প্ৰতিদিনে ৰঙালাউৰ গুটি খালে পুৰুষসকলে কি উপকাৰ পাব? জানক সকলো…

Pumpkin Seeds: ৰঙালাউৰ গুটিৰ বহু উপকাৰী গুণ থাকে। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ইয়াৰ উপকাৰ বেলেগ বেলেগ হ'ব পাৰে। স্বাস্থ্য বিশেষজ্ঞই জনাইছে যে এই ৰঙালাউৰ গুটিয়ে পুৰুষসকলৰ বিভিন্ন দিশৰ বাবে উপকাৰী।

প্ৰতিদিনে ৰঙালাউৰ গুটি খালে পুৰুষসকলে কি উপকাৰ পাব? জানক সকলো…

ৰঙালাউৰ গুটি

Published: 

09 Jan 2026 | 01:19 PM

ৰঙালাউৰ গুটি (Pumpkin Seeds) শৰীৰৰ বাবে উপকাৰী। বহুতে ৰঙালাউৰ গুটি খোৱা দেখা যায় যদিও ইয়াৰ গুণৰ বিষয়ে নাজানে। এই ৰঙালাউৰ গুটিত বহু পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰৰ বাবে ভাল কাম কৰে। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত এই উপকাৰিতা বেলেগ বেলেগ হ’ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে নিউট্ৰিয়নিষ্ট দিপশীখা জৈনে। সামাজিক মাধ্যমত তেওঁ জনাইছে যে, ৰঙালাউৰ গুটিয়ে পুৰুষৰ কি কি উপকাৰ সাধন কৰিব পাৰে।

পুৰুষৰ বাবে উপকাৰিতা

টেষ্টষ্টেৰন আৰু প্ৰজননঃ ৰঙালাউৰ গুটিত জিংক থাকে, যি পুৰুষৰ বাবে প্ৰয়োজনীয় খনিজ। কিয়নো ই টেষ্টষ্টেৰনৰ মাত্ৰা সমৰ্থন কৰে। ইয়াৰ ফলত হৰম’নৰ ভাৰসাম্য ঠিক হয় আৰু দেহত শক্তি থাকে। লগতে ই শুক্ৰাণুৰ গুণাগুণ উন্নত কৰাত সহায় কৰে। যাৰ ফলত প্ৰজনন ক্ষমতা ভাল হয়। যি পুৰুষে প্ৰজনন ক্ষমতা ভালে ৰাখিব বিচাৰে সেইসকলে ৰঙা লাউৰ গুটি খাব লাগে।

হৃদযন্ত্ৰঃ ৰঙালাউৰ গুটিত ভাল চৰ্বি আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই ভাল চৰ্বিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখি তেজ চলাচল প্ৰক্ৰিয়া ভাল কৰাত সহায় কৰে। লগতে মেগনেছিয়ামে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা কমে। যিসকল পুৰুষ ব্যস্ত আৰু চাপত থাকে সেইসকলৰ বাবে ৰঙালাউৰ গুটি ভাল।

প্ৰষ্টেটঃ পুৰুষৰ বাবে প্ৰষ্টেটৰ স্বাস্থ্য গুৰুত্বপূৰ্ণ। ৰঙালাউৰ গুটিত থকা উপাদানে প্ৰষ্টেটৰ স্বাস্থ্য ভাল কৰে। ইয়াৰ ফলত প্ৰষ্টেটৰ সমস্যাৰ সম্ভাৱনা কম হয়।

কেনেকৈ খাব

প্ৰতিদিনে ১-২ চামুচ ৰঙালাউৰ গুটি খাব পাৰে। এয়া চালাদ, স্মুদি, দৈ আদিৰ লগতো মিহলাই খাব পাৰে। বজাৰত সহজে ৰঙালাউৰ গুটি পোৱা যায়।

(এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। আপোনাৰ যদি স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে তেন্তে যিকোনো বস্তু গ্ৰহণ কৰাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।)

 

অন্য খবৰ পঢ়কঃ কোষ্ঠকাঠিন্যৰ ফলত হ’ব পাৰে নেকি পেটৰ কৰ্কট ৰোগ? চিকিৎসকৰ পৰা জানক…

গৰম পানীৰ সৈতে মিহলাই খাওক ঘিউ, লাভ কৰিব এনে যাদুকৰী উপকাৰিতা
নিতে পুৱা গ্ৰহণ কৰক এনে পানীয়, আপোনাৰ কিডনী হৈ থাকিব সমস্যামুক্ত
তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ