৯-৯-৯ দুৰ্লভ সংযোগ! কৰক এই কাম...

9  Sept 2025

TV9 ASSAM

আজি ৯ ছেপ্টেম্বৰ। আজিৰ দিনটো অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। কিয়নো আজি ৯-৯-৯ দুৰ্লভ সংযোগ গঠন হৈছে।

৯-৯-৯

আজি ৯ তাৰিখ। ছেপ্টেম্বৰ মাহটো ৯ নম্বৰ। লগতে ২০২৫ যোগ কৰিলে ৯ ওলায়। 2+0+2+5=9. যাৰ বাবে এই দিনটো জ্যোতিষ শাস্ত্ৰ অনুসৰি ভাল।

কেনেকৈ

ইয়াৰোপৰি আজিৰ দিনটো মঙলবাৰ। যাক হনুমানৰ পূজা কৰাৰ শুভ দিন বুলি কোৱা হয়। মংগলৰ মূলাংক ৯। যাৰ বাবে এই বহু সংযোগ গঠন হৈ আজিৰ দিনটো বিশেষ হৈছে।

মঙলবাৰ

আজিৰ দিনটোত হনুমানক পূজা কৰিলে বিশেষ ফল পোৱা যায় বুলি মান্যতা আছে। ইয়াৰ বাবে আপুনি হনুমান চালিছা পাঠ কৰিব পাৰে বা তেওঁক ভোগ আগবঢ়াব পাৰে।

হনুমান

কোৱা হয়, আজিৰ দিনটোত কিছুমান উপায়ৰ দ্বাৰা মনৰ কামনা পূৰণ হয়। ইয়াৰ বাবে আপুনি মিঠা বস্তু বা অন্ন, বস্ত্ৰ দান কৰিব পাৰে। এনে কৰিলে দুখ-দুৰ্দশা নোহোৱা হয় বুলি কয়।

মনৰ কামনা

আপুনি একান্তভাৱে বহি ৰঙা মম এডাল জ্বলাই কাগজ এখনত মনৰ কামনা লিখি তাক জ্বলাই দিব পাৰে। পাছত ছাই খিনি উৰুৱাই দিয়ক বা পানীত পেলাই দিয়ক।

মনৰ কামনা

এই দিনটোত আপুনি হনুমানক তেওঁৰ প্ৰিয় বস্তু বুণ্ডিয়া লাড়ু অৰ্পন কৰিব পাৰে। ইয়াৰোপৰি ৰাম নাম জপ কৰিব পাৰে। লগতে হনুমানক সেন্দূৰ আগবঢ়াব পাৰে।

আৰু কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

হনুমানৰ পূজা