেখা গ’ল যে যিসকল লোকে দৈনিক দুইৰ পৰা তিনিকাপ কেফেইন কফি সেৱন কৰিছিল তেওঁলোকৰ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম। কিন্তু বিশেষজ্ঞসকলে কয় যে ইয়াতকৈ বেছি কফিয়ে অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে, সেয়েহে এজন সুস্থ প্ৰাপ্তবয়স্কই দৈনিক মাত্ৰ ২০০-৩০০ মিলিগ্ৰাম কেফেইন সেৱন কৰিব লাগে।

ইফালে চাহৰ ক্ষেত্ৰত গাখীৰ চাহৰ পৰিৱৰ্তে গ্ৰীণ টি বা আৰু ব্লেক টিহে সেৱন কৰিব লাগে বুলি গৱেষণাটোত লগতে উল্লেখ কৰা হৈছে। ই উচ্চ ৰক্তচাপ আৰু আন বহু সমস্যাৰ পৰাও সকাহ দিয়ে বুলি গৱেষণাটোৱে লগতে প্ৰকাশ কৰিছে। গ্ৰীণ টিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে আৰু ইয়াৰ ফলত ধমনী বন্ধ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে বুলি জানিবলৈ দিছে অধ্যয়নে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...