কোষ্ঠকাঠিন্যৰ ফলত হ’ব পাৰে নেকি পেটৰ কৰ্কট ৰোগ? চিকিৎসকৰ পৰা জানক…

আজিৰ সময়ত বহু মানুহে পেটৰ লগত জড়িত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। বহুতৰে পেটৰ কৰ্কট ৰোগো হোৱা দেখা যায়। কোষ্ঠকাঠিন্যৰ ফলত পেটৰ কৰ্কট ৰোগ হ’ব পাৰে, এই সন্দৰ্ভত সবিশেষ জনাইছে বিশেষজ্ঞই।

কোষ্ঠকাঠিন্যৰ ফলত হব পাৰে নেকি পেটৰ কৰ্কট ৰোগ? চিকিৎসকৰ পৰা জানক...

পেটৰ কৰ্কট ৰোগৰ কাৰণ, লক্ষণ

Published: 

09 Jan 2026 | 09:34 AM

বৰ্তমান সময়ত পেটৰ কৰ্কট ৰোগী (Stomach Cancer)ৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। যেতিয়া পেটৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ ধৰে তেতিয়া পেটৰ কৰ্কট ৰোগ হোৱা বুলি কয়। এই ৰোগ হ’লে পেটৰ স্বাভাৱিক কাম প্ৰভাৱিত হয়। ইয়াৰ ফলত পেটৰ কাৰ্যক্ষমতা দুৰ্বল হৈ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিকালি বহুতৰে কৌষ্ঠকাঠিন্যৰ সমস্যা হোৱা দেখা যায়, যিয়ে পেটৰ স্বাস্থ্যক প্ৰভাৱিত কৰে। দীৰ্ঘদিন এনে সমস্যা হ’লে পেটৰ লগত জড়িত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰশ্ন হয়,কোষ্ঠকাঠিন্য হ’ব পাৰে নেকি পেটৰ কৰ্কট ৰোগৰ লক্ষণ?

কাৰণ

এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে। তেওঁ কয় যে, পেটৰ কোষ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ ধৰিলে এই ৰোগ হয়। এই কোষবোৰে স্বাভাৱিক কাৰ্যক্ষমতা প্ৰভাৱিত কৰি পেটৰ চাৰিওফালৰ অংশৰ ক্ষতি কৰে। ইয়াৰ বহু কাৰণ আছে। বয়স বৃদ্ধি আৰু পাৰিবাৰিক ইতিহাসো এই ৰোগৰ কাৰণ হ’ব পাৰে।

ইয়াৰোপৰি বেছি তেল-মচলাযুক্ত খাদ্য, প্ৰচেছড খাদ্য, ধূমপান, মদ্যপান আদিয়ে পেটৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়। এইচ পাইলৰি বেক্টেৰিয়াৰ দৰে পেটৰ সংক্ৰমণেও কেন্সাৰ সৃষ্টি কৰিব পাৰে। গতিকে দীৰ্ঘদিন ধৰি পেটৰ সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।

কোষ্ঠকাঠিন্য হ’ব পাৰে নেকি কাৰণ?

কোষ্ঠকাঠিন্য অৰ্থাৎ শৌচ কৰাৰ সময়ত অসুবিধা হ’লে পেটৰ স্বাভাৱিক কাম-কাজত প্ৰভাৱ পৰিব পাৰে। দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্যৰ সমস্যাত পৰিলে ই পেটৰ আভ্যন্তৰীণ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। কোষ্ঠকাঠিন্যৰ ফলত খাদ্য পেটত দীৰ্ঘদিন ধৰি থাকে, যাৰ ফলত পেটৰ কোষত বেয়া প্ৰভাৱ পৰে। দীৰ্ঘদিনৰ কৌষ্ঠকাঠিন্যই গেছ, বদহজম, পেট ফুলা আদি বৃদ্ধি কৰে। কোষ্ঠকাঠিন্যৰ ফলত প্ৰত্যক্ষভাৱে পেটৰ কৰ্কট ৰোগ নহয় যদিও ই পেটৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰে। গতিকে কোষ্ঠকাঠিন্য হলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

লক্ষণ

  • পেটৰ জ্বলা-পোৰা
  • অলপ খাদ্য খোৱাৰ পাছতে পেট ভৰ্তি অনুভৱ।
  • ভোক কমকৈ লগা।
  • কাৰণ নোহোৱাকৈ ওজন হ্ৰাস।
  • বমি, বমি ভাব।
  • শৌচ কলা, কেতিয়াবা তেজ অহা।
  • ভাগৰ আদি।

গুৰুত্বপূৰ্ণ

  • ফাইবাৰযুক্ত খাদ্য খাওক।
  • পৰ্যাপ্ত পৰিমাণে পানী খাব।
  • ভাল খাদ্য খাওক।
  • ব্যায়াম কৰিব।
  • কোষ্ঠকাঠিন্য বা পেটৰ অস্বস্তি অনুভৱ কৰিলে তৎকালীন চিকিৎসকৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ শীতকালত বৃদ্ধি পাই মিঠা খোৱাৰ ইচ্ছা! ডায়েবেটিছ ৰোগীয়ে কেনেকৈ নিয়ন্ত্ৰণ কৰিব চুগাৰ, চিকিৎসকৰ পৰা জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...