অত্যধিক মানসিক চাপৰ বাবে সঁচাকৈয়ে চুলি সৰেনে? বিশেষজ্ঞই কি কয় চাওক…
জিনীয়, হৰম’নৰ পৰিৱৰ্তন, পৰিৱেশৰ প্ৰভাৱ ইত্যাদি কাৰণত চুলি সৰা সমস্যা হ’ব পাৰে। বহুসময়ত শুনা যায়, মানসিক চাপৰ বাবে চুলি সৰিব পাৰে। এয়া সঁচাকৈ হয় নে নহয়? মানসিক চাপে আপোনাৰ চুলিৰ কিদৰে ক্ষতি কৰিব পাৰে? জানো আহক এই বিষয়ত বিশেষজ্ঞই কি কয়।

প্ৰতিনিধিত্বমূলক ছবি
সাম্প্ৰতিক সময়ত অধিকাংশ লোকৰে দৈনন্দিন জীৱনত ব্যস্ততা বৃদ্ধি পাইছে। এফালে কামৰ হেঁচা, আনফালে দায়িত্বৰ হেঁচা আৰু তাৰ লগতে পাৰিবাৰিক জীৱনত সন্মুখীন হোৱা নানা ঘাত-প্ৰতিঘাতৰ বাবে দৈনন্দিন জীৱনত মানসিক চাপো বৃদ্ধি পায়। এনে মানসিক চাপৰ বাবে ব্যক্তিৰ জীৱন বহুসময়ত যন্ত্ৰণাময় হৈ পৰে। লগতে ক্ৰমবৰ্ধিত মানসিক চাপৰ বাবে দৈহিক স্বাস্থ্যতো গুৰুতৰ প্ৰভাৱ পৰে। নানা ধৰণৰ ৰোগে দেহত থিতাপি লোৱাৰ শংকায়ো দেখা দিয়ে।
অৰ্থাৎ দীৰ্ঘদিন ধৰি কোনো কাৰণত মানসিক চাপ সহি থাকিব লগা হ’লে মানসিক আৰু শাৰীৰিক দুয়োটা স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ উপৰিও ছাল আৰু চুলিতো ইয়াৰ প্ৰভাৱ পৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। আজিৰ সময়ত চুলি সৰাৰ সমস্যাই বহু লোককে হতাশাত পেলোৱা দেখা যায়।
চুলিৰ এই সমস্যাৰ আঁৰত নানা কাৰণ থাকে। জিনীয়, হৰম’নৰ পৰিৱৰ্তন, পৰিৱেশৰ প্ৰভাৱ ইত্যাদি কাৰণত চুলিৰ এনে সমস্যা হ’ব পাৰে। বহুসময়ত শুনা যায়, মানসিক চাপৰ বাবে চুলি সৰিব পাৰে। এয়া সঁচাকৈ হয় নে নহয়? মানসিক চাপে আপোনাৰ চুলিৰ কিদৰে ক্ষতি কৰিব পাৰে? জানো আহক এই বিষয়ত বিশেষজ্ঞই কি কয়।
আৰ এম এল হাস্পতালৰ চৰ্মৰোগ বিভাগৰ ডাঃ ভৱুক ধীৰে কয় যে দীৰ্ঘদিন ধৰি মানসিক চাপত থকাৰ বাবে চুলি সৰা সমস্যা দেখা যায়। সেয়ে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব লাগে। আচলতে মানসিক চাপৰ বাবে মানুহৰ শৰীৰত বহু পৰিৱৰ্তন দেখা যায়, ইয়াৰ ফলত চুলি সৰাৰ সমস্যা হ’ব পাৰে।
তেওঁ কয় কয় যে যেতিয়াই কোনো ব্যক্তি মানসিক চাপত থাকে, তেতিয়াই তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰে আৰু ইয়াৰ বাবে চুলিৰ গুৰিৰ ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত চুলি সৰিব পাৰে। কিন্তু অতি কম ক্ষেত্ৰতহে এনেকুৱা হয়। মানসিক আৰু শাৰীৰিক স্বাস্থ্য সঠিকভাৱে ৰখাৰ লগতে ছাল আৰু চুলিৰ বাবেও মানসিক চাপ পৰিচালনা অত্যন্ত গুৰুত্বপূৰ্ণ।
মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে আপুনি কিছুমান পদ্ধতি গ্ৰহণ কৰিব পাৰে। মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক ১০ৰ পৰা ১৫ মিনিট ধ্যান বা গভীৰ শ্বাস-প্ৰশ্বাসৰ কৌশল গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত মন শান্ত হ’ব আৰু মনোযোগ বৃদ্ধি পাব।
ইয়াৰ উপৰিও মানসিক চাপ কমোৱাৰ বাবে আপোনাক মানসিকভাৱে আমনি কৰা দিশসমূহ ডায়েৰীত লিখি থ’ব পাৰে। ইয়াৰ দ্বাৰা মানসিক চাপ কমোৱাত সহায়ক হ’ব পাৰে। আপোনাৰ মনত প্ৰভাৱ পেলোৱা যিকোনো কথাই আপোনাৰ বন্ধু বা ঘনিষ্ঠ লোকৰ লগত শ্বেয়াৰ কৰিব পাৰে।
ব্যায়াম কৰিলে ই শৰীৰত সুখী হৰম’ন এণ্ড’ৰ্ফিন নিৰ্গত কৰে। এই হৰম’নে মেজাজ সুস্থিৰ কৰি ৰখাত আৰু উন্নত কৰাত সহায় কৰে। গতিকে প্ৰতিদিনে ২০ৰ পৰা ৩০ মিনিট সময় উলিয়াই ব্যায়াম কৰিব বা খোজ কাঢ়িব পাৰে। লগতে প্ৰতিদিনে ৭ৰ পৰা ৮ ঘণ্টা টোপনি আৰু সুষম খাদ্যও প্ৰয়োজনীয়।