পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক ৫টা লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ থাকে। তাৰ ভিতৰত পেটৰ কৰ্কট ৰোগ অন্যতম। যি ভাৰতত মৃত্যুৰ দ্বিতীয় ডাঙৰ কাৰণ হিচাপে পৰিগণিত হৈছে। এই ৰোগ হোৱাৰ সময়ত কিছুমান লক্ষণে দেখা দিয়ে।

পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক ৫টা লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

পেটৰ কৰ্কট ৰোগৰ লক্ষণ

Updated On: 

30 Jul 2025 | 08:34 PM

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিছুমান এনে ৰোগ আছে যি সময়মতে চিনাক্ত নহ’লে মাৰাত্মক হ’ব পাৰে। পেটৰ কৰ্কট ৰোগ (Stomach Cancer) বা গেষ্ট্ৰিক কেন্সাৰো এক গুৰুতৰ ৰোগ। পেটত ভিতৰৰ আৱৰণৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হৈ টিউমাৰৰ ৰূপ লয়। পাছলৈ ই কৰ্কট ৰোগ হয়। এই ৰোগ ক্ৰমান্বয়ে পেটৰ লগতে আন অংগ যেনে যকৃত, হাওঁফাওঁ আৰু অগ্নাশয়লৈ বিয়পিব পাৰে। এই কেন্সাৰ সাধাৰণতে পেটৰ শ্লেষ্মা উৎপাদনকাৰী কোষৰ পৰা আৰম্ভ হয়। কোষৰ DNA ত হোৱা মিউটেশ্যনৰ বাবে ই এনেকৈ বৃদ্ধি পায়।

এই কৰ্কট ৰোগ ভাৰতৰ চতুৰ্থ সৰ্বাধিক সাধাৰণ কৰ্কট ৰোগ আৰু মৃত্যুৰ দ্বিতীয় ডাঙৰ কাৰণ হিচাপে পৰিগণিত হৈছে। ই এক গুৰুতৰ ৰোগ। গতিকে প্ৰথম অৱস্থাত এই ৰোগ চিনাক্ত কৰিব পাৰিলে ভাল। এই লেখাটোত ৫ টা এনে লক্ষণৰ বিষয়ে উল্লেখ কৰা হৈছে যি পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ।

১)অনবৰত পেট বিষঃ যদি অনবৰত পেটৰ বিষ, জলন, গধুৰ অনুভৱ হয় আৰু কোনো কাৰণ নোহোৱাকৈ এই বিষ হয় তেন্তে ইয়াক আওকান কৰা উচিত নহয়। ই পেটৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে।

2)কমকৈ ভোক লগা আৰু পেট ভৰ্তিঃ যদি আপোনাৰ খাদ্যৰ ৰুচি কমি যায় বা কম খোৱাৰ লগে লগে পেট ভৰ্তিৰ দৰে অনুভৱ হয় তেন্তে ই পেটৰ কৰ্কট ৰোগৰ সংকেত হ’ব পাৰে। দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

৩)ওজন কমঃ যদি কোনো ডায়েট বা ব্যায়াম নকৰাকৈ ওজন হ্ৰাস পাই তেন্তে ই পেটৰ ভিতৰুৱা কোনো ৰোগৰ সংকেত হ’ব পাৰে। পেটৰ কৰ্কট ৰোগত শৰীৰৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি হ’ব পাৰে, যাৰ বাবে ওজন কমে।

৪)শৌচ কলা বা তেজঃ যদি শৌচ কলা হয় বা তেজ ওলাই তেন্তে ই অভ্যান্তৰীণ ৰক্তাক্ষৰণৰ সংকেত হ’ব পাৰে। এনে হ’লে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

৫)বমিঃ যদি কোনো কাৰণ নোহোৱাকৈ বমি আহি থাকে বা বমি অনুভৱ হয় তেন্তে ই পাচনতন্ত্ৰৰ সমস্যাৰ সংকেত হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।

পেটৰ কৰ্কট ৰোগ লাহে লাহে গুৰুতৰ ৰূপ লয়। গতিকে আপোনাৰ শৰীৰতো যদি এনে লক্ষণে দেখা দিছে তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱা দৰকাৰ। ইয়াৰোপৰি এই বিষয়ত অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ হেপাটাইটিছ A আৰু E ত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব