Sodium deficiency : উচ্চ ৰক্তচাপৰ ভয়ত নিমখ খোৱা কমাই দিছে নেকি ! ছডিয়ামৰ অভাৱৰ হ’লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে ? জানক

অত্যাধিক নিমখ খোৱাটো স্বাস্থ্যৰ বাবে যিমান ক্ষতিকাৰক, নিমখৰ পৰিমাণ কমাই দিয়াটোও সমানেই ক্ষতিকাৰক। বিশেষজ্ঞৰ মতে, যদি আপুনি কম পৰিমাণে নিমখ খায় তেন্তে ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

Sodium deficiency : উচ্চ ৰক্তচাপৰ ভয়ত নিমখ খোৱা কমাই দিছে নেকি ! ছডিয়ামৰ অভাৱৰ হলে শৰীৰত কি কি লক্ষণে দেখা দিয়ে ? জানক

শৰীৰত ছডিয়ামৰ অভাৱৰ লক্ষণবোৰ কি কি ?

Updated On: 

09 Nov 2024 | 05:23 PM

প্ৰয়োজনতকৈ বেছি নিমখ খালে ৰক্তচাপ বা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা থাকে । উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগি থকা লোকসকলক চিকিৎসকে প্ৰায়ে নিখম খোৱাটো হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়ে । মনকৰিবলগীয়া যে, অত্যাধিক নিমখ খোৱাটো স্বাস্থ্যৰ বাবে যিমান ক্ষতিকাৰক, নিমখৰ পৰিমাণ কমাই দিয়াটোও সমানেই ক্ষতিকাৰক। বিশেষজ্ঞৰ মতে, যদি আপুনি কম পৰিমাণে নিমখ খায় তেন্তে ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

বিশেষজ্ঞসকলে কয় যে, শৰীৰত ছডিয়ামৰ অভাৱ হ’লে শৰীৰে বহু সংকেত দিয়ে। শৰীৰত ছডিয়ামৰ লক্ষণ কি আৰু এদিনত কিমান নিমখ সেৱন কৰিব লাগে এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ।

মূৰৰ বিষ হোৱা

শৰীৰত ছডিয়ামৰ অভাৱৰ বাবে এজন ব্যক্তিৰ মূৰৰ বিষ হ’ব পাৰে। নিমখত ছডিয়াম থাকে আৰু যেতিয়া আমাৰ শৰীৰত ছডিয়াম কমিবলৈ আৰম্ভ কৰে তেতিয়া শৰীৰত অত্যাধিক পানীৰ প্ৰয়োজন হয়। ইয়াৰ ফলত সঘনাই মূৰৰ বিষ হয়।

ভাগৰ আৰু দুৰ্বলতা

শৰীৰত ছডিয়ামৰ অভাৱৰ বাবে স্নায়ুৰ কাৰ্য্যক্ষমতা আৰু পেশীবোৰে সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয়। এনে অৱস্থাত আপুনি ভাগৰুৱা অনুভৱ কৰি থাকিব। ইয়াৰ বাহিৰেও শৰীৰত দুৰ্বলতা আৰু শক্তিৰ অভাৱ অনুভৱ কৰি থাকিব পাৰে।

ভোক কমি যোৱা

ছডিয়ামৰ অভাৱৰ বাবে ভোক কমি যোৱাৰ সমস্যা সৃষ্টি হ’ব পাৰে । বিশেষজ্ঞসকলে কয় যে, শৰীৰত ছডিয়াম কম হোৱাৰ বাবে ভোক কমি যায়। ইয়াৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে আৰু শৰীৰে উপযুক্ত পুষ্টি নাপায়।

মূৰ ঘূৰণি

যেতিয়া আপুনি প্ৰয়োজনীয় নিমখ নাখায়, তেতিয়া নিম্ন ৰক্তচাপৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। এনে পৰিস্থিতিত এজন লোকৰ সঘনাই মূৰ ঘূৰণি সমস্যা হ’বলৈ আৰম্ভ কৰে। নিম্ন ৰক্তচাপ উচ্চ ৰক্তচাপৰ দৰেই বিপদজনক।

দৈনিক কিমান নিমখ খাব লাগে ?

বিশ্বৰ স্বাস্থ্য সংস্থাৰ মতে সাধাৰণতে এজন প্ৰাপ্তবয়স্কই দৈনিক ৫ গ্ৰাম পৰ্যন্ত নিমখ খাব লাগে। ইয়াতকৈ অধিক ছডিয়ামে ক্ষতি কৰিব পাৰে। উল্লেখ্য যে, শৰীৰত ছডিয়ামৰ অভাৱ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...