গৰ্ভাৱস্থাত মহিলাৰ থাইৰয়ডৰ মাত্ৰা কিয় বৃদ্ধি পায় ? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?

গৰ্ভাৱস্থাত বহু মহিলাৰ ক্ষেত্ৰত থাইৰয়ড সমস্যা দেখা যায়। গৰ্ভাৱস্থাত এই সমস্যা কিয় হয় আৰু প্ৰসৱৰ পিছতো এই সমস্যা স্থায়ী হিচাপে থাকি যায় নেকি?

গৰ্ভাৱস্থাত মহিলাৰ থাইৰয়ডৰ মাত্ৰা কিয় বৃদ্ধি পায় ? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?

প্ৰতীকী ফটো

Updated On: 

11 Mar 2025 14:29 PM

গৰ্ভাৱস্থাত মহিলাৰ বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। ডায়েবেটিছৰ পৰা আৰম্ভ কৰি মেদবহুলতাৰ দৰে সমস্যা গৰ্ভাৱস্থাত হোৱা দেখা যায় । গৰ্ভাৱস্থাত বহু মহিলাৰ ক্ষেত্ৰত থাইৰয়ড সমস্যা দেখা যায়। গৰ্ভাৱস্থাত এই সমস্যা কিয় হয় আৰু প্ৰসৱৰ পিছতো এই সমস্যা স্থায়ী হিচাপে থাকি যায় নেকি? বিশেষজ্ঞসকলৰ মতে, গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তনৰ বাবে এই সমস্যাৰ সৃষ্টি হয়।

গৰ্ভাৱস্থাত থাইৰয়ড ষ্টিমুলেটিং হৰম’ন (TSH)ৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যাৰ ফলত থাইৰয়ডৰ কাৰ্যত প্ৰভাৱ পৰিব পাৰে। কিছুমান মহিলাৰ গৰ্ভাৱস্থাত আয়’ডিনৰ অভাৱ হোৱা দেখা যায় । থাইৰয়ড হৰম’নৰ বাবে আয়’ডিন অতি প্ৰয়োজনীয়। আয়’ডিন সঠিক পৰিমাণত নাপালে থাইৰয়ডৰ কাম-কাজত অসুবিধা হ’ব পাৰে। ইয়াৰ বাবে মহিলাৰ ওজন বৃদ্ধি হ’ব পাৰে। কিছুমান মহিলাই থাইৰয়ডৰ সমস্যাৰ বাবে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে।

সন্তান জন্ম হোৱাৰ পিছতো এই ৰোগ থাকি যায় নেকি?

গৰ্ভাৱস্থাত থাইৰয়ড ৰোগত আক্ৰান্ত মহিলাসকলৰ মনত এটা প্ৰশ্ন থাকে যে, সন্তান জন্ম হোৱাৰ পিছতো মহিলাগৰাকীৰ এই ৰোগ থাকি যায় নেকি? এই প্ৰশ্নৰ উত্তৰত স্ত্ৰীৰোগ বিভাগৰ ডাঃ ছালনী চাধাই কয় যে, গৰ্ভাৱস্থাত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পায়, কিন্তু সদায় যে বৃদ্ধি পাব সেয়া স্পষ্টকৈ ক’ব নোৱাৰি ।

সন্তান জন্মৰ পিছত যদি মহিলাৰ হৰম’নৰ মাত্ৰা উন্নত হয় তেন্তে থাইৰয়ডো নিয়ন্ত্ৰণত থাকে । কিন্তু ইয়াৰ বাবে গৰ্ভাৱস্থাৰ পিছত খাদ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। মানসিক চাপ আঁতৰাই ৰাখিব আৰু যদি স্বাভাৱিক প্ৰসৱ হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে কিছু দিনৰ পাছত ব্যায়াম কৰাৰ আৰম্ভ কৰিব পাৰে ।

থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণৰ উপায়

  • গৰ্ভাৱস্থাত নিয়মীয়াকৈ পৰীক্ষা কৰি থাইৰয়ডৰ সমস্যা ধৰা পেলাব পাৰি। গতিকে গৰ্ভাৱস্থাত নিয়ামীয়া স্বাস্থ্য়ৰ পৰীক্ষা অতি প্ৰয়োজনীয় ।
  • আয়’ডিন সেৱন কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আয়’ডযুক্ত নিমখ খাব লাগে। ইয়াৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা অতি প্ৰয়োজনীয় ।
  • মানসিক চাপ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব । ইয়াৰ বাবে ধ্যান কৰিব পাৰে ।
  • খাদ্যাভ্য়াসৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব । খাদ্যৰ তালিকাত প্ৰটিন আৰু ভিটামিন নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক।
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...