ভৰিৰ তলত গাৰু লৈ শুৱা ভাল নে বেয়া? জানক চিকিৎসকৰ পৰা…

বহু মানুহৰ শুৱাৰ অভ্যাস বেলেগ বেলেগ। কিছুমানে ভৰিৰ মাজত গাৰু লৈ শুৱা দেখা যায়। পিছে প্ৰশ্ন হৈ, ভৰিৰ তলত গাৰু লৈ শুৱা ভাল নে বেয়া। এই বিষয়ে ক'লে স্বাস্থ্য বিশেষজ্ঞই।

ভৰিৰ তলত গাৰু লৈ শুৱা ভাল নে বেয়া? জানক চিকিৎসকৰ পৰা...

ভৰিৰ বিষ

Published: 

16 Jul 2025 | 03:42 PM

আজিকালি প্ৰায়ভাগ মানুহে কঁকালৰ বিষ, ভাগৰ, মেৰুদণ্ডৰ লগত জড়িত বিভিন্ন সমস্যাত ভুগি আছেে। ইয়াৰ বাবে বহুতে দামী ঔষধ খায় বা থেৰাপী লয়। কিন্তু আমি আমাৰ টোপনিৰ বিষয়টো গুৰুত্ব নিদিও। শুৱাৰ বিভিন্ন প্ৰকাৰ থাকে। কিছুমান অৱস্থাত শুৱা শৰীৰৰ বাবে ভাল আনহাতে কিছুমান অৱস্থাত শুৱা শৰীৰৰ বাবে বেয়া। বহুতে ভৰিৰ তলত গাৰু দি শুৱা দেখা যায়। ই আপোনাৰ মেৰুদণ্ডক ভাল সমৰ্থন দিব পাৰে। ই পুৱা সতেজ অনুভৱ কৰাত সহায় কৰিব পাৰে। এই অভ্যাস অতি সাধাৰণ যেন লাগে, কিন্তু ই বহু উপকাৰ কৰিব পাৰে।

যেতিয়া আমি পোনে পোনে শুই আঁঠুৰ তলত গাৰু এটা ৰাখো তেতিয়া মেৰুদণ্ডই নিজৰ প্ৰাকৃতিক আকৃতিত সমৰ্থন পায়। সাধাৰণতে সমৰ্থন অবিহনে শুই থাকিলে কঁকালৰ তলৰ অংশত চাপৰ সৃষ্টি হয়, যাৰ ফলত বিষ বা জঠৰতা হ’ব পাৰে। ভৰিৰ তলত গাৰু ৰখাৰ ফলত মেৰুদণ্ডৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে কঁকালৰ বিষৰ সম্ভাৱনাও কমি যায়।

মেক্স হাস্পতালৰ অৰ্থপেডিক বিভাগৰ ইউনিট হেড ডাঃ অখিলেশ যাদৱে কয় যে ভৰিৰ তলত বিশেষকৈ আঁঠুৰ তলত গাৰু লৈ শুই থকাটো উপকাৰী। ভৰি দুখন অলপ ওখকৈ ৰাখিলে শৰীৰত ৰক্ত সঞ্চালন ভাল হয়। বিশেষকৈ গোটেই দিনটো থিয় হৈ বা খোজ কঢ়াৰ ফলত ভৰিৰ ফুলা বা গধুৰতা হয়, এনে অৱস্থাত গাৰু ৰাখিলে লাহে লাহে এই সমস্যা কমিবলৈ আৰম্ভ কৰে। এই পদ্ধতিৰে ভেৰিকোজ ভেইন, ভৰিৰ ভাগৰ আৰু ভৰিৰ জ্বলা-পোৰা আদি সমস্যাৰ পৰাও উপশম পোৱা যায়। সঠিক তেজৰ সোঁতৰ বাবে শৰীৰেও সকাহ পায় আৰু হৃদযন্ত্ৰৰ ওপৰত বিশেষ চাপ নাথাকে।

 পেশীবোৰ শিথিল হৈ থাকে

যিসকলে স্লিপ ডিস্ক, স্পণ্ডাইলাইটিছ বা মেৰুদণ্ডৰ লগত জড়িত অন্যান্য সমস্যাত ভুগিছে তেওঁলোকে শুৱাৰ সময়ত এনেদৰে গাৰু ৰাখিব পাৰে। ইয়াৰ ফলত মেৰুদণ্ডত চাপ নাথাকে আৰু গোটেই ৰাতি শৰীৰৰ পেশীবোৰ শিথিল হৈ থাকে। এটা ফালে শুৱাসকলৰ বাবেও ই উপকাৰী, কিয়নো ইয়াৰ ফলত ভৰিৰ নিতম্ব আৰু মেৰুদণ্ড সৰলৰেখাত থাকে।

লঘু, কোমল গাৰু ব্যৱহাৰ কৰক

গাৰুটো বেছি ওখ বা বেছি কঠিন হ’ব নালাগে। লঘু, কোমল আৰু শৰীৰক সহায় কৰা গাৰু ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উচ্চতা এনেকুৱা হ’ব লাগে যাতে ই আঁঠুৰ তললৈ আহি সামান্য ওখ কৰি ৰাখিব পাৰে, যাৰ ফলত কঁকাল আৰু মেৰুদণ্ডই সকাহ পায়।

টোপনি আৰু শৰীৰ দুয়োটাৰে বাবে আৰাম

যদি আপুনি ঔষধ অবিহনে আপোনাৰ মেৰুদণ্ডৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে, ভৰিৰ ভাগৰ কম কৰিব বিচাৰে আৰু টোপনি আৰামদায়ক কৰিব বিচাৰে, তেন্তে ভৰিৰ তলত গাৰু লৈ শুবলৈ চেষ্টা কৰক। ই আপোনাক বহু সমস্যাৰ পৰা সকাহ প্ৰদানত সহায় কৰিব।

 

 

অন্য খবৰ পঢ়কঃ সঘনাই চৰ্দি-কাহ হৈ থাকে নেকি? হ’ব পাৰে জিংকৰ অভাৱৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব