পেটৰ কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত দেখা দিয়ে এই তিনিটা প্ৰধান লক্ষণ, জানি লওক বিশেষজ্ঞৰ পৰা
বিশেষকৈ ৫০ বছৰৰ ওপৰৰ মহিলাতকৈ পুৰুষৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। অত্যধিক ধূমপান, মদ্যপান, অত্যধিক নিমখীয়া বা মছলাযুক্ত খাদ্য আৰু H. pylori বেক্টেৰিয়াৰ সংক্ৰমণে এই আশংকা বৃদ্ধি কৰে।

কৰ্কট ৰোগ (প্ৰতিনিধিত্বমূলক ছবি)
সাম্প্ৰতিক সময়ত কৰ্কট অৰ্থাৎ কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। এই কৰ্কট ৰোগ ভিন্ন প্ৰকাৰৰ হ’ব পাৰে। পেটৰ কৰ্কট ৰোগো এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। এই কৰ্কট ৰোগ লাহে লাহে বিকশিত হয় আৰু প্ৰাৰম্ভিক পৰ্যায়ত আক্ৰান্ত লোকজনে প্ৰায়ে লক্ষণসমূহ লক্ষ্য নকৰাকৈয়ে থাকে। সেয়ে পিছলৈ ৰোগৰ বিপদশংকা অধিক হৈ পৰে। বিশেষকৈ ৫০ বছৰৰ ওপৰৰ মহিলাতকৈ পুৰুষৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। অত্যধিক ধূমপান, মদ্যপান, অত্যধিক নিমখীয়া বা মছলাযুক্ত খাদ্য আৰু H. pylori বেক্টেৰিয়াৰ সংক্ৰমণে এই আশংকা বৃদ্ধি কৰে।
পেটৰ কৰ্কট ৰোগ কিয় হয়
কেইবাটাও কাৰণত পেটৰ কৰ্কট ৰোগ হ’ব পাৰে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস যেনে অত্যধিক নিমখ, তেল, প্ৰচেছড খাদ্য আদিয়ে পেটৰ কোষৰ ক্ষতি কৰে। H. pylori বেক্টেৰিয়াৰ দ্বাৰা দীৰ্ঘদিন ধৰি সংক্ৰমণ হ’লে পেটৰ আৱৰণত প্ৰদাহ হয় আৰু লাহে লাহে ককৰ্ক ৰোগ হ’ব পাৰে। ধূমপান আৰু মদ্যপানেও পেটৰ কোষৰ পৰিৱৰ্তন ঘটায়, যাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
জিনীয় কাৰক, মেদবহুলতা, দীৰ্ঘদিনীয়া গেষ্ট্ৰিক বা আলচাৰৰ সমস্যা আদিও পেটৰ কৰ্কট ৰোগৰ কিছুমান প্ৰধান কাৰণ হিচাপে পৰিগণিত হয়। যিসকল লোকৰ দৈনন্দিন জীৱনৰ খাদ্য তালিকাত অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰয়োভৰ অধিক তথা শাক-পাচলি আৰু ফল-মূলৰ অন্তৰ্ভুক্তি কম, তেওঁলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে।
পেটৰ কৰ্কট ৰোগৰ তিনিটা প্ৰধান লক্ষণ
দিল্লী এমচিডিৰ চিকিৎসক ডাঃ অজয় কুমাৰে জানিবলৈ দিছে পেটৰ কৰ্কট ৰোগৰ তিনিটা প্ৰধান লক্ষণ। তেওঁ উল্লেখ কৰা এই তিনিটা লক্ষণ হৈছে নিয়মীয়াকৈ হোৱা পেটৰ বিষ, ভোক কমি যোৱা আৰু অস্পষ্টভাৱে ওজন কমি যোৱা। প্ৰাৰম্ভিক অৱস্থাত এই লক্ষণসমূহ সাময়িক যেন অনুভৱ কৰাৰ বাবে প্ৰায়ে অৱজ্ঞা কৰা হয়। কিন্তু পিছলৈ এয়া হৈ পৰে অতি বিপজ্জনক।
কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ লগে লগে ৰোগীয়ে সামান্য পৰিমাণৰ খাদ্য খোৱাৰ পিছতো পেট ভৰি থকা অনুভৱ কৰা, সঘনাই বমি হোৱা, পেট ফুলা আদি লক্ষণ দেখা দিব পাৰে। কিছুমান ক্ষেত্ৰত খাদ্য–পানী গিলিবলৈ অসুবিধা, গধুৰ ভাৱ আৰু স্থায়ী ভাগৰ আদিও হ’ব পাৰে। যদি কৰ্কট ৰোগ অন্ত্ৰৰ আৱৰণ পৰ্যন্ত বিয়পি পৰে, তেতিয়া মল ক’লা হ’ব পাৰে বা লগত তেজ ওলাব পাৰে, বমিত তেজ থাকিব পাৰে।
পেটৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত দেখা দিয়া আন কিছুমান লক্ষণ হৈছে দুৰ্বলতা, ৰক্তহীনতা, পেট ফুলা আদি। যদি এই লক্ষণসমূহ চাৰিৰ পৰা ছয় সপ্তাহতকৈ অধিক সময় ধৰি থাকে, তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপা উচিত। দৈনন্দিন জীৱনশৈলীৰ কিছু পৰিৱৰ্তন ঘটাই নিজকে এনে ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে।
কিদৰে প্ৰতিৰোধ কৰিব–
ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক।
সুষম আৰু সতেজ খাদ্য গ্ৰহণ কৰক।
অত্যধিক নিমখ, তেল বা প্ৰচেছড খাদ্য পৰিহাৰ কৰক।
ফল–মূল আৰু সেউজীয়া শাক-পাচলি খোৱাৰ পৰিমাণ বৃদ্ধি কৰক।
আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক আৰু নিয়মিতভাৱে ব্যায়াম কৰক।
দীৰ্ঘদিনীয়া গেষ্ট্ৰিক বা আলচাৰৰ সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।
নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি থাকিব।