গৰমৰ দিনত ছাল বেছি ক’লা হৈ পৰে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰি তোলক উজ্বল…

গৰমৰ দিনত ঘাম আৰু ছালখন তেলেতীয়া হৈ পৰাৰ বাবে বিভিন্ন সমস্যাই দেখা দিয়ে। এনে অৱস্থাত ছালৰ যত্ন লোৱা অতি আৱশ্যক। গতিকে ঘৰুৱা উপায়ৰ দ্বাৰাও আপুনি ছালৰ উজ্বলতা আনিব পাৰে।

গৰমৰ দিনত ছাল বেছি ক’লা হৈ পৰে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰি তোলক উজ্বল...

ছালৰ যত্ন

Published: 

29 Apr 2025 07:14 AM

গৰমৰ দিনত মানুহৰ ছালত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। ঘাম আৰু মুখখন তেলেতীয়া হৈ থকা বাবে মুখত সৰু সৰু শালমইনা ওলাবলৈ ধৰে। ছালৰ ছিদ্ৰত তেল অৰ্থাৎ চেবাম, মৃত ছালৰ কোষ আৰু মলি জমা হ’বলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া এই ছিদ্ৰবোৰ খোল খায় আৰু বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া অক্সিডাইজ হৈ ক’লা হৈ পৰে। ইয়াকে ব্লেক হেডছ বা ক’লা দাগ বুলি কোৱা হয়। এনে অৱস্থাত গৰমৰ দিনত ছালখনৰ অধিক যত্ন লোৱা আৱশ্যক। আপুনি কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিও ছালৰ যত্ন ল’ব পাৰে।

ফেচ ৱাছ

মুখত অতিৰিক্ত ধূলি আৰু তেল জমা হোৱা বাবে ক’লা দাগ হয়।  যাৰ  বাবে দিনটোত অন্তত দুবাৰকৈ মুখ ধুব লাগে। বাহিৰৰ পৰা ঘৰলৈ অহাৰ পাছক মুখ ধোৱা অতি আৱশ্যক। ইয়াৰ ফলত ছালত জমা হোৱা মলি আঁতৰ হয় আৰু ই মুখখন পৰিষ্কাৰ কৰে। ইয়াৰোপৰি নিশা ছালখন ঠিক কৰাৰ সুযোগ পায়। গতিকে ফেচ ৱাছ কৰাৰ পিছত ছালৰ প্ৰকাৰ অনুসৰি মইশ্ব’ৰাইজাৰ লগাব লাগে।

স্ক্ৰাব

গ্ৰীষ্মকালত ছালৰ ধৰণ অনুসৰি সপ্তাহত দুবাৰকৈ মুখখন স্ক্ৰাব কৰিব লাগে। যাৰ ফলত মুখত জমা হোৱা লেতেৰা বস্তুসমূহ আঁতৰি যোৱাত সহায় কৰে। ইয়াৰ পাছত ফেচপেক লগাব লাগে, কিয়নো ই মুকলি ছিদ্ৰ বন্ধ কৰাত সহায় কৰে। লগতে ই ছালক হাইড্ৰেইট আৰু উজ্বল কৰি তোলে।

গ্ৰীণ টি

গ্ৰীণ টি স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত থকা এন্টিঅক্সিডেন্টে বিভিন্ন দিশত সহায় কৰে। গ্ৰীণ টি আপুনি আপোনাৰ মুখতো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে গ্ৰীণ টি প্ৰস্তুত কৰি লওক। পাছত ইয়াক ঠাণ্ডা হ’বলৈ দি কপাহৰ সহায়ত মুখত লগাওক। ১৫ মিনিট পাছত মুখখন ভালদৰে ধুই দিব।

হালধী

হালধীয়ে ক’লা দাগ কম কৰাত সহায় কৰে। হালধীৰ ফেচ পেক বনাই মুখত লগাব পাৰে। ইয়াত আপুনি নাৰিকল তেল বা মৌ মিহলাই ল’ব পাৰে। এই পেক মুখত লগাই ১৫ মিনিট পাছত ধুই দিব লাগে।

মুলতানী মিট্টি

মুলতানি মিটিয়ে ক’লা দাগ আৰু বগা দাগ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে নিশা আপুনি মুলতানি মিট্টি পানীত তিয়াই থওক, পাছত পানী আৰু গোলাপ জল দি পেষ্ট বনাই মুখত ব্যৱহাৰ কৰক। অলপ মুখখন শুকোৱাৰ পাছত ইয়াক ধুই দিব।

 

অন্য খবৰ পঢ়কঃ গৰমৰ দিনত মূৰৰ বিষ হয় নেকি? তেন্তে জানি লওক এই কথা…

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক