৪০ বছৰৰ পাছতো ছালত নপৰে বয়সৰ প্ৰভাৱ! নিশা শোৱাৰ পূৰ্বে কৰক এই কাম…

সকলো মানুহে নিজকে ধুনীয়া ৰাখিব বিচাৰে। কিন্তু বয়স বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ পৰিবৰ্তন মানুহৰ ছাল আৰু চুলিত দেখা যায়। কিন্তু কিছুমান অভ্যাসে আপোনাক ডেকা কৰি ৰাখিব পাৰে।

৪০ বছৰৰ পাছতো ছালত নপৰে বয়সৰ প্ৰভাৱ! নিশা শোৱাৰ পূৰ্বে কৰক এই কাম...

ছালৰ যত্ন

Published: 

26 Jan 2026 | 04:44 PM

বয়সৰ লগে লগে মানুহৰ শাৰীৰিক-মানসিক অৱস্থা সলনি হয়। বয়সৰ প্ৰভাৱ মানুহৰ ছাল আৰু চুলিতো পৰা দেখা যায়। বয়স বৃদ্ধি হোৱাৰ লগে লগে ছালত বলিৰেখা, ছাল শেতা পৰা আদি সমস্যাই দেখা দিয়ে। ইয়াৰ বাবে মানুহে বহু দামী দামী প্ৰডাক্ট ব্যৱহাৰ কৰে যদিও ইয়াৰ পৰা ক্ষতি হোৱাও দেখা যায়। কিন্তু কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰাও আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। কিছুমান এনে টিপছ আছে যাৰ ফলত ৫০ বছৰ বসয়তো ২৫ বছৰীয়া যেন লাগিব। ইয়াৰ বাবে নিশা শোৱাৰ পূৰ্বে প্ৰত্যোক দিনে এক বিশেষ অংগ মালিচ কৰিব লাগে, যিয়ে আপোনাক সুন্দৰ কৰি ৰাখিব।

কি মালিচ কৰিব

নিশা শোৱাৰ পূৰ্বে সদায় কাণৰ মালিচ কৰিব লাগে। ইয়াৰ বাবে কাণৰ প্ৰতিটো অংশ মালিচ কৰিব লাগে।

  • কাণ দুখন মাজত ধৰি বাহিৰলৈ টানি দিব। ১০ বাৰ এনেকৈ কৰিব।
  • কাণৰ গুৰি ধৰি লাহে লাহে তললৈ টানিব। এয়া ১০ বাৰ কৰিব।
  • তৰ্জনী আঙুলিটো কাণৰ গুৰিৰ ওচৰত ৰাখক আৰু বুঢ়া আঙুলিটো কাণৰ পিছফালে ৰাখক। এতিয়া কাণ দুখন ঘড়ীৰ কাঁটাৰ দিশত আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ১০ বাৰকৈ ঘূৰাব।
  • বুঢ়া আঙুলিটো ওপৰৰ কাণৰ লোবত ৰাখক আৰু মূৰৰ ফালে ঘূৰাই মৃদু চাপ প্ৰয়োগ কৰক। ১০ বাৰ এনে কৰিব।
  • কাণ দুখন উলম্বভাৱে হেঁচি দিব, সামান্য টিপি, আৰু তাৰ পিছত এৰি দিব। ১০ বাৰ এনে কৰিব।

উপকাৰ

  • কাণৰ কাষত আমাৰ মুখ্য লসিকা নলীবোৰ থাকে। এইবোৰে শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। এই অংশ মালিচ কৰিলে মুখ ডেকা আৰু ডাঠ যেন লাগে। যদি এইবোৰত তেজ ভালদৰে চলাচল নহয় তেন্তে মুখ ফুলা, গধুৰতা আদি হ’ব পাৰে।
  • মালিচ কৰিলে একুপ্ৰেচাৰ পইণ্ট সক্ৰিয় হয়, তেজৰ সোঁত বৃদ্ধি পায় আৰু মুখৰ পেশীবোৰ টোন হয়।।
  • কাণত মালিচ কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি পায়। যাৰ ফলত মুখলৈ অধিক অক্সিজেন আহে আৰু প্ৰাকৃতিকভাৱে উজ্বলতা আহে।
  • মানসিক চাপৰ ফলত আমাৰ মখুৰ কাষৰ পেশীবোৰ টানি থাকে। মালিচ কৰাৰ ফলত এইবোৰ সক্ৰিয় হৈ পৰে।

 

(ওপৰোক্ত লেখাটোত কিছুমান সাধাৰণ দিশৰ কথা উল্লেখ কৰা গৈছে। এই ক্ষেত্ৰক অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।)

 

অন্য খবৰ পঢ়কঃ ডায়েবেটিছৰ মূল কাৰণ এই ৫টা অভ্যাস! জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...