শুই উঠাৰ পাছত মূৰ গধুৰ গধুৰ লাগে নেকি? চিকিৎসকৰ পৰা জানক কাৰণ…

ভাল টোপনিয়ে মানুহক সতেজ আৰু শক্তিশালী কৰি ৰাখে। কিন্তু কেতিয়াবা টোপনিৰ পাছতো মূৰ গধুৰ গধুৰ অনুভৱ হৈ থাকে। কেতিয়াবা এনে হোৱা সাধাৰণ কথা। দীৰ্ঘদিন এনে হোৱা এক চিন্তাৰ বিষয়।

শুই উঠাৰ পাছত মূৰ গধুৰ গধুৰ লাগে নেকি? চিকিৎসকৰ পৰা জানক কাৰণ...

মূৰ বিষ

Published: 

25 Jan 2026 | 04:18 PM

ভাল টোপনিয়ে মানুহৰ স্বাস্থ্য ভালে ৰাখে। সেয়ে টোপনি সম্পূৰ্ণ হোৱাৰ পাছত মানুহে শৰীৰ আৰু মন সতেজ অনুভৱ কৰে। কিন্তু কেতিয়াবা ভাল টোপনিৰ পাছতো মূৰ গধুৰ লাগি থাকে আৰু এলাহ অনুভৱ হয়। এনে অৱস্থাত পুৱা ভাগৰুৱা, খিংখিঙীয়া বা একাগ্ৰতাৰ অভাৱ হ’ব পাৰে। সকলো সময়তে এয়া সাধাৰণ নহ’ব পাৰে, ই শাৰীৰিক সমস্যাৰ ইংগিত হোৱাৰ সম্ভাৱনা থাকে। দীৰ্ঘদিন এনে সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

মূৰ গধুৰ কিয় লাগে?

এই সন্দৰ্ভত সবিশেষ জনাইছে আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে। তেওঁ কয় যে, টোপনিৰ মানদণ্ড ভাল নোহোৱাৰ ফলতো মূৰ গধুৰ লাগিব পাৰে। গভীৰ নিশালৈকে ফোন ব্যৱহাৰ কৰিলে টোপনিত প্ৰভাৱ পৰে। ইয়াৰোপৰি মানসিক চাপ, উদ্বেগে টোপনিৰ সময়তো মনটোক সক্ৰিয় কৰি ৰাখে। যাৰ বাবে পুৱা ভাগৰুৱা অনুভৱ হয়। ডিহাইড্ৰেশ্যনৰ ফলতো মূৰ গধুৰ হ’ব পাৰে।

ইমানেই নহয়, ভুল গাৰু, শোৱাৰ বেয়া ভংগীমাই ডিঙি আৰু মূৰৰ পেশীবোৰ টান কৰিব পাৰে। ইয়াৰোপৰি নাক বন্ধ, চাইনাছৰ সমস্যা বা অক্সিজেনৰ অভাৱেও এই সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। কিছুমান ক্ষেত্ৰত হৰম’নৰ পৰিৱৰ্তন বা দৈনন্দিন কাম-কাজ বেয়া হোৱাৰ ফলতো মূৰ গধুৰ হ’ব পাৰে।

আন কি কি সমস্যা হ’ব পাৰে?

মূৰ গধুৰ হোৱাৰ লগতে ভাগৰুৱা, মূৰ ঘূৰোৱা, চকুত জ্বলা-পোৰা, মনোযোগৰ অসুবিধা হব পাৰে। ইয়াৰোপৰি পুৱা সাৰ পোৱাৰ পাছত খিংখিঙীয়া বা অস্থিৰতাও অনুভৱ হয়। এই সমস্যা দীৰ্ঘদিন হৈ থাকিলে ৰৰ বিষ, ডিঙিৰ জঠৰতা, ক্লান্তি হোৱাক সম্ভাৱনা থাকে।

প্ৰতিৰোধৰ উপায়

  • শোৱা আৰু উঠাৰ এটা সময় নিৰ্ধাৰণ কৰক।
  • শোৱাৰ আগতে স্ত্ৰীণ ব্যৱহাৰ নকৰিব।
  • প্ৰচুৰ পৰিমাণে পানী খাব।
  • সুষম খাদ্য খাব।
  • মানসিক চাপ কম কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

 

অন্য খবৰ পঢ়কঃ চকুৰ পৰা বাৰে বাৰে পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক…

সঘনাই জিভা শুকাই যায় নেকি ? হ'ব পাৰে এই জটিল ৰোগ...
আলুৰ এইবোৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি!
শীতকালত সঘনাই হয় নেকি মূৰৰ বিষ? প্ৰধান কাৰণ জানক...
উজ্জ্বল ছালৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব এলোভেৰা জেল?
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...