টোপনিৰ সময়ত ভৰি লৰচৰ কৰি থাকে নেকি? আওকান নকৰিব, হ’ব পাৰে এই ৰোগৰ লক্ষণ …
যদি টোপনিৰ সময়ত ভৰি দুখন বাৰে বাৰে লৰচৰ কৰাৰ অভ্যাস আছে, তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে। এইটো ৰেষ্টলেছ লেগ চিনড্ৰম (Restless leg syndrome)ৰ লক্ষণ হ’ব পাৰে। ইয়াৰ কাৰণ কি আৰু সময়মতে চিকিৎসা নোলোৱাৰ গুৰুতৰ পৰিণতি কি হ’ব পাৰে জানি লওক?

Restless Leg Syndrome
নিশা শুই থকাৰ সময়ত আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই বাৰে বাৰে ভৰি লৰচৰ কৰে নেকি? নে ভৰি দুখন জিনা-জিনাই থকা, টানি ধৰা বা অস্থিৰতা দেখা যায়, যাৰ ফলত বাৰে বাৰে টোপনি ভাঙি যায় বুলি অনুভৱ কৰে? যদি আছে, তেন্তে ই কেৱল স্বাভাৱিক ভাগৰ নহয় বৰঞ্চ ৰেষ্টলেছ লেগ চিণ্ড্ৰম (Restless Leg Syndrome) অৰ্থাৎ RLS হ’ব পাৰে।
মেক্স সাকেটৰ স্নায়ু বিজ্ঞান বিভাগৰ ইউনিট হেড ডাঃ দলজিৎ সিঙে কয় যে ৰেষ্টলেছ লেগ চিনড্ৰম হৈছে এনে এক স্নায়ুজনিত বিকাৰ, য’ত ব্যক্তিৰ ভৰি দুখন বাৰে বাৰে লৰচৰ কৰাৰ ইচ্ছা জাগে, বিশেষকৈ জিৰণি লোৱা বা শুবলৈ চেষ্টা কৰাৰ সময়ত। এই অৱস্থাত ভৰিত খজুৱতি, জ্বলা-পোৰা, বিন্ধা বা কঁপনি হোৱাৰ দৰে অদ্ভুত অভিজ্ঞতা হয়, যাৰ বাবে ব্যক্তিজনে বাৰে বাৰে ভৰি দুখন লৰচৰ কৰিবলগীয়া হয়। এই সমস্যাই টোপনিৰ মানদণ্ডত প্ৰভাৱ পেলায় আৰু গোটেই দিনটো ক্লান্তিৰ সৃষ্টি কৰিব পাৰে।
আৰ এল এছৰ লক্ষণসমূহ কি কি?
– শুই থকা বা জিৰণি লোৱাৰ সময়ত ভৰিৰ অস্থিৰতা
– ভৰি দুখন অনবৰতে লৰচৰ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা
– ভৰি জিন জিনাই তথা, টনা বা জ্বলা-পোৰা অনুভৱ কৰা
– ৰাতি সঘনাই সাৰ পোৱা
– টোপনিৰ অভাৱত দিনত ভাগৰুৱা আৰু খিংখিঙীয়া হোৱা
এই সমস্যা কেৱল ভৰিৰ মাজতে সীমাবদ্ধ নহয়, কেতিয়াবা হাততো অনুভৱ কৰিব পাৰি। টোপনিৰ সময়ত ভৰি দুখন লৰচৰ কৰাটোও এটা সাধাৰণ কিন্তু গুৰুতৰ লক্ষণ হ’ব পাৰে।
ৰেষ্টলেছ লেগ চিণ্ড্ৰমৰ কাৰণ
আইৰণৰ অভাৱ– আৰ এল এছৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল শৰীৰত আইৰণৰ অভাৱ। আইৰণৰ অভাৱত মগজুৰ ড’পামিনৰ মাত্ৰাত প্ৰভাৱ পৰে, যাৰ ফলত স্নায়ুজনিত কাৰ্যকলাপত ব্যাঘাত জন্মে।
ডায়েবেটিছ বা আঘাত – ডায়েবেটিছ বা আঘাতৰ ফলত স্নায়ুৰ ক্ষতি হোৱাৰ বাবেও আৰ এল এছ হ’ব পাৰে। ইয়াক পেৰিফেৰেল নিউৰ’পেথী বুলি কোৱা হয়, যাৰ ফলত ভৰিৰ জ্বলা, জিন জিনাই থকা আৰু অস্বস্তিৰ সৃষ্টি হয়।
পাৰ্কিনছন ৰোগ – এইটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ৰোগ, যাৰ ফলত ৰোগীৰ শাৰীৰিক কাৰ্য্যকলাপত প্ৰায়ে প্ৰভাৱ পৰে। এই ৰোগত বেছিভাগেই শৰীৰটো কপি থাকে।
গৰ্ভাৱস্থা (বিশেষকৈ শেষৰ মাহত) – ইয়াৰ কাৰণ হ’ল হৰম’নৰ পৰিৱৰ্তন আৰু আইৰণ বা ফলিক এচিডৰ অভাৱ।
টোপনিৰ অভাৱ বা অনিয়মিত ৰুটিন – টোপনিৰ অভাৱ বা টোপনিৰ সময়ত সঘনাই সাৰ পোৱাটোৱে আৰ এল এছৰ সূচনা কৰিব পাৰে। টোপনিৰ বিকাৰ যেনে স্লিপ এপনিয়াৰ সৈতে আৰ এল এছ হোৱাটো সাধাৰণ কথা।
জিনীয় কাৰণত– যিসকলৰ পৰিয়ালত এই সমস্যা আছে লগতে কিছুমান ঔষধ যেনে এন্টিডিপ্ৰেছন, বমি প্ৰতিৰোধী ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও আৰ এল এছ আৰম্ভ হয়।
ইয়াৰ প্ৰতি মনোযোগ দিয়াটো কিয় গুৰুত্বপূৰ্ণ?
যদি আৰ এল এছৰ সমস্যাটোক আওকাণ কৰা হয় তেন্তে ইয়াৰ ফলত দীৰ্ঘদিনীয়া অনিদ্ৰা অৰ্থাৎ দীৰ্ঘদিনলৈ টোপনি নোহোৱা হ’ব পাৰে। অবিৰত টোপনিৰ অভাৱৰ ফলত শৰীৰ আৰু মনৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ইয়াৰ ফলত ক্লান্তি, মনোযোগৰ অভাৱ, খিংখিঙীয়া আৰু হতাশা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
চিকিৎসা আৰু সকাহৰ ব্যৱস্থা কি?
- যদি আইৰণৰ অভাৱ হয়, তেন্তে চিকিৎসকৰ পৰা পৰীক্ষা কৰি চাপ্লিমেণ্ট গ্ৰহণ কৰক
- কেফেইন, মদ আৰু ধূমপানৰ পৰা আঁতৰি থাকক
- শোৱাৰ আগতে লাইট ষ্ট্ৰেচিং বা ভৰিৰ মালিচ কৰক
- টোপনিৰ সময় আৰু আৰ্হি নিয়মীয়া ৰাখক
সঠিক সময়ত চিকিৎসা লওক
যদি আপোনাৰ বা আপোনাৰ ওচৰৰ কোনোবাই টোপনিৰ সময়ত বাৰে বাৰে ভৰি লৰচৰ কৰাৰ অভ্যাস আছে, তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে। এইবোৰ ৰেষ্টলেছ লেগ চিনড্ৰমৰ লক্ষণ হ’ব পাৰে, যিয়ে আপোনাৰ টোপনি আৰু স্বাস্থ্য দুয়োটাতে প্ৰভাৱ পেলাব পাৰে। সময়মতে চিকিৎসা আৰু ৰুটিন সলনি কৰি এই সমস্যাৰ পৰা সকাহ পাব পাৰি।