কোনসকল লোকৰ ছালৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…
Skin Cancer Symptoms: বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত ছালৰ কৰ্কট ৰোগো আছে। যিয়ে ছালৰ কোষক প্ৰভাৱিত কৰে। গতিকে ইয়াৰ লক্ষণসমূহ আওকাণ কৰা ঠিক নহয়। ইয়াৰ বিষয়ে জনা দৰকাৰ।

ছালৰ কৰ্কট ৰোগৰ লক্ষণসমূহ
দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত ছালৰ কৰ্কট ৰোগ অন্যতম। ছালৰ কোষত হোৱা এক গুৰুতৰ ৰোগ হৈছে ছালৰ কৰ্কট ৰোগ। যেতিয়া ছালত কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰে তেতিয়া এই ৰোগ হয়। এই ৰোগ হ’লে বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।
প্ৰকাৰ
ছালৰ কৰ্কট ৰোগ প্ৰধানকৈ তিনি প্ৰকাৰৰ। প্ৰথমটো হ’ল- বেচেল চেল কাৰ্চিনোমা (BCC), ই সাধাৰণ আৰু লাহে লাহে বৃদ্ধি পায়।দ্বিতীয়তে, স্ক্ৱামাছ চেল কাৰ্চিনোমা (SCC), যি ছালৰ ওপৰৰ স্তৰত বিকশিত হয় আৰু অন্য স্থানলৈ বিয়পাৰ সম্ভাৱনা বেছি। তৃতীয়তে, মেলানোমা, যিটো আটাইতকৈ বিপদজনক। ই দ্ৰুতগতিত শৰীৰৰ অন্য অংশলৈ বিয়পে।
কাৰণ
ছালৰ কৰ্কট ৰোগৰ এক কাৰণ হ’ল সূৰ্যৰ UV ৰশ্মি। যদি সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ অধিক সংস্পৰ্শত থকা যায় তেতিয়া এই ৰোগ হ’ব পাৰে। দীৰ্ঘদিন ছানস্ত্ৰীণ নোহোৱাকৈ ৰ’দত কাম কৰিলে এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি জিনীয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শ, বিকিৰণৰ সংস্পৰ্শ, বাৰে বাৰে ছাল জ্বলা বা আঘাত পোৱা আদিয়েও এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। শৰীৰৰ যিকোনো অংশত এই ৰোগ হ’ব পাৰে যদিও মুখ, ডিঙি, হাত, হাত, ভৰি আদিত সম্ভাৱনা বেছি।
কাৰ আশংকা বেছি আৰু লক্ষণ
ছালৰ কৰ্কট ৰোগ সন্দৰ্ভত সবিশেষ জনাইছে মেক্স হাস্পতালৰ ছালৰ বিশেষজ্ঞ ডাঃ সৌম্য সাচদেৱাই। তেওঁ কয় যে,যাৰ ছাল বহুত বগা তথা উজ্বল, যিয়ে দীৰ্ঘসময় ৰ’দত থাকে তেনে লোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। বয়স বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, বহু তিল থকা লোকসকলৰো এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
লক্ষণ
- নতুনকৈ ছালৰ বৃদ্ধি।
- ছালত গোটা গোটা বস্তু ওলোৱা।
- ঘাঁ সহজে ভাল নোহোৱা।
- তিলৰ আকৃতি বা ৰং সলনি।
- হঠাতে ছালত খজুৱতি বা তেজ ওলোৱা। কেতিয়াবা বিষ হ’ব পাৰে।
- মেলানোমাৰ লক্ষণসমূহ হ’ল – তিলৰ আকৃতি পৰিৱৰ্তন, ম্লান দেখা, ছাল ক’লা হোৱা বা ৰং পৰিৱৰ্তন, তিলৰ আকাৰ হঠাতে বৃদ্ধি হোৱা আদি।
- যদি আপুনি আপোনাৰ ছালত কোনো অস্বাভাৱিক পৰিৱৰ্তন দেখে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
পৰিত্ৰাণৰ উপায়
- ৰ’দত ওলালে ছানস্ত্ৰীণ ব্যৱহাৰ কৰিব।
- বহুত বেছি ৰ’দত নোলাব।
- ৰ’দত ছানগ্লাছ ব্যৱহাৰ কৰিব।
- সুষম খাদ্য খাওক।
- কিবা পৰিৱৰ্তন দেখিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ প্ৰতিদিনে খালী পেটত গাজৰ খালে কম হ’ব পাৰে এইসমূহ সমস্যা! ৬ সপ্তাহতে পাব ফল, জানক সকলো…