শৰীৰত ভিটামিন-ডি বা কেলচিয়ামৰ অভাৱ পূৰণৰ বাবে এই খাদ্য খাওক... | red meat and egg benefits in assamese Assam news - Assam Tv9

আঁঠুৰ বা কঁকালৰ বিষ হৈছে নেকি ? শৰীৰত ভিটামিন-ডি বা কেলচিয়ামৰ অভাৱ পূৰণৰ বাবে এই খাদ্য খাওক…

Updated On: 

11 Aug 2024 16:35 PM

ভৰি বা আঁঠুৰ বিষ বা কঁকালৰ বিষ ভিটামিন-ডি বা কেলচিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে । শৰীৰক সুস্থ কৰি ৰাখিবলৈ প্ৰটিন, ভিটামিন আৰু বিভিন্ন খনিজ পদাৰ্থ অতি প্ৰয়োজনীয়। ইয়াৰ ভিতৰত ভিটামিন-ডি আৰু কেলচিয়াম হাড় সবল কৰি ৰখা আৰু শৰীৰক সুস্থ কৰি ৰখাৰ বাবে গুৰুত্বপূৰ্ণ । অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলত আমাৰ শৰীৰত ভিটামিন-ডি আৰু কেলচিয়ামৰ অভাৱ হ’ব পাৰে। খাদ্য তালিকাত কেইটামান খাদ্য ৰাখিলে ভিটামিন-ডি আৰু কেলচিয়ামৰ অভাৱ একেলগে পূৰণ কৰিব পাৰি ।

1 / 8ভৰি বা আঁঠুৰ বিষ বা কঁকালৰ বিষ ভিটামিন-ডি বা কেলচিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে ।

ভৰি বা আঁঠুৰ বিষ বা কঁকালৰ বিষ ভিটামিন-ডি বা কেলচিয়ামৰ অভাৱৰ লক্ষণ হ’ব পাৰে ।

2 / 8

3 / 8

হাড়ৰ বিকাশ, বৃদ্ধি আৰু শক্তিৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। হাড়ৰ স্বাস্থ্যৰ বাবেও ভিটামিন-ডি গুৰুত্বপূৰ্ণ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ বাবেও ভিটামিন-ডি অতি প্ৰয়োজনীয় ।

4 / 8

অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলত আমাৰ শৰীৰত ভিটামিন-ডি আৰু কেলচিয়ামৰ অভাৱ হ’ব পাৰে। খাদ্য তালিকাত কেইটামান খাদ্য ৰাখিলে ভিটামিন-ডি আৰু কেলচিয়ামৰ অভাৱ একেলগে পূৰণ কৰিব পাৰি ।

5 / 8

ৰঙা মাংস ভিটামিন ডি আৰু কেলচিয়ামৰ অন্যতম উত্তম উৎস। ইয়াত চেলেনিয়াম, ওমেগা-৩ ফেটি এচিড, ভিটামিন-এ, ডি, বি-৬, বি-১২ আদি বহুতো পুষ্টিকৰ উপাদান থাকে।

6 / 8

ইউএছডিএৰ তথ্য অনুসৰি, কণীৰ কুহুমত অত্যাধিক পৰিমাণৰ কেলচিয়াম থাকে। ইয়াৰ উপৰিও দৈনন্দিন খাদ্যত কণী ৰাখিলে শৰীৰত ভিটামিন ডিৰ অভাৱো পূৰণ হয় ।

7 / 8

কাঠফুলা প্ৰটিন আৰু ভিটামিনৰ অন্যতম উৎস। ই একমাত্ৰ প্ৰাকৃতিক শাক, য’ত প্ৰাকৃতিকভাৱে ভিটামিন-ডি থাকে। ইয়াৰ উপৰিও ইয়াত কেলচিয়াম থাকে ।

8 / 8

গাখীৰত প্ৰটিন আৰু বিভিন্ন ভিটামিনৰ উপৰিও ইয়াত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম থাকে, যিটো হাড়ৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...