Purna Chandrasana Benefits : দৈনিক ৫ মিনিট পূৰ্ণ চন্দ্ৰাসন কৰাৰ উপকাৰিতা কি ? জানক

যোগাসনে জীৱনটোক শৃংখলাবদ্ধ কৰাটো সহায় কৰে । ইয়াৰ লগতে মানসিক শক্তি অতুত ৰখাৰ বাবে আপুনি যোগাসান অভ্য়াস কৰিব পাৰে । গতিকে প্ৰতিদিনে অলপ সময় উলিয়াই যোগাসন অভ্যাস কৰিব লাগে । শৰীৰটো ফিট কৰি ৰাখিবলৈ যোগাসন কৰিব পাৰে । আজি আমি আপোনালোকক এটা সহজ যোগাসন আসনৰ বিষয়ে ক'ম, যিয়ে শৰীৰটো ফিট কৰি ৰখাত সহায় কৰিব ।

Purna Chandrasana Benefits : দৈনিক ৫ মিনিট পূৰ্ণ চন্দ্ৰাসন কৰাৰ উপকাৰিতা কি ? জানক

পূৰ্ণ চন্দ্ৰাসন

Updated On: 

04 Nov 2024 | 08:59 PM

সুস্থ জীৱন-যাপন কৰাৰ বাবে দৈনক যোগাভ্যাস কৰাটো অতি প্ৰয়োজন । দৈনিক যোগাসনৰ অনুশীলনে মানসিক আৰু শাৰীৰিক দুয়োটা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰিব পাৰে। যোগাসনে জীৱনটোক শৃংখলাবদ্ধ কৰাটো সহায় কৰে । ইয়াৰ লগতে মানসিক শক্তি অতুত ৰখাৰ বাবে আপুনি যোগাসান অভ্য়াস কৰিব পাৰে । গতিকে প্ৰতিদিনে অলপ সময় উলিয়াই যোগাসন অভ্যাস কৰিব লাগে ।

শৰীৰটো ফিট কৰি ৰাখিবলৈ যোগাসন কৰিব পাৰে । আজি আমি আপোনালোকক এটা সহজ যোগাসন আসনৰ বিষয়ে ক’ম, যিয়ে শৰীৰটো ফিট কৰি ৰখাত সহায় কৰিব ।

পূৰ্ণ চন্দ্ৰাসনৰ উপকাৰিতা

পূৰ্ণ চন্দ্ৰাসনৰ অভ্যাসে শৰীৰৰ বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। এই আসনৰ অনুশীলনে শৰীৰৰ ভাৰসাম্য, ভংগীমা, নমনীয়তা বৃদ্ধি কৰে আৰু হাড় শক্তিশালী কৰে আৰু এই আসনে মানসিক শক্তি বৃদ্ধিটো সহায় কৰে । এই আসন কৰাৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া ভাল হয় আৰু ই ওজন কমোৱাত সহায় কৰিব পাৰে। যদি আপোনাৰ কঁকালৰ তলৰ অংশৰ বিষ বা কঁকালৰ বিষৰ সমস্যা আছে তেন্তে যোগ প্ৰশিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰি পূৰ্ণ চন্দ্ৰাসনৰ অভ্যাস কৰক। উল্লেখ্য যে,গুৰুতৰ ৰোগত আক্ৰান্ত আৰু গৰ্ভৱতী মহিলাসকলে বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে পূৰ্ণ চন্দ্ৰাসন অভ্যাস কৰিব নালাগে।

পূৰ্ণ চন্দ্ৰাসন কেনেকৈ কৰিব ?

পূৰ্ণচন্দ্ৰাসন কৰিবলৈ প্ৰথমে পোনে পোনে থিয় হৈ ভৰি দুখন অলপ দূৰত্বত ৰাখক। লগতে বাহু দুটা পোন কৰি ৰাখক। ইয়াৰ পিছত ভৰি আৰু বাহু দুটা ত্ৰিভুজ অৱস্থাত লওক । এতিয়া সোঁহাতৰ আঙুলিবোৰ মাটিৰ পৰা অলপ ওপৰত ৰাখক। এতিয়া এখন হাত ওপৰলৈ আৰু আনখন একে অৱস্থাত ওপৰলৈ লওক, তাৰ পিছত এতিয়া ভৰি দুখন বতাহত ৯০ ডিগ্ৰীলৈকে ওপৰলৈ তুলি লওক আৰু এতিয়া চন্দ্ৰ মুদ্ৰা বা চক্ৰাসন মুদ্ৰাত লৈ যাবলৈ চেষ্টা কৰক। যোগ বিশেষজ্ঞৰ তত্বাৱধানতহে এই আসন আৰম্ভ কৰক।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে