পুৱাই কৰক এইকেইটা কামঃ ডায়েবেটিছ থাকিব নিয়ন্ত্ৰণত, দূৰ হ’ব মনৰ চিন্তা….

ডায়েবেটিছ কেতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য কৰিব নোৱাৰি। এই সমস্যা মাত্ৰ নিয়ন্ত্ৰণতহে ৰাখিব পাৰি। এইক্ষেত্ৰত আমি কিছুমান নিয়ম মানি চলিব লাগিব। ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে আমি শাৰীৰিক কাৰ্যকলাপৰ লগতে খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব। পুৱাৰ পৰা আৰম্ভ কৰি দিনটোৰ প্ৰতিটো সময়তে আমি গ্ৰহণ কৰা খাদ্যৰ যত্ন লোৱা উচিত। জানো আহক এই বিষয়ে।

পুৱাই কৰক এইকেইটা কামঃ ডায়েবেটিছ থাকিব নিয়ন্ত্ৰণত, দূৰ হ’ব মনৰ চিন্তা....

প্ৰতিনিধিত্বমূলক ছবি

Published: 

24 Jun 2025 16:37 PM

সাম্প্ৰতিক সময়ত ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰৰ সংখ্যা ব্যাপক ৰূপত বৃদ্ধি পাইছে। বয়োজ্যেষ্ঠ লোকৰ লগতে যুৱচামৰ মাজতো শেহতীয়া সময়ছোৱাত ডায়েবেটিছৰ প্ৰকোপ পাঢ়িছে। বিগত ২০২১ চন্ত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে ভাৰতত ১০ কোটিতকৈ অধিক লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত। স্বাভাৱিকতেই এই পৰিসংখ্যা যথেষ্ট উদ্বেগজনক। ডায়েবেটিছ কেতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য কৰিব নোৱাৰি। এই সমস্যা মাত্ৰ নিয়ন্ত্ৰণতহে ৰাখিব পাৰি। এইক্ষেত্ৰত আমি কিছুমান নিয়ম মানি চলিব লাগিব।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে আমি শাৰীৰিক কাৰ্যকলাপৰ লগতে খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব। পুৱাৰ পৰা আৰম্ভ কৰি দিনটোৰ প্ৰতিটো সময়তে আমি গ্ৰহণ কৰা খাদ্যৰ যত্ন লোৱা উচিত। জানো আহক এই বিষয়ে-

পুৱা নেমুৰ ৰস গৰম পানীত মিহলাই খাব পাৰে। নেমু পানী খোৱাৰ পিছত বহু লোকৰ এচিডিটিৰ সমস্যা হয়। তেনে ক্ষেত্ৰত পাতলীয়া কোনো খাদ্য গ্ৰহণৰ পিছতহে এনে পানীয় গ্ৰহণ কৰিব লাগে। ভাত, মিঠাই, বিস্কুট খোৱাৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে। দুপৰীয়াৰ খাদ্যত চালাড আৰু এবাটি মচুৰ দাইল অন্তৰ্ভুক্ত কৰিব পাৰে। নিমখ আৰু চেনি বন্ধ কৰিব পাৰিলে ভাল।

এলোভেৰাৰ জুচেও এইক্ষেত্ৰত যথেষ্ট সুফল দিয়ে। সোৱাদত তিতা যদিও এলোভেৰাত থকা মেগনেছিয়ামে ইনচুলিন নিঃসৰণত সহায় কৰে। এলোভেৰাই তেজত গ্লুক’জৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। পুৱা খালী পেটত এলোভেৰাৰ ৰস সেৱন কৰিলে আপোনাৰ তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব।

প্ৰতিদিনে আমলখিৰ জুচ খালেও উপকাৰিতা লাভ কৰিব। আমলখিত ভিটামিন চি থাকে। ইয়াত এণ্টিঅক্সিডেণ্ট গুণো থাকে। এইদৰে আমলখিৰ জুচে মানসিক চাপ কমোৱাতো সহায় কৰে। এই পানীয়ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সোৱাদৰ বাবে বহুলোকে আমলখিৰ জুচ খাবলৈ ইচ্ছা নকৰে যদিও চেনি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই পানীয় যথেষ্ট উপকাৰী।

মেথিয়েও তেজত চেনি নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে। নিশা শুবলৈ লোৱাৰ পূৰ্বে মেথি এচামুচ তিয়াই লওক। পানীখিনি চেকি পিছদিনা পুৱা খাব। নিয়মিতভাৱে এই মেথি পানী পান কৰিলে আপোনাৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।

নাৰিকল তেল নে এলোভেৰা জেল, ছালৰ বাবে কোনটো উত্তম?
দাঁতৰ সমস্যা আছে নেকি? এই ৫ বিধ খাদ্যই নষ্ট কৰে আপোনাৰ দাঁত!
প্ৰস্ৰাৱ সংক্ৰমণ হ'লে কি কি সমস্যাৰ সৃষ্টি হয়? জানক...
হনুমানক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ উপায়! মঙলবাৰে কৰক এই কাম