বাৰিষা হ’ব পাৰে ছালৰ এনে সমস্যাঃ চিকিৎসকৰ পৰা শিকক প্ৰতিকাৰৰ উপায়..

সাধাৰণতে বাৰিষাৰ সময়ত আমাৰ দেহ বহু ৰোগৰ বলি হয়। এনে ৰোগসমূহৰ ভিতৰত ছালৰ কিছুমান ৰোগৰ আশংকা অধিক থাকে। সেমেকা বতৰ তথা পৰিৱেশৰ লগতে বৰষুণৰ পানীৰ সংস্পৰ্শলৈ অহাৰ ফলত ছালত ভেঁকুৰৰ সংক্ৰমণ আৰু এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে। যদি এই ছালৰ ৰোগ সঠিক সময়ত ধৰা নপৰে আৰু চিকিৎসা কৰা নহয়, তেন্তে পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিব পাৰে।

বাৰিষা হ’ব পাৰে ছালৰ এনে সমস্যাঃ চিকিৎসকৰ পৰা শিকক প্ৰতিকাৰৰ উপায়..

বাৰিষা হ’ব পাৰে ছালৰ নানা সমস্যা

Published: 

15 Jul 2024 16:11 PM

ৰাজ্যত এতিয়া বাৰিষাৰ বতৰ। নেৰানেপেৰা বৰষুণৰ লগতে বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। সাধাৰণতে বাৰিষাৰ সময়ত আমাৰ দেহ বহু ৰোগৰ বলি হয়। এনে ৰোগসমূহৰ ভিতৰত ছালৰ কিছুমান ৰোগৰ আশংকা অধিক থাকে। সেমেকা বতৰ তথা পৰিৱেশৰ লগতে বৰষুণৰ পানীৰ সংস্পৰ্শলৈ অহাৰ ফলত ছালত ভেঁকুৰৰ সংক্ৰমণ আৰু এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে। যদি এই ছালৰ ৰোগ সঠিক সময়ত ধৰা নপৰে আৰু চিকিৎসা কৰা নহয়, তেন্তে পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিব পাৰে। বাৰিষাত সাধাৰণতে ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

এই বতৰত ডাৰ্মেট’ফাইট আৰু কেণ্ডিডাৰ আশংকা থাকে। লগতে আন আনুসংগিক কিছু ছালৰ সমস্যায়ো দেখা দিয়ে। মূলতঃ ঘামগ্ৰন্থিবোৰ বন্ধ হ’বলৈ আৰম্ভ কৰিলে এনে হয়। তাৰ উপৰিও এই ঋতুত ছালৰ ৰোগ হ’ব পৰা আন কিছু কাৰণো থাকিব পাৰে। এনে কাৰণ আৰু ইয়াৰ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি, সেই বিষয়ে চিকিৎসকসকলে কি কয়, চাওঁ আহক।

দিল্লীৰ পি এছ আৰ চকু চিকিৎসালয় আৰু ডাৰ্মাডেক্স স্কিন ক্লিনিকৰ চিকিৎসক ডাঃ ভাবুক ধীৰে কয় যে বাৰিষা কালত আৰ্দ্ৰতা বৃদ্ধি পায়। এনে অৱস্থাত ছালত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে খজুৱতি, ফোহা আৰু আন বহুতো ছালৰ সমস্যাই দেখা দিয়ে। ডাঃ ধীৰে লগতে এই ঋতুত ছালৰ ৰোগ বৃদ্ধি পায় যদিও সময়মতে চিনাক্ত কৰি চিকিৎসা কৰিলে তেনে সমস্যা বিপদজনক নহয় বুলিও দোহাৰে।

ডাঃ ধীৰে উল্লেখ কৰা মতে, এই সময়ত ছালৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে বহু কথাৰ যত্ন ল’ব লাগিব। খজুৱতি হ’লে নখেৰে ছালখনত খজুওৱাৰ পৰা বিৰত থাকিবলৈ তেওঁ পৰামৰ্শ দিছে। কোনো ঔষধ বা ক্ৰীম চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ব্যৱহাৰ নকৰিবলৈয়ো তেওঁ উপদেশ দিছে। যদি ছালৰ কোনো সমস্যা আছে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত বুলি তেওঁ লগতে কয়।

কৌশাম্বীৰ যশোদা চিকিৎসালয়ৰ ছালৰ বিশেষজ্ঞ ডাঃ সৰিতা ছাংকৰ মতে, এই বতৰত কুহুমীয়া পানী আৰু পাতল চাবোনেৰে গা ধুব লাগে। পৰাপক্ষত এই ঋতুত ঢিলা কাপোৰ পৰিধান কৰিব লাগে বুলিও তেওঁ কয়। সংক্ৰমণৰ পৰা হাত সাৰিবলৈ এন্টিফাংগেল পাউদাৰ বা ক্ৰীম প্ৰয়োগ কৰিব লাগে আৰু ছালৰ হাইড্ৰেচন বজাই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে বুলিও তেওঁ পৰামৰ্শ দিছে। তেওঁ লগতে ভিটামিন আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিবলৈ উপদেশ দিছে।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey