গ্ৰীষ্মকালত গৰম পানী খাব লাগে নে নালাগে? শৰীৰত ইয়াৰ কি প্ৰভাৱ পৰে, জানক…

বহু মানুহে গৰমৰ দিনত গৰম পানী খায়। কিন্তু ই ভাল নে বেয়া? এই সন্দৰ্ভত বহুতে বহু গৱেষণা কৰিছে আৰু নিজৰ তথ্য দাঙি ধৰিছে। ক'ব লাগিব যে গৰমত ঠাণ্ডা পানী খালে সকাহ পালেও গৰম পানীৰ বহু উপকাৰী গুণ আছে।

গ্ৰীষ্মকালত গৰম পানী খাব লাগে নে নালাগে? শৰীৰত ইয়াৰ কি প্ৰভাৱ পৰে, জানক...

গৰম পানী

Published: 

15 Apr 2025 | 07:04 AM

গৰমৰ দিন ঠাণ্ডা পানী খালে কিছু সময়ৰ বাবে সকাহ পোৱা যায়। কিন্তু অত্যন্ত ঠাণ্ডা পানী স্বাস্থ্যৰ বাবে ভাল নহয়। ইয়াৰ ওপৰত বহু গৱেষণা কৰা হৈছে, য’ত দেখা গৈছে যে কুহুমীয়া পানী খোৱাটো সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই মানুহৰ হজম শক্তি উন্নত কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় কৰে। কিন্তু গৰমত আমি কুহুমীয়া বা গৰম পানী খাব পাৰোনে?

গৱেষণাত পোহৰলৈ আহিছে যে, যেতিয়া আপুনি বাহিৰৰ পৰা গৰমে গৰমে আহে তেতিয়া লগে লগে ঠাণ্ডা খাব নালাগে। তাৰ পৰিবৰ্তে সাধাৰণ পানী খাব লাগে। ইয়াৰ ফলত শৰীৰত কোনো প্ৰভাৱ নপৰে।

শৰীৰৰ বেয়া বস্তু বাহিৰ

গৰম পানীয়ে প্ৰাকৃতিকভাৱে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। আনহাতে ঠাণ্ডা পানী খালে সিৰাবোৰ সৰু হৈ যায়, যাৰ ফলত তেজৰ চলাচল লেহেমীয়া হয়। যদি আমি গৰম পানীৰ কথা কওঁ তেন্তে ই শিৰাবোৰ বহল কৰাৰ কাম কৰে। ইয়াৰ উপৰিও বৃক্ক আৰু যকৃতৰ কাৰ্যক্ষমতা উন্নত কৰে।

পেটৰ সমস্যা

পেট ফুলা বা পাচনতন্ত্ৰৰ সমস্যাৰ ক্ষেত্ৰতো গৰম পানী অতি উপকাৰী। ঠাণ্ডা পানী খালে পেট বা শৰীৰত জোকাৰণিৰ সৃষ্টি হ’ব পাৰে। গৰম পানীয়ে আপোনাৰ পেটৰ উষ্ণতা হ্ৰাস কৰাৰ লগতে এনজাইমবোৰো লেহেমীয়া কৰে।

কুহুমীয়া পানী

যদি আপোনাৰ কুহুমীয়া পানী খোৱাৰ অভ্যাস আছে তেন্তে কিছুমান কথাত গুৰুত্ব দিয়া দৰকাৰ। পুৱা খালী পেটত বা খোৱাৰ আধা ঘণ্টা পিছত কুহুমীয়া পানী খাব লাগে। ইয়াৰ পৰা আপুনি তাৎক্ষণিক লাভ দেখিব। NCBI ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে কুহুমীয়া পানীৰ ফলত অন্ত্ৰৰ উন্নতি আৰু বিভিন্ন দিশত লাভ হয়।

ওজন হ্ৰাস

কিছুমান গৱেষণাত প্ৰকাশ পাইছে যে গৰম পানীৰ ফলত পাচন ক্ৰিয়া ভাল হয়। গতিকে ই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

মানসিক চাপৰ পৰা সকাহ

যদি আপুনি খালী পেটত কুহুমীয়া পানী খায় তেন্তে ই আপোনাৰ মানসিক চাপ হ্ৰাস কৰে। ই ৰক্ত সঞ্চালন উন্নত কৰাত সহায়ক হয়। পিৰিয়ডৰ সময়ত হোৱা ক্ৰেম্প ভাল কৰিব পাৰে  লগতে মূৰৰ বিষ, মাইগ্ৰেইন আদিৰ পৰা কিছু সকাহ দিব পাৰে।

 

অন্য খবৰ পঢ়কঃ মন হ’ব শান্তি, দিন হৈ পৰিব শুভ! পুৱা উঠি খালী পেটত ১০ মিনিটৰ বাবে কৰক এই কাম…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...