শাক-পাচলি, ফল-মূলৰ পৰা কিদৰে আঁতৰাব ৰাসায়নিক পদাৰ্থ! চাওক কিছু সহজ উপায়

শাক-পাচলি, ফল-মূলৰ উপৰিও আন বহু বস্তুতে সাম্প্ৰতিক সময়ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থসমূহ আমাৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক। শাক-পাচলি, ফল-মূল তথা আন খাদ্যবস্তুৰ পৰা ৰাসায়নিক পদাৰ্থ আঁতৰ কৰিব পৰা কিছুমান সহজ টিপছ চাওঁ আহক।

শাক-পাচলি, ফল-মূলৰ পৰা কিদৰে আঁতৰাব ৰাসায়নিক পদাৰ্থ! চাওক কিছু সহজ উপায়

প্ৰতিনিধিত্বমূলক ছবি

Published: 

14 Mar 2025 | 06:57 PM

বজাৰৰ পৰা ক্ৰয় কৰি অনা শাক-পাচলি বা ফল-মূলত অতি মাত্ৰা ৰাসায়নিক পদাৰ্থ থাকে বুলি সততে অভিযোগ শুনা যায়। কেতিয়াবা এনে শাক-পাচলি বা ফল-মূল কিছুদিন ঘৰত থোৱাৰ পিছতে আচৰিত ধৰণে গেলি যোৱাও দেখিবলৈ পোৱা যায়। এনে দৃশ্যই এই খাদ্যবস্তুসমূহত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ স্পষ্ট ইংগিত দিয়ে। শাক-পাচলি, ফল-মূলৰ উপৰিও আন বহু বস্তুতে সাম্প্ৰতিক সময়ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। উৎপাদন বৃদ্ধিৰ লগতে পোক-পৰুৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ খাদ্যবস্তুত বিভিন্ন ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়।

এই ৰাসায়নিক পদাৰ্থসমূহ আমাৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক। দীঘলীয়া সময় ধৰি এনে ৰাসায়নিক পদাৰ্থসমূহ খাদ্যৰ জৰিয়তে আমাৰ দেহত প্ৰৱেশ কৰিলে শৰীৰৰ বহু ক্ষতি হোৱাৰ আশংকা থাকে। গতিকে খাদ্যবস্তুৰ পৰা এনে পদাৰ্থসমূহ আঁতৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়। পিছে শাক-পাচলি, ফল-মূল তথা আন খাদ্যবস্তুৰ পৰা ৰাসায়নিক পদাৰ্থ কিদৰে আঁতৰ কৰিব পাৰি, সেই বিষয়ে জানিব লাগিব। এনে কিছু সহজ টিপছ চাওঁ আহক-

শাক-পাচলি ৰন্ধাৰ পূৰ্বে কুহুমীয়া পানীত ভালদৰে ধুলে বিষাক্ত পদাৰ্থ আঁতৰি যাব। ঠাণ্ডা পানীৰে ধুলে কীটনাশক সঠিকভাৱে আঁতৰি নাযায় আৰু অতি গৰম পানীৰে ধুলে খাদ্যবস্তুবিধৰ নষ্ট হ’ব পাৰে। সেয়ে কুহুমীয়া পানী ব্যৱহাৰ কৰা উচিত। একেদৰে ফল খোৱাৰ পূৰ্বেও কুহুমীয়া পানীৰে ধুই খাব লাগে। এটা পাত্ৰত পানী লৈ আধা চামুচ নিমখ দিব। এতিয়া সেই পানী উতলাই মিহলাই লওক, যাতে সকলো নিমখ ভালদৰে মিহলি হয়।

এতিয়া এই নিমখীয়া পানীত ফলমূল আৰু শাক-পাচলি ভালদৰে ধুই লওক আৰু তাৰ পিছত টেপৰ পানীৰে ধুই লওক। আপোনাৰ খাদ্য ৰাসায়নিক পদাৰ্থমুক্ত হ’ব। ফলমূল আৰু শাক-পাচলি পাতল ভিনেগাৰত এটা ডাঙৰ বাটিত কিছু সময় তিয়াই থব পাৰে। তাৰ পিছত ঠাণ্ডা পানীৰে ধুই খাব পাৰে।

বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলিৰ বাকলি গুচাই খাব পাৰি। এনে খাদ্য ভালকৈ ধুই বাকলি গুচাই পুনৰ পানীত ধুই ল’ব লাগে। এচামুচ নেমুৰ ৰস আৰু দুচামুচ বেকিং ছ’ডা ভালদৰে মিহলাই লওক। এই মিশ্ৰণটো প্ৰায় একাপ পানীৰ লগত মিহলাই পাতল কৰি লওক। বটলত ভৰাই ঠাণ্ডা ঠাইত ৰাখিব। এই মিশ্ৰণটো ফল-মূল আৰু শাক-পাচলিৰ ওপৰত ব্যৱহাৰৰ পূৰ্বে স্প্ৰে’ কৰি ল’ব পাৰে।

পানীৰে ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ এখন গৰম পানীত তিয়াই ফল-মূলৰ পৃষ্ঠভাগ ভালদৰে মচিব লাগে। পানীৰে ধোৱাৰ পিছতো যদি খাদ্যবস্তুবিধত কোনো অপকাৰী পদাৰ্থ লাগি থাকে, তেতিয়া সেয়া দূৰ হ’ব। এইদৰে কিছুমান সহজ পদ্ধতি ব্যৱহাৰ কৰি খাদ্যৰ পৰা ৰাসায়নিক পদাৰ্থ দূৰ কৰিব পাৰে আৰু আপোনাৰ দেহক সম্ভাৱ্য কিছুমান অপকাৰিতাৰ পৰা ৰক্ষা কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...