ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰেনে? গিলাচত চুমুক দিয়াৰ পূৰ্বে জানি লওক এই তথ্য

তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰি ৰাখিবলৈ আৰু ইনচুলিন হৰম’ন কাৰ্যক্ষম কৰি ৰাখিবলৈ ডায়েবেটিছ ৰোগীসকলে প্ৰায়ে নিজৰ প্ৰিয় খাদ্যও ত্যাগ কৰিবলগা হয়। গতিকে গৰমৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁলোকে কুঁহিয়াৰৰ ৰস খাব পাৰে নে নোৱাৰে, সেয়া জানি লোৱা উচিত।

ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰেনে? গিলাচত চুমুক দিয়াৰ পূৰ্বে জানি লওক এই তথ্য

ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰেনে?

Published: 

10 Aug 2025 | 04:47 PM

ৰাজ্যত শেহতীয়া কিছুদিন ধৰি বৰষুণৰ বাবে গৰমৰ মাত্ৰা কিছু হ্ৰাস পাইছে তথাপি গৰমৰ দিনৰ অন্ত পৰা বুলিলে নিশ্চয় ভুল কৰা কিছুদিন পূৰ্বলৈ সূৰ্যৰ প্ৰখৰ তাপে সকলোকে বাৰুকৈয়ে দহিছিল সাধাৰণতে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে নানা পন্থাৰ আশ্ৰয় লয় বহু লোকে গৰমৰ পৰা সকাহ পাবলৈ শীতল পানীয় খায় কিন্তু এই শীতল পানীয়ৰ ফলত পৰা স্বাস্থ্যজনিত সমস্যাৰ বিষয়েও কমবেছি পৰিমাণে আমি সকলো জ্ঞাত

সেয়ে গৰমৰ পৰা পৰিত্ৰাণৰ বাবে প্ৰাকৃতিক কিছুমান পানীয় গ্ৰহণ কৰিব পাৰে এইক্ষেত্ৰত কুঁহিয়াৰৰ ৰস অত্যন্ত সুবিধাজনক পিছে ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰৰ ৰস খোৱা উচিত নে? স্বাভাৱিকতেই ডায়েবেটিছ ৰোগীসকলে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে চকু দিব লগা হয়

তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰি ৰাখিবলৈ আৰু ইনচুলিন হৰম’ন কাৰ্যক্ষম কৰি ৰাখিবলৈ তেওঁলোকে প্ৰায়ে নিজৰ প্ৰিয় খাদ্যও ত্যাগ কৰিবলগা হয়। গতিকে গৰমৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁলোকে কুঁহিয়াৰৰ ৰস খাব পাৰে নে নোৱাৰে, সেয়া জানি লোৱা উচিত

এগিলাচ কুঁহিয়াৰ ৰসত ১৮০ গ্ৰাম কেলৰি, ১৫ শতাংশ চুক্ৰ’জ, ১৫ শতাংশ ডায়েটাৰী ফাইবাৰ আৰু ৭৫ শতাংশ পানী থাকে। কুঁহিয়াৰৰ ৰসে শৰীৰক হাইড্ৰেট আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ইয়াত কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি খনিজ পদাৰ্থও থাকে।

তদুপৰি কুঁহিয়াৰ ৰসত কেতবোৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে, যি বিভিন্ন শাৰীৰিক সমস্যাৰ বিৰুদ্ধে যুঁজত ফলপ্ৰসূ ভূমিকা পালন কৰে। কিন্তু ডায়েবেটিছ ৰোগীসকলৰ বাবে কুঁহিয়াৰ ৰস উপকাৰী নহ’বও পাৰে। এগিলাচ চুপাৰিৰ ৰসত ১৫ শতাংশ চুক্ৰ’জ থাকে, এয়া ডায়েবেটিছ ৰোগীৰ বাবে একেবাৰেই ভাল নহয়।

ডায়েবেটিছ ৰোগীৰ বাবে চুক্ৰ’জ অত্যন্ত ক্ষতিকাৰক। তেনে পৰিস্থিতিত অত্যধিক পৰিমাণৰ কুঁহিয়াৰৰ ৰস সেৱন কৰিলে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কিন্তু সীমিত পৰিমাণৰ চুপাৰিৰ ৰস খোৱাটো ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক নহ’বও পাৰে। অৱশ্যে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...