Cough syrups: আচলতে কাহ হ’লে শিশুক কফ চিৰাপ খুৱাব লাগেনে ? চিকিৎসকে কি কয়?
বহু অভিভাৱকে শিশুৰ কাহ বা চৰ্দি হ’লে কফ চিৰাপ খুৱাই দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে নিৰ্দেশনা। চিকিৎসকসকলেও সেই একে সতৰ্কবাণী দিছে।

প্ৰতীকী ফটো
শিশুক কফ চিৰাপ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰই জাৰি কৰিছে নিৰ্দেশনা। এই সতৰ্কবাণী দিয়াৰ সময়তে শিশুসকলৰ মাজত বৃদ্ধি পাইছে RSV ৰ সংক্ৰমণ। ইয়াৰ লগতে দেখা গৈছে মেটানেমো, ইনফ্লুৱেঞ্জা বি, এডিন’ভাইৰাছ আদি। চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা শিশুসকলৰ ভিতৰত এই ভাইৰাছত আক্ৰান্ত সংখ্যা সৰ্বাধিক। বিশেষকৈ পশ্চিম বংগত বেছিকৈ শিশুসকল এই ভাইৰাছত আক্ৰান্ত হোৱা দেখা গৈছে।
এছ এছ কে এম, কলিকতা মেডিকেল কলেজ, বি চি ৰয়, নেচনেল মেডিকেল কলেজ, এন আৰ এছত ভৰ্তি কৰা শিশুসকলৰ বেছি ভাগে এই ভাইৰাছত আক্ৰান্ত। কোৱা হৈছে যে, আক্ৰান্ত শিশুসকলৰ ক্ষেত্ৰত জ্বৰ, উশাহ-নিশাহত কষ্ট, কাহ, নাকে পানী ওলোৱা আদি লক্ষণ দেখা গৈছে। এবছৰৰ তলৰ শিশুৰ সংক্ৰমণৰ সম্ভাৱনা বেছি।
বহু অভিভাৱকে শিশুৰ কাহ বা চৰ্দি হ’লে কফ চিৰাপ খুৱাই দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে নিৰ্দেশনা। চিকিৎসকসকলেও সেই একে সতৰ্কবাণী দিছে। চিকিৎসকৰ মতে,২ বছৰৰ তলৰ শিশুক কফ চিৰাপ দিয়াৰ প্ৰয়োজন নাই। ২ বছৰৰ ওপৰৰ শিশুক কফ চিৰাপ দিয়াৰ ক্ষেত্ৰত সাৱধানতা হোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে। শিশুসকলক পৰিমিত পৰিমাণে পানী খাবলৈ দিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে। উশাহ-নিশাহ লোৱাত অসুবিধা হ’লে পলম নকৰাকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলৈ অনুৰোধ জনাইছে।
শিশু চিকিৎসক অপূৰ্ব ঘোষে কয়, “আমি কফ চিৰাপ নিদিওঁ। ইয়াৰ ওপৰত গাইডলাইন জাৰি কৰাৰ প্ৰয়োজন নাই। চিকিৎসকে কফ চিৰাপ নিদিয়ে। কাহৰ ঔষধৰো বিভিন্ন পাৰ্শ্বক্ৰিয়া থাকে। কিছুমানে হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। কিছুমানে মগজুত প্ৰভাৱ পেলায়। যিকোনো বয়সতে কফ চিৰাপৰ প্ৰয়োজন নহয়। অৱশ্যে, যদি শিশুটিৰ হাঁপানি থাকে,তেন্তে হাপাঁনিৰ ঔষধ দিব পাৰে।”
আৰ এছ ভি ভাইৰাছৰ সন্দৰ্ভত শিশু চিকিৎসক অনিন্দ্য কুণ্ডুৱে কয়, “আৰ এছ ভি কোনো নতুন ভাইৰাছ নহয়। আৰ এছ ভি সংক্ৰমিত হ’লে এন্টিভাইৰেল ঔষধ দিয়াৰ প্ৰয়োজন নাই। আৰ এছ ভি হ’লে ভয় কৰাৰ কোনো কাৰণ নাই। যিসকলৰ শিশুক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়, তেওঁলোকক আৰ এছ ভি পৰীক্ষা কৰাব লাগে। এই ভাইৰাছৰ প্ৰভাৱ ঋতু সলনিৰ সময়তহে দেখা যায়। ৯৫ শতাংশতকৈ অধিক আৰ এছ ভি সংক্ৰমণৰ ক্ষেত্ৰত ভয় কৰাৰ কোনো কাৰণ নাই।” লগতে তেওঁ মন্তব্য কৰে যে, ২ বছৰৰ তলৰ শিশুক কফ চিৰাপ দিয়াৰ প্ৰয়োজন নাই। অৱশ্যে তেওঁ কয় যে ২ বছৰৰ ওপৰৰ লোকৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতেহে কফ চিৰাপ ব্যৱহাৰ কৰিব লাগে।