Pumpkin Seeds: শীতকালত প্ৰতিদিনে ৰঙালাউৰ গুটি খালে শৰীৰৰ কি কি লাভ হয়? জানক…

Pumpkin Seeds: বহুতে ৰঙালাউৰ গুটি খাই, যি সহজে পোৱা যায়। ৰঙালাউৰ গুটিত বহু উপকাৰী গুণ আছে। আপুনি যদি প্ৰতিদিনে ৰঙালাউৰ গুটি খাই ইয়াৰ উপকাৰ লাভ কৰিব। ইয়াৰ ফলত কি কি হ'ব পাৰে জানেনে?

Pumpkin Seeds:  শীতকালত প্ৰতিদিনে ৰঙালাউৰ গুটি খালে শৰীৰৰ কি কি লাভ হয়? জানক...

ৰঙালাউৰ গুটি

Published: 

29 Dec 2025 | 01:25 PM

শীতকালত মানুহে স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ বাবে খাদ্যৰ দিশতো যত্ন লোৱা প্ৰয়োজন। কিয়নো শীতকালত শৰীৰক অধিক শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ প্ৰয়োজন। শীতকালত খাদ্য সঠিকভাৱে গ্ৰহণ নকৰিলে কাহ, চৰ্দি, ভাগৰ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। শৰীৰ সুস্থ ৰাখিবলৈ মানুহে বিভিন্ন ধৰণৰ বস্তু খায়। ইয়াৰ ভিতৰত ৰঙালাউৰ গুটি (pumpkin Seeds)ক চুপাৰফুড বুলি গণ্য কৰা হয়।

ৰঙালাউৰ গুটিত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে, যাৰ বাবে শীতকালত ই বহু উপকাৰী। গতিকে প্ৰশ্ন হয়, শীতকালত ৰঙালাউৰ গুটি খালে কি হয়? ১ দিনত কিমান খাব লাগে?

শীতকালত ৰঙালাউৰ গুটি

শীতকালত ৰঙালাউৰ গুটি খোৱা অত্যন্ত উপকাৰী। ইয়াত জিংক, মেগনেছিয়াম, ফাইবাৰ, এন্টিঅক্সিডেন্ট আদি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰোপৰি ই ভাল টোপনি অহাত সহায় কৰে আৰু ছাল ধুনীয়া কৰি ৰাখে। শীতকালত ই বিভিন্ন ধৰণ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে।

গৰম

ৰঙালাউৰ গুটি সন্দৰ্ভত বহুতৰ ভিন্ন মত আছে। কিন্তু আয়ুৰ্বেদ অনুসৰি, ৰঙালাউৰ গুটিৰ ভাল প্ৰভাৱ থাকে আৰু ই শৰীৰক বিভিন্ন সমস্যাৰ পৰা দূৰ কৰে কৰে।  পাৰম্পৰিক চিকিৎসা ব্যৱস্থা অনুসৰি, ইয়াক গৰম বুলি গণ্য কৰা হয়, যিয়ে শৰীৰত তাপ সৃষ্টি কৰিব পাৰে, সেয়েহে ঋতু আৰু নিজৰ স্বভাৱ অনুসৰি ইয়াক সেৱন কৰিব লাগে।

ছালৰ বাবে প্ৰয়োজনীয়

শীতকালত ছালৰ বিভিন্ন ধৰণৰ সমস্যা হয়। ৰঙালাউৰ গুটিত থকা ভিটামিন ই, অমেগা ফেটি এচিডে ছালক আৰ্দ্ৰতা প্ৰদান কৰে প্ৰতিদিনে ৰঙালাউৰ গুটি ছাল ধুনীয়া হয় আৰু উজ্বলতা আহে। ইয়াৰোপৰি ই ছালৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

দৈনিক কিমান আৰু কেনেকৈ খাব পাৰে

প্ৰতিদিনে ১-২ চামুচৰ হিচাপ ৰঙালাউৰ গুটি খাব পাৰে। ইয়াক কেঁচাই, চালাদ হিচাপেও খাব পাৰে। পুৱা খালী পেটত খাব পাৰে। ইয়াৰোপৰি নিশা শুৱাৰ পূৰ্বে খালে টোপনি ভাল হয়। গতিকে বিশেষ একো সমস্যা নাথাকিলে ৰঙালাউৰ গুটি খাব পাৰে।

 

(এই লেখাটোত কিছুমান  সাধাৰণ দিশ উল্লেখ কৰা হৈছে। এনে ক্ষেত্ৰত অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে। ইয়াৰোপৰি দীৰ্ঘদিন কিবা লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।)

 

অন্য খবৰ পঢ়কঃ মোজা পিন্ধাৰ পাছতো ভৰি ঠাণ্ডা হৈ থাকে নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...