গ্ৰীষ্মকালত সঘনাই প্ৰস্ৰাৱ হোৱাটো কি ৰোগৰ লক্ষণ ? কি কয় চিকিৎসকে?

যদি আপুনি গ্ৰীষ্মকালতো সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন অনুভৱ কৰে, তেন্তে সাৱধান হওক। কাৰণ ই কেৱল এটা বা দুটা নহয় বহু ৰোগৰ লক্ষণ হ’ব পাৰে।

গ্ৰীষ্মকালত সঘনাই প্ৰস্ৰাৱ হোৱাটো কি ৰোগৰ লক্ষণ ? কি কয় চিকিৎসকে?

প্ৰতীকী ফটো

Published: 

09 Apr 2025 | 05:39 PM

সাধাৰণতে মানুহে গৰমৰ দিনত কম প্ৰস্ৰাৱ কৰে। কাৰণ শৰীৰৰ বেছিভাগ বিষাক্ত পদাৰ্থ ঘামৰ জৰিয়তে নিৰ্গত হয়। যদি আপুনি গ্ৰীষ্মকালতো সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন অনুভৱ কৰে, তেন্তে সাৱধান হওক। কাৰণ ই কেৱল এটা বা দুটা নহয় বহু ৰোগৰ লক্ষণ হ’ব পাৰে। গ্ৰীষ্মকালত সঘনাই প্ৰস্ৰাৱ লাগিলে ইউটিআই, বৃক্কৰ সমস্যা, প্ৰস্ৰাৱৰ মূত্ৰাশয়ৰ সমস্যা আদি হ’ব পাৰে। সাধাৰণতে গ্ৰীষ্মকালত অধিক পানী খোৱা হয়। সেইবাবেই আমি ধৰি লৈছোঁ যে, আমি অধিক পানী খাই থকাৰ বাবে আমি বেছিকৈ প্ৰস্ৰাৱ কৰি আছো। কিন্তু, গ্ৰীষ্মকালত সঘনাই প্ৰস্ৰাৱ লাগিলে বহুতো গুৰুতৰ ৰোগৰ ইংগিত পোৱা যায়। গ্ৰীষ্মকালত সঘনাই প্ৰস্ৰাৱ কৰিলে কোনবোৰ ৰোগৰ লক্ষণ হ’ব পাৰে জানোঁ আহক ।

প্ৰস্ৰাৱৰ সংক্ৰমণ বা ইউটিআই

ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ (UTI)। এই সমস্যা হ’লে সঘনাই প্ৰস্ৰাৱ লাগে আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰে। ইয়াৰ লগতে জ্বৰও হ’ব পাৰে।

ডায়েবিটিছ

ডায়েবেটিছ ৰোগীয়েও সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হয়। ইয়াৰ ভিতৰত ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণসমূহো অন্তৰ্ভুক্ত। এই ৰোগৰ আৰম্ভণিতে আধা ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ লাগে ।

ডিহাইড্ৰেচন

ডিহাইড্ৰেচনো গ্ৰীষ্মকালত সঘনাই প্ৰস্ৰাৱ কৰাৰ কাৰণ হ’ব পাৰে। শৰীৰত পানীৰ অভাৱত প্ৰস্ৰাৱ ডাঠ হৈ পৰে আৰু সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া হয়।

মূত্ৰাশয় বা প্ৰষ্টেটৰ সমস্যা

কেতিয়াবা প্ৰস্ৰাৱৰ মূত্ৰাশয় অতি সক্ৰিয় হৈ পৰে, যাৰ বাবে সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন হয়। ইয়াৰ বাহিৰেও যদি প্ৰষ্টেট গ্ৰন্থিত কোনো সমস্যা হয়, তেন্তে বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে । কাৰণ প্ৰষ্টেট গ্ৰন্থিত কোনো সমস্যা হ’লে গোটেই প্ৰস্ৰাৱ এবাৰতে ওলাই নাযায়। গতিকে গ্ৰীষ্মকালত যদি সঘনাই প্ৰস্ৰাৱ কৰে তেন্তে সজাগ হৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব