খাদ্য খোৱাৰ পাছত পেট বিষ হয় নেকি? তেন্তে হ’ব পাৰে IBS ৰ লক্ষণ, জানক সবিশেষ…

বেয়া জীৱনশৈলীৰ বাবে আজিকালি বহুতে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। তাৰ ভিতৰত IBS এনে এক ৰোগ। গতিকে এই ৰোগৰ লক্ষণ, কাৰণ আৰু পৰিত্ৰাণৰ বিষয়ে জনা দৰকাৰ।

খাদ্য খোৱাৰ পাছত পেট বিষ হয় নেকি? তেন্তে হব পাৰে IBS ৰ লক্ষণ, জানক সবিশেষ...

পেট বিষ

Published: 

16 Mar 2025 21:15 PM

বেয়া জীৱনশৈলীৰ বাবে আজিকালি বহুতে স্বাস্থ্যজনিত সমস্যাত ভোগে। ইয়াৰ ভিতৰত পেটৰ বিষ, গেছৰ সমস্যা আদি সাধাৰণ কথা। কেতিয়াবা এই সমস্যাসমূহ সাধাৰণভাৱে লোৱা হয় যদিও পাছলৈ ই ডাঙৰ সমস্যা কৰিব পাৰে। কিছুমান লোকে খাদ্য খোৱাৰ পাছত পেটৰ বিষ, গেছ, বদহজম অনুভৱ কৰে। যদি এনে হয়, তেন্তে ইয়াক সহজভাৱে নল’ব।  এয়া ইৰিটেবল বাৱেল চিনড্ৰম (IBS)ৰ লক্ষণ হ’ব পাৰে। এই সমস্যাত পাচনতন্ত্ৰ সঠিকভাৱে কাম নকৰাৰ বাবে পেটৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধ আদিৰ বিষয়ে এই লেখাটোত উল্লেখ কৰা হ’ল।

ইৰিটেবল বাৱেল চিণ্ড্ৰম (IBS) হৈছে হজম শক্তিৰ লগত জড়িত সমস্যা, য’ত অন্ত্ৰই সঠিকভাৱে কাম নকৰে। ইয়াৰ ফলত পেটৰ বিষ, কোষ্ঠকাঠিন্য, ডায়েৰিয়া, গেছ আৰু ফুলাৰ দৰে সমস্যা হ’ব পাৰে। বহু সময়ত মানুহে ইয়াক সাধাৰণ সমস্যা বুলি আওকাণ কৰে, কিন্তু যদি এই সমস্যাটো দীৰ্ঘদিন ধৰি থাকে তেন্তে ই গুৰুতৰ ৰূপ ল’ব পাৰে।

লক্ষণ

  • খাদ্য খোৱাৰ পিছত পেটৰ বিষ , সঘনাই ডায়েৰিয়া বা কোষ্ঠকাঠিন্য হোৱা।
  • পেটত গেছ আৰু গধুৰতা, বিষ , কামোৰা আৰু অস্বস্তি আই বি এছৰ লক্ষণ হ’ব পাৰে।
  •  ভোক কমি যোৱা বা সোনকালে পেট পূৰ হোৱা  অনুভৱ কৰা ইয়াৰ লক্ষণ হ’ব পাৰে।
  •  খাদ্য খোৱাৰ লগে লগে শৌচাগাৰলৈ যোৱাৰ প্ৰয়োজন অনুভৱ কৰা  আই বি এছৰ লক্ষণ হ’ব পাৰে।
  • যদি আপোনাৰ লগত এনেকুৱা পৰিস্থিতি হয় তেন্তে ইয়াক আওকাণ নকৰিব। লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰাৰ প্ৰয়োজন।

কাৰণ

ইৰিটেবল বাৱেল চিনড্ৰম অৰ্থাৎ আই বি এছ হৈছে পাচনতন্ত্ৰৰ সৈতে জড়িত সমস্যা। ভজা বস্তু , মচলাযুক্ত খাদ্য-সামগ্ৰী দীৰ্ঘদিন ধৰি সেৱন কৰিলে এই অৱস্থাৰ সৃষ্টি হয়। বেছিকৈ টেঙা আৰু তিতা খাদ্য খালে আই বি এছৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও মানসিক চাপ আৰু উদ্বেগ ইয়াৰ কাৰণ হ’ব পাৰে।

মানসিক চাপৰ ফলত অন্ত্ৰত প্ৰভাৱ পৰে, যাৰ ফলত এই সমস্যা বৃদ্ধি পাব পাৰে । একে সময়তে সঠিক সময়ত খাদ্য গ্ৰহণ নকৰা, পৰ্যাপ্ত পৰিমাণে টোপনি নহা আৰু ব্যায়াম নকৰাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। কিছুমান মানুহৰ গাখীৰ বা দুগ্ধজাত সামগ্ৰী হজম কৰাত অসুবিধা হয়, যাৰ ফলত আই বি এছৰ লক্ষণ বৃদ্ধি পাব পাৰে।

কেনেকৈ পাব ৰক্ষা

  • ফাইবাৰযুক্ত খাদ্য খাব: দাইল, সেউজীয়া শাক-পাচলি, ফল-মূল আৰু দালি খাব।
  • প্ৰচেছড ফুড পৰিহাৰ কৰক:- ভজা, মচলা আৰু জাংক ফুড কমকৈ খাব।
  • পানী বেছিকৈ খাব লাগে:- দিনটো কমেও ৮-১০ গিলাচ পানী খাব লাগে।
  • মানসিক চাপ কমাব:- যোগাসন, ধ্যান আৰু লঘু ব্যায়ামৰ দ্বাৰা মনক শান্ত কৰি ৰাখক।
    কেফেইন আৰু মিঠা পানীয় পৰিহাৰ কৰক:- চাহ, কফি, শীতল পানীয় আৰু মিঠাইৰ সেৱন কম কৰক।
  • লাহে লাহে আহাৰ গ্ৰহণ কৰক:- খৰখেদাকৈ খালে পেটত গেছ হ’ব পাৰে।

যদি পেটৰ বিষ, কোষ্ঠকাঠিন্য বা ডায়েৰিয়া দীৰ্ঘদিন ধৰি থাকে আৰু ঘৰুৱা উপায়ে সকাহ নিদিয়ে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰি তেওঁৰ নিৰ্দেশনা পালন কৰক।

 

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension