বতৰ সেমেকা হ’লেই পানী লগা সমস্যাই জুৰুলা কৰে নেকি? এইদৰে নিমিষতে পাব উপশম…

বহু সময়ত দেখা যায়, ঘৰতে থকা ঔষধ সেৱন কৰি কিছু লোকে পানী লগা বা চৰ্দিৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ চেষ্টা কৰে। কিন্তু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ সেৱা কৰা কেতিয়াও উচিত নহয়। তাৰ পৰিৱৰ্তে পানী লগা বা চৰ্দিৰ পৰা প্ৰতিকাৰৰ বাবে ঘৰুৱা প্ৰাকৃতিক যতনৰ সহায় লোৱাই উচিত। এনে কিছু সহজ ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক।

বতৰ সেমেকা হ’লেই পানী লগা সমস্যাই জুৰুলা কৰে নেকি? এইদৰে নিমিষতে পাব উপশম...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

28 Jul 2025 00:27 AM

বাৰিষাৰ সময়ত চৰ্দি বা পানী লগাটো এটা সাধাৰণ সমস্যা। বহুলোকে চাইনাছ বা এলাৰ্জীৰ বাবে এই অসুবিধাত ভোগে। এই সমস্যাৰ বাবে আমি লগে লগে চিকিৎসকৰ কাষ চপাৰ পৰিৱৰ্তে কিছুমান সহজ ঘৰুৱা উপায়েৰেই আৰম্ভণিতে উপশম লাভ কৰিব পাৰোঁ। বহু সময়ত দেখা যায়, ঘৰতে থকা ঔষধ সেৱন কৰি কিছু লোকে এই সমস্যাৰ পৰা পৰিত্ৰাণৰ চেষ্টা কৰে। কিন্তু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ সেৱা কৰা কেতিয়াও উচিত নহয়।

তাৰ পৰিৱৰ্তে পানী লগা বা চৰ্দিৰ পৰা প্ৰতিকাৰৰ বাবে ঘৰুৱা প্ৰাকৃতিক যতনৰ সহায় লোৱাই উচিত। এনে কিছু সহজ ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক-

১) আদা, তুলসীপাত, নেমুৰ ৰসৰ সৈতে এচামুচ মৌ মিহলাই গৰম চাহ বনাওক। এই চাহ দিনে ২-৩ বাৰ খালে শৰীৰ গৰম হৈ থাকে আৰু চৰ্দিৰ পৰা উপশম লাভ কৰিব। লগতে এই চাহে এলাৰ্জী প্ৰতিৰোধ কৰিব।

২) গৰম পানীত ইউকেলিপ্টাছৰ তেল বা পদূনা পাত দি, কাপোৰ বা টাৱেলৰে আপোনাৰ মূৰটো ঢাকি ভাপ লওক। ই বন্ধ নাক খুলি দিয়ে আৰু নাকৰ পৰা পানী ওলোৱাৰ ক্ষেত্ৰত সকাহ দিয়ে।

৩) ঘিউ বা সৰিয়হৰ তেলত কেইটুকুৰামান নহৰু কিছু সময় গৰম কৰি খালে চৰ্দিৰ পৰা যথেষ্ট আৰাম পোৱা যায়।

৪) নাকৰ দুয়োফালে গৰম সৰিয়হৰ তেলেৰে লঘুভাৱে মালিচ কৰিলে সকাহ পোৱা যায়।

৫) আদা, নহৰু আৰু বিভিন্ন শাক-পাচলিৰে তৈয়াৰী গৰম চুপ খাওক। ইয়াৰ দ্বাৰা শৰীৰত যথেষ্ট আৰাম অনুভৱ কৰিব।

৬) দিনটোত গৰম পানী খাব লাগে। লগতে শৰীৰটো গৰম কৰি ৰাখক আৰু জিৰণি লওক।

৭) আইচক্ৰীম, ফ্ৰীজৰ ঠাণ্ডা পানী, শীতল পানীয় পৰিহাৰ কৰক। ফ্ৰীজত থোৱা খাদ্যবোৰে এইসময়ত শৰীৰটো বেছি দুৰ্বল কৰি তুলিব পাৰে।

অৱশ্যে যদিহে ৪-৫ দিনতকৈ অধিক সময় চৰ্দি হৈ থাকে বা জ্বৰ আৰু কাহে দেখা দিয়ে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে বাৰিষা কালত হ’ব পৰা এনে সমস্যাৰ পৰা ৰেহাই পাবলৈ আপুনি পূৰ্বৰে পৰা নিজেই সাৱধানতা লোৱা উচিত।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...