আপুনি কেঁচা হালধি খায় নেকি ? সুস্বাস্থ্যৰ বাবে কেঁচা নে শুকান হালধি বেছি উপকাৰী ?

হালধি বিভিন্ন ৰোগৰ ঔষধ হিচাপেও ব্যৱহাৰ কৰি অহা হৈছে। কিন্তু আপুনি জানেনে যে, হালধি কেনেকৈ খালে স্বাস্থ্যৰ বাবে বেছি উপকাৰী? কেঁচা নে শুকান !

আপুনি কেঁচা হালধি খায় নেকি ? সুস্বাস্থ্যৰ বাবে কেঁচা নে শুকান হালধি বেছি উপকাৰী ?

হালধি

Published: 

27 Sep 2025 | 05:01 PM

অসমীয়া খাদ্য ৰন্ধনত প্ৰায়ে হালধি ব্যৱহাৰ কৰা হয়। বহুতে হালধি কেঁচাকৈ খায়। ইয়াক বিভিন্ন ৰোগৰ ঔষধ হিচাপেও ব্যৱহাৰ কৰি অহা হৈছে। কিন্তু আপুনি জানেনে যে, হালধি কেনেকৈ খালে স্বাস্থ্যৰ বাবে বেছি উপকাৰী? কেঁচা নে শুকান !

আমি সকলোৱে জানোঁ যে, হালধিত কাৰকুমিন নামৰ এন্টিঅক্সিডেন্ট থাকে। যিটো উপাদান আমাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী। বিশেষজ্ঞৰ মতে, কাৰকুমিন নামৰ এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

কেঁচা অৱস্থাত হালধিত প্ৰচুৰ পৰিমাণে ৰস থাকে। বহুতে কেঁচা হালধি চেপি ইয়াৰ ৰস সেৱন কৰে। অধিকাংশ লোকে গাখীৰৰ লগত কেঁচা হালধিৰ ৰস মিহলাই খায়। কিন্তু দেখা যায় যে, কেঁচা হালধিতকৈ শুকান হালধিত কাৰকুমিনৰ মাত্ৰা কিছু পৰিমাণে বেছি।

একেদৰে বহুতে শুকান হালধি খায় ভাল পায়। কেঁচা হালধি যেতিয়া ৰ’দত শুকাবলৈ দিয়া হয়, তেতিয়া ইয়াৰ ৰস নাইকীয়া হৈ যায় আৰু শুকান হৈ পৰে। ইয়াৰ পাছত এই শুকান হালধি পিহি, ইয়াৰ গুড়ি খাদ্যত ব্যৱহাৰ কৰা হয়। অসমীয়া লোকসকলে প্ৰথমে কেঁচা হালধি বইল বা পানীত সিজাই লয় আৰু তাৰ পিছত ৰ’দত শুকাবলৈ দিয়ে। বৰ্তমান সময়ত দোকানটো হালধিৰ গুড়ি উপলব্ধ। কিন্তু ইয়াৰ বিশুদ্ধতাৰ ওপৰত স্বাস্থ্যৰ উপকাৰিতা নিৰ্ভৰ কৰে।

দেখা যায় যে, কেঁচা হালধি বা ৰ’দত শুকুৱা হালধি খালে অধিক উপকাৰিতা লাভ কৰিব পাৰে। কিয়নো এই হালধি বিশুদ্ধ। তদুপৰি বিশেষজ্ঞৰ মতে, এই দুয়োবিধ হালধি স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষকৈ হালধি মছলা হিচাপে খোৱাৰ পৰিৱৰ্তে আপুনি গাখীৰৰ লগত হালধিৰ গুড়ি বা ৰস মিহলাই খাব পাৰে। ইয়াৰ দ্বাৰা অধিক সুফল লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...