কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা যায় নেকি ? জানি লওক…

প্ৰশ্ন উত্থাপন হয় যে, কেঁচা কণী খালে অধিক প্ৰ'টিন পোৱা যায় নেকি, নে কেঁচা কণীয়ে অধিক উপকাৰ দিয়ে ? বহুতে বিশ্বাস কৰে যে, জুই বা তাপে পুষ্টিকৰ উপাদানসমূহ ধ্বংস কৰে, যাৰ ফলত কেঁচা কণী অধিক পুষ্টিকৰ হয়।

কেঁচা কণী খালে অধিক প্ৰটিন পোৱা যায় নেকি ? জানি লওক...
Updated On: 

28 Jan 2026 | 10:20 AM

কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস। সেয়েহে মানুহে প্ৰায়ে খাদ্য তালিকাত এই খাদ্য বিধ অন্তৰ্ভুক্ত কৰে। কণী বহু ধৰণে সেৱন কৰা হয়। কোনোৱে বইল, কোনোৱে অমলেট বনায়। অৱশ্যে কিছুমান মানুহে কেঁচাকৈ খায়। ইয়াৰ পৰা প্ৰশ্ন উত্থাপন হয় যে, কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা যায় নেকি, নে কেঁচা কণীয়ে অধিক উপকাৰ দিয়ে ? বহুতে বিশ্বাস কৰে যে, জুই বা তাপে পুষ্টিকৰ উপাদানসমূহ ধ্বংস কৰে, যাৰ ফলত কেঁচা কণী অধিক পুষ্টিকৰ হয়।

কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা যায় নেকি?

ডাঃ ৰাজীৱ ৰঞ্জনে বুজাইছে যে, কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা যায় বুলি ধাৰণাটো সঁচা নহয়। আপুনি জনা উচিত যে, ৰন্ধা কণী, যেনে অমলেট বা সিজোৱা কণীৰ প্ৰ’টিন শোষণৰ হাৰ বেছি। সিজোৱা কণী খালে ৯০ শতাংশ পৰ্যন্ত প্ৰটিন শোষণ হয়। একে সময়তে কেঁচা কণী খালে মাত্ৰ ৫০ শতাংশ প্ৰটিন শোষিত হয়।

কেঁচা কণী খোৱাৰ অসুবিধা

বিশেষজ্ঞসকলৰ মতে, কেঁচা কণী খালেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা হ’ব পাৰে। কেঁচা কণী খালে বমি আৰু গেছৰ সম্ভাৱনাও বৃদ্ধি পায়। তদুপৰি কেঁচা কণীয়ে বায়’টিন শোষণতো বাধা দিয়ে, যাৰ ফলত চুলি সৰা আৰু ভিটামিনৰ অভাৱ হয়। গতিকে কেঁচা কণী খোৱাৰ পৰা বিৰত থাকিব লাগে।

পুষ্টিকৰ কণী

কণী প্ৰ’টিনৰ এক সুপৰিচিত উৎস। কিন্তু প্ৰটিনৰ লগতে ইয়াত ভিটামিন, চৰ্বি, ভিটামিন ডি, ভিটামিন বি ১২ আদিও থাকে। বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে, কণী ওজন আৰু বয়স অনুসৰি খাব লাগে। কণী অতি গৰম খাদ্য। গতিকে গৰমৰ দিনত কণী খোৱাটো সীমিত কৰক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...