ছালৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? কোনসকলৰ আশংকা বেছি, জানক বিশেষজ্ঞৰ পৰা…

Skin cancer symptoms: দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। কিন্তু আপুনি জানেনে, ছালতো কৰ্কট ৰোগ হয়? সাধাৰণ বুলি ভবা কিছুমান সমস্যা ছালৰ কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে। গতিকে ইয়াৰ লক্ষণৰ বিষয়ে জনা দৰকাৰ।

ছালৰ কৰ্কট ৰোগ হলে কি কি লক্ষণে দেখা দিয়ে? কোনসকলৰ আশংকা বেছি, জানক বিশেষজ্ঞৰ পৰা...

ছালৰ সমস্যা

Published: 

19 Sep 2025 | 02:06 PM

কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ আছে। তাৰ ভিতৰত ছালৰ কৰ্কট ৰোগো অন্যতম। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণ ছালত দেখা দিয়ে। কিন্তু বহুতে সাধাৰণ বুলি এইবোৰ আওকান কৰি চলে। এই লক্ষণবোৰ জানি সময়মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। ছালৰ কৰ্কট ৰোগ হ’লে ছালত কি কি লক্ষণে দেখা দিয়ে বা কোনসকল লোকৰ ছালৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি, এই সন্দৰ্ভত সবিশেষ জনাইছে ডাঃ অংশুমান কুমাৰে।

কোনসকল লোকৰ সম্ভাৱনা বেছি

চিকিৎসকগৰাকীয়ে কয় যে, যেতিয়া ছালৰ কোষবোৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে তেতিয়া এই ৰোগ হয়। যিসকলে পোনপটীয়াকৈ ৰ’দৰ সংস্পৰ্শত থাকে সেইসকল লোকৰ ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক। অৱশ্যে ভাৰতত এই ৰোগীৰ সংখ্যা কম। কাৰণ ভাৰতৰ মানুহৰ শৰীৰত মেলানিনৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে থাকে। এই ৰঞ্জক পদাৰ্থই ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ইউৰোপ, আমেৰিকা আদি ঠাইৰ মানুহৰ এই ৰোগ বেছিকৈ হয়।

ইয়াৰোপৰি প্ৰদূষণ, ৰাসায়নিক পদাৰ্থৰ বেছিকৈ সংস্পৰ্শলৈ অহাৰ ফলতো এই ৰোগ হ’ব পাৰে। তেওঁ লগতে কয় যে, জিনেটিক কাৰণতো এই  ৰোগ হ’ব পাৰে। যদি পৰিয়ালৰ কোনো লোকে পূৰ্বতে এই ৰোগত আক্ৰান্ত হৈছে তেন্তে পৰিয়ালৰ আন লোকো এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

লক্ষণ

চিকিৎসকগৰাকীয়ে কয় যে, এই ৰোগ হ’লে প্ৰাৰম্ভিক পৰ্যায়তে কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক সাধাৰণ  বুলি আওকান কৰে। কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • ছালত অনবৰতে খজুৱতি হৈ থকা,
  • ছালত ৰঙা দাগ,
  • হঠাতে তিল, মাহৰ সংখ্যা বৃদ্ধি,
  • ছালত বগা দাগ,
  • ছালবোৰ খোলা খোলা হৈ উঠি যোৱা,
  • তিলৰ পৰা তেজ ওলোৱা,
  • ছালত জলা পোৰা হ’ব পাৰে,
  • ৰঙা ৰঙা মাহ,
  • সোনকালে ঘাঁ ঠিক নোহোৱা আদি।

পৰিত্ৰাণ উপায়

  • বেছি ৰ’দত ওলাব নালাগে।
  • ৰ’দত ওলোৱাৰ সময়ত ছাতি ব্যৱহাৰ কৰিব লাগে।
  • প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰিব।
  • ছালৰ যত্ন ল’ব লাগে।
  • বেছিকৈ সমস্যাই দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

গতিকে দীৰ্ঘদিন ধৰি যদি ছালৰ লগত জড়িত সমস্যা হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়ক- নদী,পুখুৰীত গা ধোৱাৰ সময়ত সাৱধান! মগজু খোৱা এমিবাই ল’লে ১৯ জনৰ প্ৰাণ, জানক লক্ষণ…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...