কেনেকৈ, কেতিয়া কৰিব ৰুদ্ৰাভিষেক? শাওণৰ এই ৭ দিন অত্যন্ত শুভ…

শাওণ মাহত ৰুদ্ৰাভিষেক কৰিলে মনৰ আশা পূৰণ হয় আৰু সকলো সমস্যাৰ পৰা মুক্তি পোৱা যায়, গ্ৰহ সন্তুষ্ট হয়। ৰুদ্ৰাভিষেকৰ বাবে আছে বিশেষ নিয়ম। ইয়াৰোপৰি শাওণ মাহটোত এনে কেইটামান দিন আছে যি দিন ৰুদ্ৰাভিষেকৰ বাবে অত্যন্ত ভাল।

কেনেকৈ, কেতিয়া কৰিব ৰুদ্ৰাভিষেক? শাওণৰ এই ৭ দিন অত্যন্ত শুভ...

শিৱ

Published: 

25 Jul 2024 06:29 AM

শিৱৰ প্ৰিয় মাহ শাওণ ইতিমধ্যে আৰম্ভ হৈছে। এই মাহটোত শিৱক পূজা কৰিলে মনৰ আশা পূৰ্ণ হয় বুলি কোৱা হয়। যাৰ বাবে বহুতে এই মাহটোত ব্ৰত ৰাখে ইয়াৰোপৰি ব’ল ব’ম যাত্ৰা কৰে। বিভিন্ন ঠাইত ব’ল ব’ম যাত্ৰাক বেলেগ বেলেগ নামেৰে জনা যায়। মান্যতা অনুসৰি শিৱ বহু সোনকালেই সন্তুষ্ট হয়। কিন্তু কিছুমান বিশেষ  ধৰণে পূজা কৰিলে পোৱা যায় সুফল। ধৰ্মগ্ৰন্থ অনুসৰি ৰুদ্ৰাভিষেক হৈছে ভগৱান শিৱক সন্তুষ্ট কৰাৰ আটাইতকৈ ভাল উপায়।

কোৱা হয়, শাওণ মাহত ৰুদ্ৰাভিষেক কৰিলে মনৰ আশা পূৰণ হয় আৰু সকলো সমস্যাৰ পৰা মুক্তি পোৱা যায়, গ্ৰহ সন্তুষ্ট হয়। ৰুদ্ৰাভিষেকৰ বাবে আছে বিশেষ নিয়ম। ইয়াৰোপৰি শাওণ মাহটোত এনে কেইটামান দিন আছে যি দিন ৰুদ্ৰাভিষেকৰ বাবে অত্যন্ত ভাল।

ৰুদ্ৰাভিষেক কি

ধৰ্মগ্ৰন্থ অনুসৰি ৰুদ্ৰাভিষেক শাওণ মাহ আৰু শিৱৰাত্ৰিৰ সময়ত কৰাতো ভাল। ৰুদ্ৰাভিষেক মানে ভগৱান ৰুদ্ৰৰ অভিষেক অৰ্থাৎ ৰুদ্ৰ মন্ত্ৰৰ দ্বাৰা শিৱলিংগৰ অভিষেক। ৰুদ্ৰাভিষেক কৰিলে ভোলেনাথৰ আশীৰ্বাদ পোৱা যায় আৰু কালসৰ্প দোষকো ৰাশিফলৰ পৰা আঁতৰাই দিয়ে। শিৱলিংগৰ জলাভিষেক বা ৰুদ্ৰাভিষেক শাওণৰ প্ৰতিদিনে কৰিব পাৰি। কিন্তু এইবাৰ শাওণ মাহত ৰুদ্ৰাভিষেক কৰাৰ বাবে ৭ দিনক অতি বিশেষ বুলি গণ্য কৰা হয়।

  • শিৱৰাত্ৰিঃ শাওণৰ শিৱৰাত্ৰি বহু বিশেষ বুলি কোৱা হয়। এই দিনটোত বিধি- বিধান অনুসৰি পূজা কৰাৰ লগতে ৰুদ্ৰাভিষেক কৰিব পাৰে। এইবাৰ শাাওণৰ শিৱৰাত্ৰি ২ আগষ্ট, ২০২৪।
  • নাগপঞ্চমীঃ শাওণ মাহৰ নাগপঞ্চমী দিনটো ৰুদ্ৰাভিষেকৰ বাবে শুভ। এই শাওণৰ নাগপঞ্চমী ৯ আগষ্ট, ২০২৪।
  • সোমবাৰঃ শাওণৰ প্ৰতিটো সোমবাৰে কৰিব পাৰে ৰুদ্ৰাভিষেক। শাওণৰ দ্বিতীয়টো সোমবাৰে ২৯ জুলাই, তৃতীয়টো ৫ আগষ্ট. চতুৰ্থটো ১২ আু শেষৰটো সোমবাৰে ১৯ আগষ্ট।

কি কি সামগ্ৰীৰ প্ৰয়োজন

ৰুদ্ৰাভিষেকৰ বাবে তলত দিয়া সামগ্ৰীসমূহৰ প্ৰয়োজন-

  • বিশুদ্ধ পানী, বা গংগা পানী
  • গাখীৰ,
  • দৈ,
  • চেনিৰ গুড়ি,
  • কুহিয়াৰৰ ৰস,
  • ঘিউ আৰু মৌ

ৰুদ্ৰাভিষেক কৰাৰ সময়ত প্ৰথমে শিৱলিংগক বিশুদ্ধ পানী আগবঢ়াব লাগে। ইয়াৰ পিছত গাখীৰ, দৈ, ঘিউ আৰু মৌও শিৱলিঙক আগবঢ়াব লাগে। শেষত আকৌ এবাৰ জলাভিষেক কৰিব লাগে।

কেনেকৈ কৰিব

  • শিৱ লিংগক উত্তৰ দিশত ৰাশি আপোনাৰ মুখ পূৱ দিশত ৰাখক।
  • প্ৰথমে জলাভিষেক কৰক ।
  • পাছত কুহিয়াৰৰ ৰস, মৌ, গাখীৰ, দৈ অথবা পঞ্চামৃতৰে অভিষেক কৰক।
  • এই সময়চোৱাত মহামৃত্যুঞ্জয় মন্ত্ৰ- ওমঃ নমঃ শিৱায় অথবা ৰুদ্ৰাষ্টকম মন্ত্ৰ জপ কৰক।
  • পাছত শিৱলিংগক চন্দনৰ লেপ লগাওক। বেলপাত আগবঢ়াওক।
  • শিৱৰ বাবে প্ৰস্তুত কৰা খাদ্য অথবা প্ৰসাদ আগবঢ়াওক।
  • পাছত ভগৱান শিৱৰ মন্ত্ৰ ১০৮ বা জপ কৰি পৰিয়ালৰ সৈতে শিৱৰ আৰতি কৰক।
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension