ভাল টোপনিৰ পাছতো মূৰ গধুৰ হৈ থাকে নেকি? বিশেষজ্ঞই জনালে কাৰণ…

সুস্থ শৰীৰৰ বাবে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। কিন্তু কেতিয়াবা টোপনি পূৰ হোৱাৰ পাছতো মানুহে এলাহ অনুভৱ কৰি থাকে। ইয়াৰ আঁৰত থাকিব পাৰে কিছুমান বিশেষ কাৰণ।

ভাল টোপনিৰ পাছতো মূৰ গধুৰ হৈ থাকে নেকি? বিশেষজ্ঞই জনালে কাৰণ...

টোপনি

Published: 

01 Aug 2025 | 10:03 AM

শৰীৰ সুস্থ হৈ থাকিবৰ বাবে ভাল টোপনিৰ আৱশ্যক। কিন্তু কেতিয়াবা ৭-৮ ঘন্টাৰ টোপনিৰ পাছতো বহুতে মগজু গধুৰ আৰু এলেহুৱা অনুভৱ কৰে। তেনে ক্ষেত্ৰত কেতিয়াবা মূৰ বিষাই, বুজাত অসুবিধা, মনোযোগ দিয়াত অসুবিধা হয়। তেনে অৱস্থাত আমি ভাবো যে টোপনি ভাল নহ’ল। কিন্তু বাৰে বাৰে যদি এনে হয় তেন্তে ই “মগজুৰ কুঁৱলী” (Brain Fog) ৰ লক্ষণ হ’ব পাৰে।

গতিকে প্ৰশ্ন উত্থাপন হয় যে পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাৰ পাছতো মগজু কিয় গধুৰ হৈ থাকে? ইয়াৰ লগত আমাৰ জীৱনশৈলী জড়িত হৈ আছে।। পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো গুৰুত্বপূৰ্ণ, কিন্তু কেৱল ঘণ্টা  হিচাপ কৰিলেই নহয়। টোপনিৰ মানদণ্ডও সমানেই গুৰুত্বপূৰ্ণ। যদি শুৱাৰ আগত বহু সময় মোবাইল, লেপটপ ব্যৱহাৰ কৰে বা বাৰে বাৰে সাৰ পাই তেন্তে ই টোপনিত ব্যাঘাত জন্মায়।

ব্যস্ত জীৱনশৈলীৰ বাবে বহুতে নিজৰ যত্ন ৰাখিবলৈ পাহৰি যায়। এনে ক্ষেত্ৰত মগজুৱে জিৰণি লাভ নকৰে আৰু তেতিয়া মগজুত ধোঁৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। ব্ৰেইন ফগ কি, ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তলত উল্লেখ কৰা হ’ল-

ব্ৰেইন ফগ কি

দিল্লীৰ মেক্স হাস্পতালৰ স্নায়ু বিজ্ঞান বিভাগৰ ডাঃ দলজিৎ সিঙে কয় যে, ব্ৰেইন ফগ কোনো ৰোগ নহয়। এয়া এনে এক স্থিতি যেতিয়া মগজুৱে সঠিকভাৱে কাম নকৰে। এনে পৰিস্থিতিত ব্যক্তিয়ে কথা বুজিবলৈ, মনত ৰাখিবলৈ বা মনোযোগ দিবলৈ অসুবিধা পায়। মানুহে প্ৰায়ে কয় যে, মগজুৱে কাম কৰা নাই বা মূৰটো গধুৰ হৈ আছে। এই সকলোবোৰ ব্ৰেইন ফগৰ কাৰণ।

কাৰণ

  • পুষ্টিৰ অভাৱ,
  • অহৰহ মানসিক চাপ,
  • পানীলগা,
  • থাইৰয়ডৰ সমস্যা,
  • ভিটামিন বি ১২ বা ভিটামিন ডিৰ অভাৱ
  • বেছিকৈ মোবাইল,লেপটপ ব্যৱহাৰ,
  • কেতিয়াবা ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও হব পাৰে।

পৰিত্ৰাণৰ উপায়

  •  দৈনন্দিন কাম-কাজত মনোযোগ দিয়ক।
  • দৈনিক ৭ৰ পৰা ৮ ঘণ্টা ভাল টোপনি লওক।
  • শুৱাৰ এঘন্টা আগত মোবাইল, লেপটপ আদি ব্যৱহাৰ নকৰিব।
  • খাদ্যত সেউজীয়া শাক-পাচলি, ফল-মূল, বাদাম, ওমেগা-৩ সমৃদ্ধ বস্তু অন্তৰ্ভুক্ত কৰক।
  • প্ৰচুৰ পৰিমাণে পানী খাব।
  • কেফেইন কম খাব।
  • যোগাসন আদি।

কেতিয়া চিকিৎসাৰ সহায় ল’ব লাগে?

বেছিভাগ ক্ষেত্ৰতে এই সমস্যাৰ পৰা মানুহে কেইটামান দিন বা সপ্তাহৰ ভিতৰত সুস্থ হৈ উঠে। কিন্তু কেতিয়াবা এই সমস্যা দীৰ্ঘদিন ধৰি থাকে। এনে পৰিস্থিতিত চিকিৎসকৰ সহায় লোৱা আৱশ্যক। পৰিস্থিতি গুৰুতৰ হলে চিকিৎসকে লক্ষণৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰে।  কেতিয়াবা এন্টিডিপ্ৰেছন বা ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী ঔষধ (NSAID)ৰ দৰে ঔষধ গ্ৰহণ কৰাৰ পৰামৰ্শও দিয়ে। যদি আপুনি এতিয়াও দীৰ্ঘদিন ধৰি এনে সমস্যাৰ অনুভৱ কৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। ই কোনো আভ্যন্তৰীণ শাৰীৰিক বা মানসিক সমস্যাৰ লক্ষণ হ’ব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ অলপ সময় খোজকঢ়়াৰ পাছতেই উশাহ লোৱাত কষ্ট হয় নেকি? হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...