ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰেনে? গিলাচত চুমুক দিয়াৰ পূৰ্বে জানি লওক এই তথ্য

তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰি ৰাখিবলৈ আৰু ইনচুলিন হৰম’ন কাৰ্যক্ষম কৰি ৰাখিবলৈ ডায়েবেটিছ ৰোগীসকলে প্ৰায়ে নিজৰ প্ৰিয় খাদ্যও ত্যাগ কৰিবলগা হয়। গতিকে গৰমৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁলোকে কুঁহিয়াৰৰ ৰস খাব পাৰে নে নোৱাৰে, সেয়া জানি লোৱা উচিত।

ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰেনে? গিলাচত চুমুক দিয়াৰ পূৰ্বে জানি লওক এই তথ্য

ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰেনে?

Published: 

10 Aug 2025 16:47 PM

ৰাজ্যত শেহতীয়া কিছুদিন ধৰি বৰষুণৰ বাবে গৰমৰ মাত্ৰা কিছু হ্ৰাস পাইছে তথাপি গৰমৰ দিনৰ অন্ত পৰা বুলিলে নিশ্চয় ভুল কৰা কিছুদিন পূৰ্বলৈ সূৰ্যৰ প্ৰখৰ তাপে সকলোকে বাৰুকৈয়ে দহিছিল সাধাৰণতে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে নানা পন্থাৰ আশ্ৰয় লয় বহু লোকে গৰমৰ পৰা সকাহ পাবলৈ শীতল পানীয় খায় কিন্তু এই শীতল পানীয়ৰ ফলত পৰা স্বাস্থ্যজনিত সমস্যাৰ বিষয়েও কমবেছি পৰিমাণে আমি সকলো জ্ঞাত

সেয়ে গৰমৰ পৰা পৰিত্ৰাণৰ বাবে প্ৰাকৃতিক কিছুমান পানীয় গ্ৰহণ কৰিব পাৰে এইক্ষেত্ৰত কুঁহিয়াৰৰ ৰস অত্যন্ত সুবিধাজনক পিছে ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰৰ ৰস খোৱা উচিত নে? স্বাভাৱিকতেই ডায়েবেটিছ ৰোগীসকলে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে চকু দিব লগা হয়

তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰি ৰাখিবলৈ আৰু ইনচুলিন হৰম’ন কাৰ্যক্ষম কৰি ৰাখিবলৈ তেওঁলোকে প্ৰায়ে নিজৰ প্ৰিয় খাদ্যও ত্যাগ কৰিবলগা হয়। গতিকে গৰমৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁলোকে কুঁহিয়াৰৰ ৰস খাব পাৰে নে নোৱাৰে, সেয়া জানি লোৱা উচিত

এগিলাচ কুঁহিয়াৰ ৰসত ১৮০ গ্ৰাম কেলৰি, ১৫ শতাংশ চুক্ৰ’জ, ১৫ শতাংশ ডায়েটাৰী ফাইবাৰ আৰু ৭৫ শতাংশ পানী থাকে। কুঁহিয়াৰৰ ৰসে শৰীৰক হাইড্ৰেট আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ইয়াত কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি খনিজ পদাৰ্থও থাকে।

তদুপৰি কুঁহিয়াৰ ৰসত কেতবোৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে, যি বিভিন্ন শাৰীৰিক সমস্যাৰ বিৰুদ্ধে যুঁজত ফলপ্ৰসূ ভূমিকা পালন কৰে। কিন্তু ডায়েবেটিছ ৰোগীসকলৰ বাবে কুঁহিয়াৰ ৰস উপকাৰী নহ’বও পাৰে। এগিলাচ চুপাৰিৰ ৰসত ১৫ শতাংশ চুক্ৰ’জ থাকে, এয়া ডায়েবেটিছ ৰোগীৰ বাবে একেবাৰেই ভাল নহয়।

ডায়েবেটিছ ৰোগীৰ বাবে চুক্ৰ’জ অত্যন্ত ক্ষতিকাৰক। তেনে পৰিস্থিতিত অত্যধিক পৰিমাণৰ কুঁহিয়াৰৰ ৰস সেৱন কৰিলে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কিন্তু সীমিত পৰিমাণৰ চুপাৰিৰ ৰস খোৱাটো ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক নহ’বও পাৰে। অৱশ্যে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...