পুৰুষৰ ক’ত চকু দিয়ে এগৰাকী নাৰীয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

স্বামী-স্ত্ৰীৰ সম্পৰ্ক হওক বা প্ৰেম জীৱন, দীৰ্ঘম্যাদী সম্পৰ্কৰ বাবে বহু কথাত মন দিব লাগে। আজিকালি বহুতে কোৱা দেখা যায় যে, নাৰীক বিলাসী জীৱন দি সুখী কৰি ৰাখিব পাৰি, কিন্তু আচলতে কথাবোৰ ইয়াৰ বিপৰীত। এগৰাকী নাৰীয়ে সংগী বা স্বামীৰ পৰা ধনৰ আশা নকৰে, তেওঁলোকে বিচাৰে অন্য কিবাহে।

পুৰুষৰ কত চকু দিয়ে এগৰাকী নাৰীয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
Updated On: 

21 Oct 2025 21:05 PM

সম্পৰ্ক এটাক সফল কৰিবলৈ হ’লে ইজনে সিজনৰ প্ৰতি অনুভৱ থকাটোৱেই যথেষ্ট নহয়, সম্পৰ্কটোক দীৰ্ঘ দিনৰ বাবে শক্তিশালী কৰি ৰাখিবলৈ বহুতো কষ্ট কৰিব লাগে। এনে পৰিস্থিতিত যদি আপুনি কাৰোবাক ভাল পায় বা বিবাহিত, তেন্তে জানি লওক আপোনাৰ মানুহজনীয়ে আপোনাৰ পৰা কি আশা কৰিব পাৰে আপুনি জনাটো দৰকাৰ।

আগবাঢ়ি যোৱাত সহায় কৰকঃ  পুৰুষৰ দৰে বেছিভাগ মহিলাইও কাম কৰি আছে আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰাটো। বহু সময়ত ছোৱালীয়ে কেৱল বিয়া হোৱাৰ বাবেই সপোন আৰু চাকৰি এৰিবলগীয়া হয় । একাংশই পত্নীয়ে কোনো কাম কৰাটো নিবিচাৰে।

পত্নীক সন্মান কৰাঃ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সন্মানেই আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী পত্নী বা প্ৰেমিকাই আশা কৰে যে তেওঁৰ সংগীয়ে সন্মান দিব। ইয়াত অতি সৰু সৰু কথাবোৰ মনত ৰাখিব লাগে, যেনে ব্যক্তিগত কথাবোৰ আনৰ লগত ভাগ নকৰা। আনৰ আগত নিজৰ সংগীৰ লগত জোৰেৰে বা খঙেৰে কথা নাপাতিব। সকলো সময়ত সন্মান দিবলৈ চেষ্টা কৰক।

আৱেগিক সমৰ্থনঃ নাৰীসকল বহু বেছি আৱেগিক। তেওঁলোকে শাৰিৰীক সুখতকৈ মানসিক সুখ বিচাৰে। প্ৰতিগৰাকী মহিলাই নিজৰ সংগীৰ পৰা আৱেগিক সমৰ্থন আশা কৰে। যেনেকৈ দৈনন্দিন কথা-বতৰা, সুখ-দুখ আপোনাৰ সংগীৰ সৈতে ভাগ-বতৰা কৰা। সহজ ভাষাত ক’বলৈ গ’লে মহিলাসকলে তেওঁলোকৰ সংগীৰ মাজত এনে এজন বন্ধু বিচাৰে যাৰ লগত তেওঁলোকে সকলো কথা মুকলিকৈ শ্বেয়াৰ কৰিব পাৰে আৰু যিয়ে সকলো সময়তে তেওঁক সমৰ্থন কৰে।

 

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...