পেটৰ ভিতৰত ঘাঁ হ’লে শৰীৰে কি কি ইংগিত দিয়ে? জানক বিশেষজ্ঞৰ পৰা…

পেটৰ ভিতৰত ঘাঁ হোৱা এক গুৰুতৰ ৰোগ। যেতিয়া এই ৰোগ হয় তেতিয়া শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে এই লক্ষণসমূহৰ বিষয়ে জনা ভাল।

পেটৰ ভিতৰত ঘাঁ হলে শৰীৰে কি কি ইংগিত দিয়ে? জানক বিশেষজ্ঞৰ পৰা...

পেটৰ সমস্যা

Published: 

08 Sep 2025 11:51 AM

বিভিন্ন সময়ত মানুহৰ পেটৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। এই সমস্যাসমূহৰ ভিতৰত পেটত ঘাঁ(Stomach ulcer) হোৱা এক গুৰুতৰ ৰোগ। যদিও এই ৰোগ গুৰুতৰ তথাপিও সময়মতে ইয়াক চিনাক্ত কৰি সঠিক চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু ইয়াৰ বাবে পেটৰ আলচাৰ বা পেটত ঘাঁ হোৱাৰ লক্ষণৰ বিষয়ে জানিব লাগিব। বিভিন্ন ৰোগৰ লক্ষণ আমাৰ শৰীৰত দেখা দিয়ে। পেটত ঘাঁ হ’লেও ইয়াৰ লক্ষণ দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

পেটৰ আলচাৰ হৈছে শৰীৰৰ ভিতৰৰ অংশত হোৱা এক প্ৰকাৰৰ ঘাঁ। ই সাধাৰণতে পেটৰ ভিতৰৰ আৱৰণ, ক্ষুদ্ৰান্ত্ৰ বা খাদ্যনলীত দেখা দিয়ে। পেটত সৃষ্টি হোৱা এচিডে ভিতৰৰ ভাগ ক্ষতি কৰি ঘাঁ সৃষ্টি কৰে। ই এক ডাঙৰ সমস্যা। কিন্তু চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

লক্ষণ

পেটৰ ভিতৰত ঘাঁ হোৱাৰ লক্ষণ বিভিন্ন ব্যক্তিৰ মাজত বিভিন্ন হ’ব পাৰে। ইয়াৰোপৰি কিমান গুৰুতৰ হৈ পৰিছে তাৰ ওপৰতো লক্ষণ দেখা দিয়ে। কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

পেটৰ বিষঃ পেটৰ ওপৰৰ অংশত জলা-পোৰা বা বিষ, যাক এপিগেষ্ট্ৰিক বুলি কোৱা হয়। খালী পেটত বা খাদ্য খোৱাৰ পাছত এই বিষ বেছিকৈ হয়।

বদহজম আৰু গেছঃ বদহজম আৰু গেছ হৈ থকা পেটৰ ঘাঁৰ লক্ষণ হ’ব পাৰে।

ভোক কম লগাঃ পেটত ঘাঁ হ’লে মানুহৰ খাদ্য খাবলৈ মন নাযায়। খাদ্য নোখোৱাৰ পাছতো পেট ফুলাৰ দৰে হৈ থাকে।

ওজন কম হোৱাঃ কোনো কাৰণ নোহোৱাকৈ ওজন কমি যোৱা এই ৰোগৰ লক্ষণ হ’ব পাৰে।

বমিঃ বমি হোৱাও পেটত ঘাঁ হোৱাৰ লক্ষণ হ’ব পাৰে। কেতিয়াবা তেজ বমি হোৱা দেখা যায়।

শৌচঃ যদি পেটত ঘাঁ হয় তেতিয়া শৌচৰ ৰং সলনি হৈ ক’লা হোৱা দেখা যায়।

উগাৰঃ বাৰে বাৰে উগাৰ আহিব পাৰে।

মূৰ ঘূৰোৱা– মাজে মাজে মূৰ ঘূৰাব পাৰে।

ভাগৰ, দুৰ্বলতাঃ এই ৰোগ হ’লে অত্যধিক ভাগৰ আৰু দুৰ্বলতা অনুভৱ হয়।

কাৰণ

পেটৰ ভিতৰত ঘাঁ হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে।

  • হেলিকোবেক্টৰ পাইলোৰী বেক্টেৰিয়া
  • এনএছএআইডিএছ
  • অত্যধিক মচলাযুক্ত আহাৰ খোৱা
  • নিচাযুক্ত দ্ৰব্য সেৱন
  • মানসিক চিন্তা
  • জীৱনশৈলী
  • জিনীয়
  • কেফেইনৰ অত্যধিক সেৱন আদিষ

পৰিত্ৰাণৰ উপায়

  • মচলাযুক্ত খাদ্য কমকৈ খাব
  • গাখীৰ খাব পাৰে।
  • উন্নত জীৱনশৈলী
  • নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকক।
  • ব্যায়াম কৰক।
  • পৰ্যাপ্ত টোপনি
  • মানসিক চিন্তা কম কৰক

যদি কোনো লক্ষণ দীৰ্ঘদিন ধৰি দেখা দি থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ স্মৃতিশক্তি দুৰ্বল হোৱাৰ কাৰণ কি জানেনে? জানক এই সমস্যাৰ পৰা হাত সৰাৰ উপায় আদি সকলো…

পাকঘৰত ব্যৱহাৰ হোৱা এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ...
এই ৪ ৰাশিৰ ওপৰত থাকে হনুমানৰ বিশেষ কৃপা, কেতিয়াও নহয় সুখ- সমৃদ্ধিৰ অভাৱ!
৯-৯-৯ দুৰ্লভ সংযোগ! মনৰ কামনা পূৰণ কৰিবলৈ কৰক এই কাম...
বিচনাৰ কাষতে এইসমূহ বস্তু ৰাখে যদি আঁতৰাওক এতিয়াই, অন্যথা বিপদেৰে ভৰিব জীৱন...