আৱিষ্কাৰ হৈছে শিশুৰ দেহৰ নতুন ডায়েবেটিছ, চাওক কি কৈছে বিশেষজ্ঞই

বৰ্তমান শিশুৰ ক্ষেত্ৰতো দেখা গৈছে ডায়েবেটিছ ৰোগ। এই প্ৰসংগত ইংলেণ্ডৰ বিজ্ঞানীসকলে এক নতুন আৰু বিৰল প্ৰকাৰৰ ডায়েবেটিছ চিনাক্ত কৰিছে। জানো আহক এই বিষয়ে।

আৱিষ্কাৰ হৈছে শিশুৰ দেহৰ নতুন ডায়েবেটিছ, চাওক কি কৈছে বিশেষজ্ঞই

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

10 Oct 2025 | 06:41 PM

শেহতীয়া সময়ছোৱাত ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বয়োজ্যেষ্ঠসকলৰ লগতে যুৱকযুৱতীসকলৰ মাজতো ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পিছে প্ৰাপ্তঃবয়স্ক লোকসকলৰ মাজতে এতিয়া ডায়েবেটিছ ৰোগ সীমাবদ্ধ হৈ থকা নাই, বৰ্তমান শিশুৰ ক্ষেত্ৰতো দেখা গৈছে ডায়েবেটিছ ৰোগ। এই প্ৰসংগত ইংলেণ্ডৰ বিজ্ঞানীসকলে এক নতুন আৰু বিৰল প্ৰকাৰৰ ডায়েবেটিছ চিনাক্ত কৰিছে

এই নতুন ডায়েবেটিছ কেৱল ছয় মাহৰ তলৰ শিশুৰ ক্ষেত্ৰতহে পোৱা যায়। এই ৰোগৰ কাৰণ হৈছে TMEM167A জিনৰ মিউটেচন। প্ৰকাশিত তথ্য মতে TMEM167A জিনৰ মিউটেচনৰ ফলত হোৱা এই ডায়েবেটিছ টাইপ ১, ২, আৰু টাইপ ডায়েবেটিছতকৈ পৃথক।

টাইপ ১ ডায়েবেটিছত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ইনচুলিন উৎপাদনকাৰী কোষবোৰ ধ্বংস কৰে, আনহাতে টাইপ ২ ডায়েবেটিছত শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। টাইপ ৩ ডায়েবেটিছ হৈছে মগজুৰ বিকাশৰ লগত জড়িত এক বিৰল ৰূপ।

ইয়াৰ বিপৰীতে TMEM167A মিউটেচনৰ ফলত হোৱা ডায়েবেটিছৰ ফলত ইনচুলিন উৎপাদনকাৰী কোষবোৰৰ বিজুতি ঘটে, যাৰ ফলত তেজত চেনিৰ মাত্ৰা অধিক হয়। TMEM167A মিউটেচনৰ ফলত হোৱা ডায়েবেটিছ লে শিশুৰ পিয়াহ বৃদ্ধি, ওজন কমি যোৱা, ভাগৰুৱা হোৱা, তেজত চেনিৰ মাত্ৰা অধিক হোৱা আদি লক্ষণ দেখা দিব পাৰে।

ইয়াৰ উপৰিও এই ৰোগত আক্ৰান্ত শিশুৱে স্নায়ুজনিত সমস্যা যেনে মাইক্ৰ’চেফেলি, মগজুৰ বিকাশত পলম হোৱাৰ লক্ষণ, মৃগীৰোগৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই অৱস্থা আজীৱন হ’ব পাৰে বা কেইমাহমানৰ পিছত ভাল হ’ব পাৰে, কিন্তু পিছত কেতিয়াবা পুনৰ এনে সমস্যা হ’ব পাৰে।

ৰোগ নিৰ্ণয় আৰু চিকিৎসা

বৰ্তমান এই ৰোগৰ কোনো স্থায়ী নিৰাময় নাই যদিও ইনচুলিন থেৰাপীয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। জিন পৰীক্ষা আৰু ষ্টেম চেল মডেলৰ সহায়ত এই ৰোগ নিৰ্ণয় কৰিব পাৰি বুলি কোৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব