শাওনৰ মাহত এনেদৰে ৰাখক ব্ৰত, পাব ভগৱান শিৱৰ আশীৰ্বাদ…

এইবাৰ ২০২৪ চনৰ ২২ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে শাওন মাহ। ৰুদ্ৰাক্ষ পৰিধানৰ কৰাৰ বাবে  শাওন মাহটো উত্তম বুলি বিবেচিত হয়। এই মাহত ৰুদ্ৰাক্ষ পিন্ধিলে ভাল ফল পোৱা যায়।

শাওনৰ মাহত এনেদৰে ৰাখক ব্ৰত, পাব ভগৱান শিৱৰ আশীৰ্বাদ...

শাওন

Updated On: 

18 Jul 2024 | 09:43 AM

হিন্দু ধৰ্মৰ মান্যতা অনুসৰি ভগৱান শিৱক সন্তুষ্টি কৰি কৃপা লাভ কৰিবলৈ শাওনৰ মাহটোৰ গুৰুত্ব অধিক। শাওনৰ মাহত বহুতে ব্ৰত পালন কৰে। কিন্তু কিছুমান নিয়ম পালন কৰি ব্ৰত কৰিলেহে সুফল পোৱা যায় বুলি কোৱা হয়। এটা সৰু ভুলৰ বাবে ব্ৰত ভংগ হব পাৰে। তেনে কৰিলে আপোনাৰ মনৰ কামনা পূৰ্ণ হোৱাত বাধা আহি পৰে। মান্যতা অনুসৰি যিলোকে শাওনৰ মাহত ভগৱান শিৱৰ পূজা কৰে সেই জনক শিৱই সকলো ধৰণৰ দুখ কষ্টৰ পৰা দূৰত ৰাখে।

শাওনৰ মাহত কি খাব লাগে

  • শাওনৰ মাহত  কেৱল সাত্বিক খাদ্যহে খাব লাগে, ইয়াৰ ভিতৰত ফলমূল, শাক-পাচলি, দৈ, গাখীৰ, শুকান ফল আৰু গোটা শস্য আদি অন্তৰ্ভুক্ত।
  • ব্ৰতৰ সময়ত লঘু খাদ্য খাব লাগে যাতে সোনকালে হজম হয়।
  • উপবাসৰ সময়তো পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।
  • পানী, ফল-মূল, জুচ আদি খাব পাৰে, ই শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰিব।

কি খাব নালাগে

  • ব্ৰতৰ সময়ত মচলাযুক্ত খাদ্য খাব নালাগে। ই পেটৰ অসুখ কৰিব পাৰে।
  • অত্যাধিক খাদ্য ব্ৰতত খাব নালাগে।
  • মাংস, মাছ আৰু কণী, সুৰা আদি পান কৰিব নালাগে।

নিয়ম

  • শাওনৰ মাহত ব্ৰত কৰা সকলে  সূৰ্য্য উদয়ৰ আগতেই উপবাসৰ খাদ্য গ্ৰহণ কৰিব লাগে।
  • আহাৰ খোৱাৰ পিছত প্ৰসাদ খাব লাগে আৰু দুখীয়াক দান কৰিব লাগে।
  • ধ্যান আৰু পূজা কৰিব লাগে। ই মন শান্ত ৰখাত সহায় কৰিব।
  • ব্ৰতৰ সময়ত ফল-মূল আদি খাই থাকিব পাৰে।

শাস্ত্ৰ অনুসৰি শাওনৰ মাহতো শিৱৰ। এই মাহত শিৱক পূজা কৰিলে শীঘ্ৰেই সুফল পোৱা যায়। সোমবাৰ দিনটো অত্যন্ত ভাল।শাওনৰ সোমবাৰৰ ব্ৰত ভঙা সময়ত আমিষ খাদ্য, হালধি, পিয়াজ আৰু টেঙা খাদ্য গ্ৰহণ নকৰিব। এনে কৰিলে ব্ৰত আধৰুৱা হৈ থাকিব।

এইবাৰ ২০২৪ চনৰ ২২ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ’ব শাওন মাহ। ৰুদ্ৰাক্ষ পৰিধানৰ কৰাৰ বাবে  শাওন মাহটো উত্তম বুলি বিবেচিত হয়। এই মাহত ৰুদ্ৰাক্ষ পিন্ধিলে ভাল ফল পোৱা যায়। ৰুদ্ৰাক্ষক অতি পবিত্ৰ আৰু শক্তিশালী বুলি গণ্য কৰা হয়, সেয়েহে ইয়াক প্ৰকৃত হৃদয়েৰে আৰু কিছুমান নিয়ম পালন কৰি পিন্ধিব লাগে। এনে কৰিলে এজন ব্যক্তিয়ে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু আধ্যাত্মিক অগ্ৰগতি লাভ কৰে। যদিও সোমবাৰ, পূৰ্ণিমা বা অমাৱস্যাত ৰুদ্ৰাক্ষ পিন্ধা ভাল, কিন্তু  শাওন মাহত ৰুদ্ৰাক্ষ পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব