TV9 ASSAM
বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ সকলো দুৱাৰৰ মূল প্ৰৱেশদ্বাৰ সঠিক দিশত হ’ব লাগে। বিচনাখন থকা কোঠাটোৰ বস্তুবোৰ শৃংখলাবদ্ধভাৱে ৰাখিব লাগে।
শোৱা কোঠাত থকা বস্তুবোৰে আমাৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। আমাৰ শোৱা কোঠাত সদায়ে এক ইতিবাচক শক্তিৰ প্ৰয়োজন হয়।
বাস্তু শাস্ত্ৰ মতে বিচনাৰ কাষত কিছুমান বস্তু ৰাখিলে বাস্তু দোষৰ সৃষ্টি হ’ব পাৰে। গতিকে কোনবোৰ বস্তু বিচনাৰ কাষত ৰাখিলে বিপদ হয়, চাওক।
বাস্তু শাস্ত্ৰ মতে বিচনাৰ সন্মুখত আইনা ৰখাটো একেবাৰেই ভাল নহয়। বিচনাৰ কাষত আইনা থ’লে যিকোনো সম্পৰ্কত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।
ইয়াৰ উপৰিও শোৱা কোঠাত বিচনাৰ কাষত কেতিয়াও ঝাড়ু, ইলেক্ট্ৰনিক সামগ্ৰী, পানীৰ বটল আৰু খালী কাপ আদিৰ দৰে সামগ্ৰী ৰখা উচিত নহয়।
বাস্তু শাস্ত্ৰই লগতে কয় যে বিচনাৰ ওচৰত কটাৰী, কেঁচিৰ দৰে ধাৰ থকা বস্তু কেতিয়াও ৰাখিব নালাগে। এনে কৰিলে জীৱনত সমস্যাৰ সন্মুখীন হ’ব পাৰে।
ইয়াৰ বাহিৰেও কোনো ধৰণৰ খাদ্য বা পানীয় বিচনাৰ ওচৰত ৰাখিব নালাগে। পুৰণি কেলেণ্ডাৰো বিছনাৰ কাষত ৰাখিব নালাগে বুলি বাস্তু শাস্ত্ৰই কয়।
এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
লেতেৰা ফণিৰে চুলি ফণিয়ালে হয় এনে সমস্যা