হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত টোপনিৰো আছে ভূমিকাঃ সুস্থ হৃদযন্ত্ৰৰ বাবে শোৱক ইমান সময়…

নিশা ভালদৰে শুলে আমি নিজকে সুস্থ, সবল আৰু সতেজ যেন অনুভৱ কৰো। দেহৰ লগতে ভাল টোপনিয়ে আমাক মানসিকভাৱেও শক্তিশালী কৰি ৰাখে। কেৱল ইমানেই নহয়, এক অধ্যয়নত প্ৰকাশ পাইছে যে ৰাতি ভাল টোপনি আহিলে আমাৰ হৃদযন্ত্ৰও সুস্থ হৈ থাকে আৰু লগতে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়।

হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত টোপনিৰো আছে ভূমিকাঃ সুস্থ হৃদযন্ত্ৰৰ বাবে শোৱক ইমান সময়...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

31 Oct 2024 22:19 PM

আমাৰ স্বাস্থ্যৰ সামগ্ৰিক সুস্থতাৰ বাবে ভাল টোপনি অত্যন্ত গুৰুত্বপূৰ্ণ। নিশা ভালদৰে শুলে আমি নিজকে সুস্থ, সবল আৰু সতেজ যেন অনুভৱ কৰো। দেহৰ লগতে ভাল টোপনিয়ে আমাক মানসিকভাৱেও শক্তিশালী কৰি ৰাখে। কেৱল ইমানেই নহয়, এক অধ্যয়নত প্ৰকাশ পাইছে যে ৰাতি ভাল টোপনি আহিলে আমাৰ হৃদযন্ত্ৰও সুস্থ হৈ থাকে আৰু লগতে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। এই গৱেষণাৰ মতে, নিয়মিত কম সময়ৰ বাবে শোৱা অভ্যাসে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ই পিছলৈ হৃদযন্ত্ৰত প্ৰভাৱ পেলায়।

এই অধ্যয়ন অনুসৰি সাত ঘণ্টাৰো কম টোপনিয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় আৰু উচ্চ ৰক্তচাপ তথা হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। বিশেষকৈ আমাৰ দেশত পুৰুষতকৈ মহিলাসকলে কম সময়ৰ বাবে টোপনি মাৰে। মহিলাসকলে পুৰুষৰ তুলনাত নিশা দেৰিকৈ শুই পুৱা সোনকালে উঠে। এনে পৰিস্থিতিত কম টোপনিৰ ফলত মহিলাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত অধিক প্ৰভাৱ পৰে।

অধ্যয়নটোত দেখা গৈছে যে সাত ঘন্টাতকৈ কম সময় শুলে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা সাত শতাংশ বৃদ্ধি পায়। টোপনিৰ সময় পাঁচ ঘণ্টাতকৈ কম হ’লে এই সম্ভাৱনা ১১ শতাংশ বৃদ্ধি পাব পাৰে। এই গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীসকলে কয় যে সুস্থ হৃদযন্ত্ৰৰ বাবে সাতৰ পৰা আঠ ঘণ্টা টোপনিৰ প্ৰয়োজন। আনহাতে টোপনিৰ সময় কম হ’লে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায়।

এই গৱেষণাত পূৰ্বৰ ১৬টা গৱেষণাৰ তথ্যও একত্ৰিত কৰা হৈছে। এই পৰীক্ষণত যোৱা ৫ বছৰৰ ভিতৰত ৬খন দেশৰ ১০ লাখতকৈ অধিক লোকে কম টোপনিৰ বাবে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা দেখা গৈছে। লগতে এই গৱেষণাত দেখা গৈছে যে পাঁচ ঘণ্টাৰো কম সময় শোৱা লোকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ সমস্যা অতি সাধাৰণ আৰু তেওঁলোকৰ মাজত ধূমপানৰ প্ৰৱণতাও পোৱা গৈছে।

এই অধ্যয়নৰ প্ৰধান ব্যক্তি ডাঃ কাভেহ হোছেইনীয়ে কয় যে যিমান কম সময়ৰ বাবে টোপনি আহিব সিমানেই ভৱিষ্যতে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি হ’ব। গতিকে প্ৰতি নিশা সাতৰ পৰা আঠ ঘণ্টা টোপনি অহাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উত্তম বুলি তেওঁ মত পোষণ কৰে। একেদৰে ডায়েবেটিছ আৰু ধূমপানে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ২০ শতাংশ বৃদ্ধি কৰে বুলিও তেওঁ লগতে কয়।

 

টোপনি কম হোৱাৰ কাৰণঃ

অস্বাস্থ্যকৰ জীৱনশৈলী, গোটেই নিশা মোবাইল আৰু টিভি চোৱাৰ অভ্যাসে আমাৰ টোপনি বিঘ্নিত কৰে আৰু ইয়াৰ ফলত নিদ্ৰাহীনতাৰ সমস্যাই গা কৰি উঠে।

ধূমপান আৰু মদ্যপানেও টোপনিৰ সমস্যাৰ সৃষ্টি কৰে।

উদ্বেগ, হতাশা, শ্লিপ এপনিয়া আদি সমস্যায়ো টোপনিৰ সমস্যাৰ সৃষ্টি কৰিছে।

অতিমাত্ৰা খাদ্য খোৱা আৰু নিশাৰ ডিউটি শ্বিফ্টেও টোপনিৰ সময় কম কৰে।

 

কিদৰে উন্নত কৰিব পাৰি টোপনিঃ

নিশা লঘু খাদ্য খাব লাগে।

ধূমপান নকৰিব আৰু ৰাতি সুৰা সেৱন কৰিব।

গভীৰ নিশালৈকে মোবাইল আৰু টিভি নাচাব।

মানসিক চাপ নিয়ন্ত্ৰণ কৰক।

নিশা সোনকালে শোৱাৰ অভ্যাস গঢ়ি তোলক।

ডিম লাইট জ্বলাই লঘু সংগীত বজাওক আৰু ভাল কিতাপ পঢ়ক।

ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...