শাওণৰ দ্বিতীয় সোমবাৰত শুভ সংযোগ! এই সময়ত এনেদৰে শিৱক পূজা কৰিলে পাব সুফল

মান্যতা অনুসৰি শাওণ মাহত সোমবাৰে ব্ৰত ৰাখিলে ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে শিৱই। এইবাৰ দ্বিতীয়টো সোমবাৰত বিশেষ শুভ সংযোগ আৰু নক্ষত্ৰ সংযোগ । এই সংযোগৰ সময়ত ভগৱান শিৱক পূজা কৰিলে বিশেষ ফল পোৱা যায়।

শাওণৰ দ্বিতীয় সোমবাৰত শুভ সংযোগ! এই সময়ত এনেদৰে শিৱক পূজা কৰিলে পাব সুফল

শাওণ মাহ

Published: 

28 Jul 2024 | 02:08 PM

কাইলৈ অৰ্থাৎ ২৯ জুলাই শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। শাওণৰ মাহটোত ভগৱান শিৱৰ পূজা কৰিলে সকলো ধৰণৰ অপায়- অমংগল দূৰ হোৱাৰ লগতে সকলোফালে উন্নতি হয় বুলি কোৱা হয়। যাৰ বাবে বহুতে শাওণৰ প্ৰত্যেক সোমবাৰে ব্ৰত ৰাখে। শাওণৰ সোমবাৰৰ থাকে কিছু বিশেষ মহত্ব। মান্যতা অনুসৰি শাওণ মাহত সোমবাৰে ব্ৰত ৰাখিলে ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে শিৱই। এইবাৰ দ্বিতীয়টো সোমবাৰত বিশেষ শুভ সংযোগ আৰু নক্ষত্ৰ সংযোগ । এই সংযোগৰ সময়ত ভগৱান শিৱক পূজা কৰিলে বিশেষ ফল পোৱা যায়।

শাওণৰ দ্বিতীয়টো সোমবাৰৰ বিশেষত্ব

  • ব্ৰহ্ম মুহুৰ্তঃ ২৯ জুলাই, ২০২৪ ৰ পুৱা ৪ বাজি ১৭ মিনিটৰ পৰা ৪ বাজি ৫৯ মিনিটলৈ
  • অভিজিত মুহুৰ্তঃ ২৯ জুলাই দিনৰ ১১ বাজি ৪৮ মিনিটৰ পৰা দিনৰ ১২ বাজি ৪২ মিনিটলৈ।
  • ভৰণী নক্ষত্ৰঃ ২৯ জুলাইৰ পুৱা ১০ বাজি ৫৫ মিনিটলৈ। তাৰ পাছত কৃত্তিকা নক্ষত্ৰ পৰিব।
  • গন্ধ যোগ- ২৯ জুলাইৰ পুৱা ৫ বাজি ৫৫ মিনিটলৈ। ইয়াৰ পাছত বৃদ্ধি যোগ আৰম্ভ হ’ব।
  • অমৃত কালৰ সময়ঃ ২৯ জুলাইৰ পুৱা ৬ বাজি ১৯ মিনিটৰ পৰা আৰম্ভ হৈ পুৱা ৭ বাজি ৫০ বজালৈ।

পূজাৰ নিয়ম

  • শাওণৰ দ্বিতীয়টো সোমবাৰে পুৱা সোনকালে উঠি গা ধুই পৰিস্কাৰ কাপোৰ পৰিধান কৰক।
  • ঘৰৰ লগতে পূজাস্থলীও চাফ- চিকুন কৰক।
  • মৌ, গাখীৰ, দৈ আৰু পানীৰে শিৱ লিংগক জলাভিষেক কৰক।
  • ইয়াৰ পাছত শিৱ লিংগত বেল পাত, ধতুৰা, ভাং আৰু অন্য পূজা সামগ্ৰী দিয়কয
  • ভগৱান শিৱৰ পূজা কৰাৰ লগতে মা পাৰ্বতী আৰু গনেশৰ পূজা কৰাও আৱশ্যক।
  • শিৱ চলিচা পাঠ কৰক আৰু শেষত আৰতী কৰি মন্ত্ৰ জপ কৰক।
  • ব্ৰত ৰখাৰ সময়ত পানী আৰু ফল আদি খাব পাৰিব।

কি মন্ত্ৰ জপ কৰিব

ওম ত্ৰয়ম্বক যজামহে সুগন্ধি পুষ্টিবৰ্ধনাম। উৰ্বাৰুকমিব বন্ধানানমৃত্যুমৃক্ষীয় মামৃতাত।

ওম নমঃ শিৱায়।

মান্যতা অনুসৰি সোমবাৰৰ দিনটোত ৰুদ্ৰাভিষেক কৰাতো ভাল। দ্বিতীয় সোমবাৰৰ ব্ৰত পুৱাৰ পৰা সন্ধিয়া ৫ বাজি ৫৫ মিনিটলৈ থাকিব।  উল্লেখ্য যে, এই শাওণৰ মাহতে হয় ব’ল ব’ম। ঠাই ভেদে ইয়াৰ নাম বেলেগ বেলেগ হয়। এই সময়চোৱাত ভক্তই নদীৰ পৰা পানী আনি শিল লিংগত জলাভিষেক কৰে।   মান্যতা অনুসৰি শাওণৰ মাহটো শিৱৰ প্ৰিয়। এই মাহটোত শিৱক পূজা আগবঢ়ালে সুফল পোৱা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...