পেটৰ ভিতৰত ঘাঁ কিয় হয়? ইয়াৰ লক্ষণ কি, জানক সকলো চিকিৎসকৰ পৰা…

Stomach Ulcer Symptoms: আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত পেটৰ ভিতৰত ঘাঁ হোৱা অন্যতম। এই সমস্যা হ'লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

পেটৰ ভিতৰত ঘাঁ  কিয় হয়? ইয়াৰ লক্ষণ কি, জানক সকলো চিকিৎসকৰ পৰা...

পেটৰ ভিতৰত ঘাঁ

Published: 

04 Nov 2025 | 04:47 PM

বৰ্তমান ব্যস্ত জীৱনশৈলী আৰু খাদ্যভাস সলনি হোৱাৰ বাবে মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বিভিন্ন সমস্যাৰ ভিতৰত পেটৰ ভিতৰত ঘাঁ হোৱা অন্যতম। যদি সময়মতে পেটৰ আলচাৰৰ চিকিৎসা কৰা নহয় তেন্তে ই গুৰতৰ হৈ পৰে। এই ৰোগৰ বিভিন্ন কাৰণ আছে। ইয়াৰোপৰি যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে।

ঘাঁ কেনেকৈ হয়?

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কয় যে, পেটৰ ভিতৰত এচিড আৰু এনজাইমৰ দ্বাৰা ঘাঁ হয়। এইবোৰ সাধাৰণতে খাদ্য হজম কৰাত সহায় কৰে। যেতিয়া এই সমস্যা হয় তেতিয়া পেটৰ বিষ বা পাচতন্ত্ৰৰ সমস্যাকে ধৰি বহু সমস্যা হ’ব পাৰে।

কাৰণ

চিকিৎসকগৰাকীৰ মতে, পেটৰ ঘাঁ হোৱাৰ কিছুমান কাৰণ থাকে। তেওঁ কয়, হেলিক’বেক্টেৰ পাইল’ৰি হৈছে এনে এবিধ বেক্টেৰিয়া যিয়ে পেটৰ শ্লেষ্মা স্তৰৰ ক্ষতিসাধন কৰে, যাৰ ফলত এচিড পেটৰ বেৰলৈ গৈ পাই যাৰ ফলত আলচাৰ গঠন হ’ব পাৰে। কিছুমান কাৰণ উল্লেখ কৰা হ’ল-

বিষৰ ঔষধঃ আজিকালি বহুতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ বিষৰ ঔষধ খায়। কিন্তু ই অতি বেয়া। যদি কোনোৱে দীৰ্ঘদিন ধৰি এছপিৰিন, আইবুপ্ৰফেন আদি বিষৰ ঔষধ সেৱন কৰে তেন্তে পেটৰ সুৰক্ষা স্তৰ দুৰ্বল হৈ পৰে যাৰ ফলত ঘাঁ হ’ব পাৰে।

মচলাযুক্ত খাদ্যঃ আজিকালি বহুতে তেল-মচলাযুক্ত খাদ্য খায়। কিন্তু ই পেটৰ ঘাঁৰ সৃষ্ট কৰিব পাৰে। কিয়নো এই মচলাযুক্ত খাদ্য, জাংক ফুড আজিয়ে পেটৰ আৱৰণৰ ক্ষতি কৰি ঘাঁ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

মানসিক চাপঃ মানসিক চাপৰ ফলতো পেটৰ ভিতৰত ঘাঁ হ’ব পাৰে। দীৰ্ঘদিন মানসিক চাপ লৈ থাকিলে শৰীৰত এচিডৰ উৎপাদন বৃদ্ধি কৰে। যাৰ ফলত ঘাঁ হ’ব পাৰে।

মদ আৰু ধূমপানঃ মদ আৰু ধূমপান শৰীৰৰ বাবে বেয়া। ইয়াৰোপৰি ই পেটৰ আৱৰণক প্ৰভাৱিত কৰে। যাৰ বাবে ঘাঁ হ’ব পাৰে।

লক্ষণ

পেট জলা-পোৰা, বিষঃ খাদ্য খোৱাৰ পূৰ্বে বা পাছত পেটত বিষ, জলা-পোৰা আদি হ’ব পাৰে।

টেঙা উগাৰঃ টেঙা উগাৰ বাৰে বাৰে আহি থাকিলে ই পেটৰ ভিতৰত ঘাঁ হোৱাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ লগতে বুকু জলা-পোৰা লাগিব পাৰে।

বমিঃ পেটৰ ভিতৰত ঘাঁ হ’লে বাৰে বাৰে বমি বা বমি বমি ভাব হ’ব পাৰে।

ক’লা শৌচ বা তেজঃ পেটৰ ভিতৰত ঘাঁ হ’লে শৌচ ক’লা বা তেজ ওলাব পাৰে।

পৰিত্ৰাণৰ উপায়

  • মচলাযুক্ত খাদ্য পৰিহাৰ কৰক।
  • চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ ঔষধ নাখাব।
  • ধূমপান, সুৰাপান ত্যাগ কৰক।
  • মানসিক চাপ কম কৰক।
  • বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ চাউলৰ পৰা পোক আঁতৰ কৰাৰ ৫টা সহজ আৰু ঘৰুৱা উপায়, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...