স্বাস্থ্য ৰক্ষাৰ বাবে ফল-মূল গ্ৰহণৰ ক্ষেত্ৰত মানি চলক বিশেষজ্ঞৰ এই পৰামৰ্শ..

স্বাস্থ্যই পৰম ধন। এক সুন্দৰ জীৱন-যাপনৰ মূল আধাৰ স্বাস্থ্য। গতিকে দেহ সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ স্বাস্থ্যৰ যতন লোৱাটো নিতান্তই প্ৰয়োজনীয়। সুস্বাস্থ্যৰ বাবে খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। এই ক্ষেত্ৰত ফল-মূল এক পুষ্টিকৰ উপাদান।

স্বাস্থ্য ৰক্ষাৰ বাবে ফল-মূল গ্ৰহণৰ ক্ষেত্ৰত মানি চলক বিশেষজ্ঞৰ এই পৰামৰ্শ..

ফল খোৱাৰ পূৰ্বে মনত ৰাখিব এই পৰামৰ্শ

Published: 

18 May 2024 | 09:18 PM

স্বাস্থ্যই পৰম ধন। এক সুন্দৰ জীৱন-যাপনৰ মূল আধাৰ স্বাস্থ্য। গতিকে দেহ সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ স্বাস্থ্যৰ যতন লোৱাটো নিতান্তই প্ৰয়োজনীয়। সুস্বাস্থ্যৰ বাবে খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। এই ক্ষেত্ৰত ফল-মূল এক পুষ্টিকৰ উপাদান। যদি বিভিন্ন ধৰণৰ ফলক দৈনন্দিন খাদ্যৰ অংশ হিচাপে লোৱা হয়, তেন্তে বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি আৰু যিকোনো ঋতুতে এজন ব্যক্তি সুস্থ আৰু ফিট হৈ থাকিব পাৰে। অৱশ্যে ফল-মূল সঠিকভাৱে খোৱাটো অতি প্ৰয়োজনীয়। ভুল ধৰণে ফল-মূল গ্ৰহণ কৰিলে স্বাস্থ্যৰ সম্পূৰ্ণ উপকাৰ পোৱা নাযায় আৰু কেতিয়াবা স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে।

ফলমূলত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে, যি শৰীৰক শক্তি প্ৰদান কৰাই নহয় ৰোগৰ পৰা ৰক্ষা কৰাতো সহায় কৰে। কিন্তু খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰাৰ আগতে কিছুমান কথা জনাটো জৰুৰী। আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ ডিম্পল জাংৰাই ফল-মূল খোৱাৰ তিনিটা সহজ নিয়ম সদৰী কৰিছে।

ডাক্তৰ ডিম্পল জাংৰাৰ মতে ফল কেতিয়াও গাখীৰ, দৈ, পনিৰ বা যিকোনো দুগ্ধজাত সামগ্ৰীৰ লগত মিহলাই খাব নালাগে। ইয়াৰ বাহিৰেও ফল-মূল দাইল বা কোনো ধৰণৰ শস্য আৰু শাক-পাচলিৰ সৈতে খাব নালাগে। কাৰণ ফল-মূল হজম হ’বলৈ মাত্ৰ এঘণ্টা সময় লাগে, আনহাতে শস্য আৰু দাইল সম্পূৰ্ণৰূপে হজম হ’বলৈ প্ৰায় ১৮ ঘণ্টা সময় লাগে। এনেধৰণে যিকোনো দ্ৰৱ্যৰ লগত ফল-মূল মিহলাই খালে পেটৰ যিকোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ডাঃ ডিম্পল জাংৰাৰ মতে, ব্ৰেকফাষ্ট, দুপৰীয়া বা ৰাতিৰ আহাৰ খোৱাৰ লগে লগে ফল-মূল খাব নালাগে। অন্যথা হজম শক্তিৰ ক্ষেত্ৰত সমস্যা হ’বলৈ আৰম্ভ কৰে। ব্ৰেকফাষ্টৰ এঘণ্টা আগতে বা দুঘণ্টাৰ পিছত ফলমূল খাব পাৰি।

সূৰ্যাস্তৰ পিছত কেতিয়াও ফল-মূল খাব নালাগে। ডিম্পল জাংৰাই কয় যে কিছুমান ফলত সক্ৰিয় এনজাইম থাকে, যি মেলাটনিনক বাধা দিব পাৰে আৰু ইয়াৰ বাবে ব্যক্তিৰ টোপনি বিঘ্নিত হ’ব পাৰে।

উল্লেখ্য যে আয়ুৰ্বেদ বিশেষজ্ঞ ডিম্পল জাংৰাই ছ’চিয়েল মিডিয়াত স্বাস্থ্য সম্পৰ্কীয় টিপছ শ্বেয়াৰ কৰি থাকে। বৰ্তমান সময়ত ফল-মূল খোৱাৰ সন্দৰ্ভত তেওঁ দিয়া এই নিয়মসমূহে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...