অস্ত্ৰোপচাৰৰ পিছত ৰোগীৰ অৱস্থাৰ ক্ষেত্ৰত থাকে ভিটামিন ডিৰ বিশেষ ভূমিকাঃ জানিলে উপকৃত হ’ব আপুনি

দেহত অত্যন্ত প্ৰয়োজনীয় এক পুষ্টিকৰ উপাদান হৈছে ভিটামিন ডি। এই ভিটামিন ডি কেৱল হাড় বা স্নায়ু স্বাস্থ্যৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, অস্ত্ৰোপচাৰৰ পিছত এগৰাকী ৰোগীৰ আৰোগ্য লাভৰ লগতো এই ভিটামিনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। শেহতীয়াকৈ প্ৰকাশ পোৱা এক গৱেষণাই এই কথাষাৰ প্ৰমাণিত কৰি তুলিছে।

অস্ত্ৰোপচাৰৰ পিছত ৰোগীৰ অৱস্থাৰ ক্ষেত্ৰত থাকে ভিটামিন ডিৰ বিশেষ ভূমিকাঃ জানিলে উপকৃত হ’ব আপুনি

প্ৰতিনিধিত্বমূলক ছবি

Published: 

05 May 2025 17:28 PM

আমাৰ দেহ সুচাৰু ৰূপে কাৰ্যক্ষম হৈ থাকিবলৈ বহু পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়। এই উপাদানসমূহ দেহত সঠিকভাৱে নাথাকিলে বিভন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে। দেহত অত্যন্ত প্ৰয়োজনীয় এনে এক পুষ্টিকৰ উপাদান হৈছে ভিটামিন ডি। এই ভিটামিন ডি কেৱল হাড় বা স্নায়ু স্বাস্থ্যৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, অস্ত্ৰোপচাৰৰ পিছত এগৰাকী ৰোগীৰ আৰোগ্য লাভৰ লগতো এই ভিটামিনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। শেহতীয়াকৈ প্ৰকাশ পোৱা এক গৱেষণাই এই কথাষাৰ প্ৰমাণিত কৰি তুলিছে।

ছিংগাপুৰত কৰা আৰু নেচাৰ আলোচনীত প্ৰকাশিত এক গৱেষণাৰ পৰা দেখা গৈছে যে অস্ত্ৰোপচাৰৰ পিছত ভিটামিন ডিৰ পৰ্যাপ্ত পৰিমাণে পেশীৰ শক্তি আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সোনকালে সুস্থ হৈ উঠিব পাৰে। যিসকল লোকৰ ভিটামিন ডিৰ মাত্ৰা ৫০ nmol/Lৰ ওপৰত থাকে, তেওঁলোকৰ যিকোনো ধৰণৰ অস্ত্ৰোপচাৰৰ পিছত ক্ষীপ্ৰভাৱে আৰোগ্য লাভ কৰাৰ সম্ভাৱনা বেছি।

দেহত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডিৰ যোগানে অস্ত্ৰোপচাৰৰ পিছত যিকোনো জটিলতা, যেনে ঘাঁৰ সংক্ৰমণ আৰু চেলুলাইটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। হাড়ৰ স্বাস্থ্যৰ বাবেও ভিটামিন ডি গুৰুত্বপূৰ্ণ, যি অস্ত্ৰোপচাৰৰ পিছত সুস্থ হোৱাত সহায় কৰে। যদি কোনো ব্যক্তিৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰা ৫০ nmol/Lতকৈ কম হয়, তেন্তে অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ বহু সমস্যা হোৱাৰ আশংকা থাকে।

ভিটামিন ডিৰ অভাৱত পেশীৰ দুৰ্বলতা হ’ব পাৰে, যাৰ ফলত অস্ত্ৰোপচাৰৰ পিছত আৰোগ্য লাভত বাধা আহিব পাৰে। ইয়াৰ বাবে অস্ত্ৰোপচাৰৰ পিছতো খোজ কঢ়াত অসুবিধা, দুৰ্বলতা আৰু ভাগৰুৱা হোৱা আদি সমস্যাই দেখা দিব পাৰে। এই সমস্যা ১ৰ পৰা ৩ মাহলৈকে থাকিব পাৰে। কেনেধৰণৰ অস্ত্ৰোপচাৰ কৰা হৈছে তাৰ ওপৰতো অৱশ্যে এনে পৰিস্থিতিসমূহ নিৰ্ভৰ কৰে। যদি হৃদযন্ত্ৰ বা টিউমাৰৰ অস্ত্ৰোপচাৰ হয়, তেতিয়া আৰোগ্য হ’বলৈ বহু সময়ৰ প্ৰয়োজন হ’ব পাৰে।

গৱেষণাৰ পৰা দেখা গৈছে যে অস্ত্ৰোপচাৰৰ পূৰ্বে আৰু পিছত ভিটামিন ডিৰ পৰিপূৰক গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত অস্ত্ৰোপচাৰৰ পিছত পেশীৰ শক্তি আৰু কাৰ্যক্ষমতা বৃদ্ধি পায়। ভিটামিন ডিৰ পৰিপূৰকৰ পৰিমাণ ব্যক্তিজনৰ প্ৰয়োজন আৰু অস্ত্ৰোপচাৰৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই মাত্ৰা গ্ৰহণ কৰিব লাগিব। বয়স আৰু ভিটামিন ডিৰ প্ৰয়োজনীয়তা অনুসৰি চিকিৎসকে এই মাত্ৰা নিৰ্ধাৰণ কৰিব।

পানীত উতলাই খাওক কেইখিলামান তুলসীৰ পাত, লাভ কৰিব এনে চমৎকাৰী ফল
কেইখিলামান পদূনা পাত গ্ৰীষ্মকালত আপোনাৰ দেহৰ বাবে হ’ব সঞ্জীৱনি সদৃশ, এনে উপকাৰিতাৰ বিষয়ে জানেনে?
লিভাৰৰ সমস্যা হ'লে আপোনাৰ ছালত কেনেধৰণৰ লক্ষণে দেখা দিব ? জানক
মানি প্লাণ্টৰ বাবে পানী নে মাটি বেছি ভাল ? ক'ত ৰখা উচিত ?