দিনে দিনে বৃদ্ধি পাইছে নেকি এলাহ ভাৱ? আঁৰত আছে এই চাৰি কাৰণ, এতিয়াই চিনাক্ত কৰি দিয়ক বিদায়

এলাহ ব্যক্তিৰ জীৱনৰ শত্ৰু। এলাহ ভাৱে যিকোনো ব্যক্তিৰ জীৱনত আগবাঢ়ি যোৱাৰ পথত বাধাৰ সৃষ্টি কৰে। যদি মনত এলাহ ভাৱে থিতাপি লয়, সময়মতে যিকোনো কাম বা পৰিকল্পনা সম্পূৰ্ণ হৈ নুঠে। সেয়ে এলাহ ভাৱ ত্যাগ কৰাটো আমাৰ নিজ জীৱনৰ উন্নতিৰ বাবে অত্যন্ত প্ৰয়োজনীয়। পিছে তাৰ পূৰ্বে আমি চিনাক্ত কৰিব লাগিব আমাৰ মনত এলাহ ভাৱ জন্ম হোৱাৰ আঁৰৰ কাৰণ।

দিনে দিনে বৃদ্ধি পাইছে নেকি এলাহ ভাৱ? আঁৰত আছে এই চাৰি কাৰণ, এতিয়াই চিনাক্ত কৰি দিয়ক বিদায়

এলাহ ভাৱ সৃষ্টি কৰে এনে কাৰকে

Published: 

03 Feb 2025 | 09:23 AM

দৈনন্দিন জীৱনৰ কৰ্মব্যস্ততাৰ ফলত আমাক সাধাৰণতে অৱসাদৰ ভাৱে আগুৰি ধৰে। অৱশ্যে এনে অৱসাদৰ ভাৱ দূৰ কৰি আমি প্ৰতিনিয়ত নিজ কৰ্মত আগবাঢ়ো। কিন্তু কেতিয়াবা আমাৰ মনত এই অৱসাদৰ ভাৱে থিতাপি লৈ লাহে লাহে এলাহৰ ৰূপ লয়। এলাহ ব্যক্তিৰ জীৱনৰ শত্ৰু। এলাহ ভাৱে যিকোনো ব্যক্তিৰ জীৱনত আগবাঢ়ি যোৱাৰ পথত বাধাৰ সৃষ্টি কৰে। যদি মনত এলাহ ভাৱে থিতাপি লয়, সময়মতে যিকোনো কাম বা পৰিকল্পনা সম্পূৰ্ণ হৈ নুঠে। সেয়ে এলাহ ভাৱ ত্যাগ কৰাটো আমাৰ নিজ জীৱনৰ উন্নতিৰ বাবে অত্যন্ত প্ৰয়োজনীয়।

পিছে তাৰ পূৰ্বে আমি চিনাক্ত কৰিব লাগিব আমাৰ মনত এলাহ ভাৱ জন্ম হোৱাৰ আঁৰৰ কাৰণ। মনোবিজ্ঞানীসকলে উল্লেখ কৰা মতে ব্যক্তিৰ নিজৰ ভিতৰতে ৪ শত্ৰু আছে, এই চাৰি শত্ৰুৱে যিকোনো ব্যক্তিকে দিনক দিনে এলেহুৱা কৰি তোলে। গতিকে মনোবিজ্ঞানীসকলে আঙুলিয়াই দিয়া আমাৰ নিজৰ মাজতে থকা এই ৪ শত্ৰুক চিনাক্ত কৰোঁ আহক-

১) আত্মবিশ্বাসৰ অভাৱঃ জীৱন যুঁজত আগবাঢ়ি যোৱাৰ দৌৰত কম বেছি পৰিমাণে সকলোৱে বিফল হয়। যেতিয়া এনে বিফলতাৰ সন্মুখীন হোৱা যায়, তেতিয়া অধিকাংশ লোককে হতাশাই আগুৰি ধৰে। সেই নিৰাশাৰ পৰাই আত্মবিশ্বাসৰ অভাৱে গা কৰি উঠে। এনে স্থিতিয়ে মনৰ ভিতৰতে অহৰহ আন এক যুঁজৰ সৃষ্টি কৰে। ফলত অনিশ্চয়তাৰ শংকাই আমাক এলেহুৱা কৰি তুলিব পাৰে।

২) বিভ্ৰান্তিঃ কোনো কাম কৰাৰ সময়ত বা সিদ্ধান্ত গ্ৰহণৰ সময়ত সঠিক নে ভুল সেই সন্দৰ্ভত বিবেচনা কৰিব নোৱাৰিলে এনে কাম বা সিদ্ধান্ত গ্ৰহণত অধিক সময়ৰ প্ৰয়োজন হৈ পৰে। এনে ভাৱৰ ফলত কৰ্মক্ষেত্ৰত নিজকে প্ৰমাণ কৰাৰ প্ৰয়াসত ব্যক্তিয়ে নিজৰ ওপৰত অতিৰিক্ত দায়িত্বৰ বোজা লয়। এনে পৰিস্থিতিত মনত নেতিবাচক ভাৱৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ ফলত এলাহ বৃদ্ধি হ’ব পাৰে।

৩) হতাশাঃ হতাশাই আত্মবিশ্বাস ইমানেই হ্ৰাস কৰে যে যেতিয়াই ব্যক্তিয়ে নতুন কোনো এটা কৰিবলৈ চেষ্টা কৰে, তেতিয়াই বিফলতাৰ ভয়ে আগুৰি ধৰে। মনত বিফলতাৰ চিন্তা আগতীয়াকৈ আৰম্ভ হয়। এই নেতিবাচক চিন্তাধাৰাই এলাহ ভাৱ অধিক কৰি তোলে।

৪) সমাজৰ ভয়ঃ বহু লোকে নতুন কোনো এটা কাম কৰাৰ পূৰ্বে মনতে ‘মানুহে কি ভাবিব’ ধৰণৰ এক চিন্তা পুহি লয়। ইয়াৰ ফলত তেওঁলোকৰ কামৰ মানদণ্ড আন লোকৰ ভাৱৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত বিৰক্তি আৰু হীনমন্যতাই আাগুৰি ধৰে। এনে স্থিতিয়ে মনলৈ আনে এলাহ ভাৱ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...