কফ চিৰাপ বা ঔষধৰ প্ৰয়োজন নাই, শিশুৰ কাহ-চৰ্দি হ’লে এই প্ৰতিকাৰ গ্ৰহণ কৰক
বহু অভিভাৱকে লগে লগে চিৰাপ বা ঔষধৰ আশ্ৰয় লয় যদিও কিছুমান ক্ষেত্ৰত ঘৰুৱা উপায় আৰু সঠিক যত্ন যথেষ্ট হ’ব পাৰে। আগতীয়াকৈ ৰোগ নিৰ্ণয়, ঘৰুৱা উপায়, খাদ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ পৰামৰ্শই শিশুসকলক সকাহ প্ৰদান কৰাত সহায় কৰিব পাৰে।

প্ৰতীকী ফটো
ঋতু পৰিৱৰ্তনৰ সময়ত শিশুৰ কাহ আৰু চৰ্দি হোৱাটো স্বাভাৱিক। ঠাণ্ডা বতাহ, আৰ্দ্ৰতাৰ পৰিৱৰ্তন, ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলায়। বহু অভিভাৱকে লগে লগে চিৰাপ বা ঔষধৰ আশ্ৰয় লয় যদিও কিছুমান ক্ষেত্ৰত ঘৰুৱা উপায় আৰু সঠিক যত্ন যথেষ্ট হ’ব পাৰে। আগতীয়াকৈ ৰোগ নিৰ্ণয়, ঘৰুৱা উপায়, খাদ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ পৰামৰ্শই শিশুসকলক সকাহ প্ৰদান কৰাত সহায় কৰিব পাৰে। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ ডাঃ প্ৰশান্ত গুপ্তা আৰু এইমছ দিল্লীৰ শিশু চিকিৎসা বিভাগৰ ডাঃ হিমাংশু ভাদানীয়ে এই বিষয়ে ব্যাখ্যা কৰিছে।
ডাঃ হিমাংশুৱে কয় যে, কাহ আৰু চৰ্দিৰ বাবে ভাপ উশাহ বা হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব পাৰি। এবছৰৰ ওপৰৰ শিশুৰ বাবে অলপ মৌ খালে ডিঙিৰ বিষ আৰু কাহৰ পৰা উপশম পোৱা যায়। এবছৰৰ তলৰ শিশুক মৌ নোখোৱাব। ইয়াৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব।
কাহত আক্ৰান্ত শিশুৱে কি খাব লাগে, আৰু কি কি পৰিহাৰ কৰিব লাগে?
ডাঃ হিমাংশুৱে কয় যে, কাহত আক্ৰান্ত শিশুক লঘু আৰু পুষ্টিকৰ আহাৰ দিব লাগে। চূপ, দাইল, কুহুমীয়া গাখীৰ, ফল-মূল, ৰস আৰু সেউজীয়া শাক-পাচলিয়ে শ্লেষ্মা পাতল কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডিঙি আৰু হাওঁফাওঁ হাইড্ৰেট কৰি ৰাখিবলৈ শিশুক প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিব লাগে। ঠাণ্ডা আৰু তেলীয়া খাদ্য, ভজা খাদ্য, চকলেট, ঠাণ্ডা পানীয়, জাংক ফুড আদি খালে শ্লেষ্মা ঘন হ’ব পাৰে। গাখীৰ বা দুগ্ধজাত সামগ্ৰীয়ে এলাৰ্জী থকা শিশুৰ কাহ আৰু বেছি কৰিব পাৰে, গতিকে চিকিৎসকৰ নিৰ্দেশ অনুসৰিহে খাব লাগে। স্বাস্থ্যসন্মত, লঘু খাদ্যই আপোনাৰ শিশুটিক সোনকালে সুস্থ হোৱাত সহায় কৰে।
শিশুটিক কেতিয়া চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে, আৰু কোনজন চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে?
দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ সহযোগী অধ্যাপক ড° প্ৰশান্ত গুপ্তাই এই বিষয়ে ব্যাখ্যা কৰিছে। ডাঃ গুপ্তাৰ মতে যদি ৩ৰ পৰা ৫ দিনৰ ভিতৰত কাহ ভাল নহয়, কফ হালধীয়া-সেউজীয়া বা তেজ ওলায়, আৰু অধিক জ্বৰ হয় বা উশাহ লোৱাত অসুবিধা হয়, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। সাধাৰণ কাহৰ বাবে প্ৰথমে শিশু চিকিৎসকৰ পৰামৰ্শ লওক। যদি চিকিৎসকে হাঁপানি, এলাৰ্জী বা হাওঁফাওঁৰ গুৰুতৰ সমস্যাৰ সন্দেহ কৰে তেন্তে শিশুৰ পালমোন’লজিষ্টৰ পৰামৰ্শ ল’ব পাৰে।