এই ৫টা অভ্যাসে নষ্ট কৰে স্বামী-স্ত্ৰীৰ সম্পৰ্ক, আনে দূৰত্ব! জানক…

বিয়া কেৱল সংগী নহয়, দায়িত্বও। কিন্তু কেতিয়াবা দম্পতীয়ে কৰা কিছুমান ভুলৰ বাবে বিবাহিত জীৱনত দূৰত্বৰ সৃষ্টি হয়। আজি আমি এই অভ্যাসবোৰৰ বিষয়ে আপোনালোকক জনাম।

এই ৫টা অভ্যাসে নষ্ট কৰে স্বামী-স্ত্ৰীৰ সম্পৰ্ক, আনে দূৰত্ব! জানক...

স্বামী-স্ত্ৰীৰ সম্পৰ্ক

Updated On: 

10 Jan 2026 | 05:02 PM

বিয়া কেৱল দুজন মানুহৰ নহয়, দুজন জীৱন, দুটা চিন্তা আৰু দুটা মনৰ মিলন। প্ৰথম অৱস্থাত প্ৰতিটো সম্পৰ্ক প্ৰেম, বিশ্বাস, বুজাবুজিৰে ভৰি থাকে যদিও সময়ৰ লগে লগে যেতিয়া সৰু সৰু কথাবোৰ উপেক্ষা হ’বলৈ আৰম্ভ কৰে তেতিয়া ক্ৰমান্বয়ে এইবোৰ কথাই সম্পৰ্কত দূৰত্বৰ কাৰণ হৈ পৰে। প্ৰায়ে স্বামী-স্ত্ৰী দুয়োজনেই বুজা ক্ষমতা হেৰুৱাই পেলায় যে তেওঁলোকৰ সংগীজন হঠাতে আগৰ দৰে কিয় নহয়, কিয় যোগাযোগ কমিছে বা আৱেগিক মোহ কিয় আগৰ দৰে অনুভৱ নকৰে।

প্ৰায়ে সম্পৰ্কত এই মৌনতা ডাঙৰ ডাঙৰ কাজিয়াৰ বাবে নহয়, বৰঞ্চ কিছুমান বিশেষ অভ্যাসৰ বাবেই হয় যিয়ে অজ্ঞাতে ইজনে সিজনক অকলশৰীয়া অনুভৱ কৰায়। আটাইতকৈ আচৰিত কথাটো হ’ল দুয়োজন সংগীয়ে প্ৰায়ে গম নাপায় যে তেওঁলোকৰ কোনটো অভ্যাসে সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিছে। এই প্ৰতিবেদনত বিবাহিত দম্পতীৰ ৫টা অভ্যাসৰ বিষয়ে ক’ম যিয়ে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰে।

মুকলিকৈ কথা নোকোৱা

স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক এনে এক য’ত দুয়োজনেই ইজনে সিজনক সহায় কৰে, ইজনে সিজনৰ আনন্দ-দুখৰ ভাগ-বতৰা কৰে। কিন্তু যদি তেওঁলোকে ইজনে সিজনৰ লগত মুকলিকৈ কথা নাপাতে। নিজৰ সমস্যা, খং, আশাৰ কথা ভাগ-বতৰা নকৰে, তেন্তে ইয়াৰ ফলত ভুল বুজাবুজিৰ সৃষ্টি হয়। মৌনতাই ক্ৰমান্বয়ে ভিতৰৰ পৰা সম্পৰ্কটো খহাই পেলায়। এনে পৰিস্থিতিত সীমিত হ’লেও ইজনে সিজনৰ লগত কথা পতা উচিত।

ইজনে সিজনৰ অনুভৱক আওকাণ কৰা

“আপুনি সদায় অতিমাত্ৰা চিন্তা কৰে,” বা “ইমান সৰু কথা এটাৰ পৰা কিয় ডাঙৰ ইছ্যু বনাইছে” আদি কথা ক’লে আনজনক আৱেগিকভাৱে ছিন্নভিন্ন কৰি পেলাব পাৰে। যেতিয়াই সংগীয়ে নিজৰ অনুভৱৰ কথা কয় তেতিয়াই তেওঁলোকে শুনিব লাগে আৰু বুজিব লাগে। যদি আপুনি তেওঁলোকৰ লগত এইদৰে কথা পাতে তেন্তে তেওঁলোকে নিজকে অকলশৰীয়া অনুভৱ কৰিব।

তুলনাৰ অভ্যাস

আন দম্পতীৰ ওপৰত ভিত্তি কৰি ইজনে সিজনক তুলনা কৰাটো এটা অতি বেয়া অভ্যাস। গতিকে ধেমালি বা খঙতো কেতিয়াও নিজৰ সংগীক আনৰ লগত তুলনা নকৰিব। এই অভ্যাসে আপোনাৰ সম্পৰ্ককো ধ্বংস কৰিব পাৰে।

সময় আৰু অগ্ৰাধিকাৰ নিদিয়া

সদায় কাম, মোবাইল, পৰিয়াল বা বন্ধু-বান্ধৱীক আপোনাৰ সংগীৰ ওপৰত ৰাখিলে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হয়। এনে পৰিস্থিতিত প্ৰথমে নিজৰ সংগীক ৰাখক, তাৰ পিছত আন যিকোনো ব্যক্তিক। ইয়াৰ ফলত সম্পৰ্কত আৱেগিক সংযোগ বজাই ৰাখে।

ইগো আৰু ক্ষমা নিবিচৰা

বহু সম্পৰ্কত থকা এটা সাধাৰণ সমস্যা হ’ল এজন সংগী ইমানেই অহংকাৰী যে ভুল কৰিলেও ক্ষমা খুজিব নোৱাৰে। ইগো যদি সম্পৰ্কত সোমাই, তেন্তে ই সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰাটো নিশ্চিত। এনে পৰিস্থিতিত ক্ষমা খুজি ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰক।

ভাৰতৰ ১০০ টকা এইখন দেশত হৈ পৰে ২০,০০০! জানক...
শীতত কিডনীক প্ৰয়োজন বিশেষ যত্নৰ, এইসমূহ খাদ্যই বচাই ৰাখিব সমস্যাৰ পৰা
পুৱা সাৰ পোৱাৰ পাছতে গেছৰ সমস্যা হয় নেকি? ই কিহৰ ইংগিত, জানক...
কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ