Lemon juice: পুৱা খালী পেটত নেমু পানী খাই নেকি? ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে জানক…

সাধাৰণতে কোৱা হয় যে, ৰাতিপুৱা খালী পেটত নেমুৰ পানী খালে শৰীৰৰ বাবে বহুত উপকাৰ হয়। হয়তো এই বিষয়ে কাৰো কোনো সন্দেহ নাই। কিন্তু এটা প্ৰশ্ন ৰৈ গৈছে। ৰাতিপুৱা খালী পেটত সকলোৰে বাবে নেমুৰ পানী খোৱাটো নিৰাপদ নেকি? বিশেষজ্ঞসকলে কি কয়?

Lemon juice: পুৱা খালী পেটত নেমু পানী খাই নেকি? ইয়াৰ ফলত কি সমস্যা হব পাৰে জানক...

নেমু পানী

Published: 

27 Nov 2025 06:39 AM

নেমু পানী প্ৰাকৃতিক উপাদান। যিয়ে শৰীৰলৈ শক্তি অনাত সহায় কৰে। ইয়াৰ বহু উপকাৰ আছে। নেমু পানীক প্ৰাকৃতিক আৰু সতেজ পানীয় হিচাপে গণ্য কৰা হয় যিয়ে অসংখ্য উপকাৰ প্ৰদান কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ই বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰাত সহায় কৰে, হজম শক্তি উন্নত কৰে, আৰু ছালখন সুস্থ কৰি ৰাখে। নেমু পানীয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৰাতিপুৱা নেমুৰ পানী খালে শৰীৰত হাইড্ৰেট হয়, ভাগৰ কমি যায় আৰু শক্তিৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ উপৰিও দীৰ্ঘম্যাদী স্বাস্থ্য বজাই ৰাখে।। কিন্তু এটা প্ৰশ্ন বাৰে বাৰে উত্থাপন হয়, খালী পেটত সকলোৰে বাবে স্বাস্থ্যকৰ নেকি?

যদিও নেমুৰ পানীৰ বহু উপকাৰ আছে, তথাপিও খালী পেটত সকলোৱে খোৱাটো ভাল নহয়। নেমুত অধিক পৰিমাণে চাইট্ৰিক এচিড থাকে, যাৰ ফলত শৰীৰৰ পি এইচ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। অত্যধিক এচিডিটিৰ ফলত হাৰ্টবাৰ্ণ, এচিড ৰিফ্লাক্স, আৰু গেছ হ’ব পাৰে। ইয়াৰ উপৰিও ই দাঁতৰ ইনামেল দুৰ্বল কৰি দাঁতৰ সংবেদনশীলতা আৰু গহ্বৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। নেমুৰ পানী সঠিকভাৱে সেৱন কৰিব লাগে। লগতে খালী পেটত নেমুৰ ৰস খালে হাড় দুৰ্বল হৈ পৰে। নেমুত থকা এচিডিটিয়ে হাড়ৰ চৰ্বি কমাই হাড় দুৰ্বল কৰি তোলে। নেমুত থকা এস্কৰবিক এচিডে সঘনাই প্ৰস্ৰাৱ কৰিবলৈ উদ্দীপিত কৰে। গতিকে খালী পেটত নেমুৰ ৰস খালে ডিহাইড্ৰেচন হয়।

বিশেষজ্ঞসকলে কয় যে, খালী পেটত নেমুৰ ৰস খালে ডিহাইড্ৰেচন হ’ব পাৰে। নেমুৰ ৰসত থকা এস্কৰবিক এচিডে প্ৰস্ৰাৱ বৃদ্ধি কৰে। গতিকে নেমুৰ ৰস সীমিত পৰিমাণতহে সেৱন কৰিব লাগে। খালী পেটত নেমুৰ ৰস খালে পেটত অতিৰিক্ত এচিড উৎপাদন হয়, যাৰ ফলত এচিডিটি, হাৰ্টবাৰ্ণ, বমি, গেছৰ দৰে সমস্যাৰ সৃষ্টি হয়।

নেমুৰ কিছুমান গুণে বৃক্কৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰে। গতিকে খালী পেটত নেমুৰ ৰস খাব নালাগে। খাদ্য খোৱাৰ পিছত নেমুৰ ৰস সেৱন কৰিলে কোনো পাৰ্শ্বক্ৰিয়া নহয়। নেমুৰ ৰসত থকা এচিডিটিয়ে হাড়ৰ চৰ্বি হ্ৰাস কৰি হাড় দুৰ্বল কৰি তোলে। ইয়াৰ ফলত বয়স বৃদ্ধিৰ লগে লগে হাড়ৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত হাৰ্টবাৰ্ণ, বমি, গেছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

লগতে পঢ়ক: চকুৰ এই ৪টা সমস্যাই দিয়ে বৃক্ক দুৰ্বল হোৱাৰ ইংগিত, আওকান নকৰিব…

(বিঃদ্ৰঃ ইয়াৰ বিষয়বস্তু কেৱল সজাগতাৰ বাবে। ইয়াত দিয়া তথ্যসমূহ বিশেষজ্ঞসকলে প্ৰদান কৰা তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। কোনো স্বাস্থ্যজনিত সমস্যা হ’লে পোনপটীয়াকৈ চিকিৎসা পেছাদাৰীৰ পৰামৰ্শ লোৱাটো ভাল)

ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
শুৱাৰ ভংগীমাই বৃদ্ধি কৰিব পাৰে নেকি স্তনৰ আকাৰ? জানক...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...