ব্যায়াম বা জিম কৰা সময়ত এই কেইটা কথা মনত ৰাখক, নহ'লে সমস্যা হ'ব | Post-Workout Routine for Better Result in Assamese Assam news - Assam Tv9

ব্যায়াম বা জিম কৰা সময়ত এই কেইটা কথা মনত ৰাখক, নহ’লে সমস্যা হ’ব…

Published: 

14 Aug 2024 | 09:21 PM

নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ব্যায়ামৰ বিকল্প নাই। নিয়মিতভাৱে কমেও ৩০ মিনিট শাৰীৰিক ব্যায়াম বা জিম কৰিব লাগে। নিয়মিতভাৱে ব্যায়াম কৰিলে মানসিক স্বাস্থ্যও ভালে থাকে । কিন্তু নিয়মিত ব্যায়াম কৰাৰ পিছতো বহুতে আশা ধৰণে ফলাফল নাপায়। কিয় জানেনে ?

1 / 8নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ব্যায়ামৰ বিকল্প নাই। নিয়মিতভাৱে কমেও ৩০ মিনিট শাৰীৰিক ব্যায়াম বা জিম কৰিব লাগে।

নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ ব্যায়ামৰ বিকল্প নাই। নিয়মিতভাৱে কমেও ৩০ মিনিট শাৰীৰিক ব্যায়াম বা জিম কৰিব লাগে।

2 / 8

নিয়মিতভাৱে ব্যায়াম কৰিলে মানসিক স্বাস্থ্যও ভালে থাকে ।

3 / 8

কিন্তু নিয়মিত ব্যায়াম কৰাৰ পিছতো বহুতে আশা ধৰণে ফলাফল নাপায়। কিয় জানেনে ?

4 / 8

ব্যায়ামৰ পিছত শৰীৰ দুৰ্বল হৈ পৰে। তাৰ পিছত অলপ জিৰণি ল’বলৈ মন যায়। ব্যায়ামৰ পিছত কি কৰিব ? কি নকৰিব? জানক

5 / 8

বহুতে ব্যায়াম কৰাৰ লগে লগে পানী খায়। কিন্তু হোৱা উচিত নহয়। ব্যায়ামৰ সময়ত শৰীৰ গৰম হৈ থাকে। গতিকে ব্যায়াম কৰাৰ পিছত পানী নোখোৱাকৈ ৫ মিনিট অপেক্ষা কৰি তাৰ পিছত পানী খাব লাগে।

6 / 8

ব্যায়ামৰ সময়ত ছালত আৰ্দ্ৰতাৰ পৰিমাণ বৃদ্ধি পায়। ঘাম ওলোৱাৰ ফলত ছালত আঠাযুক্ত অনুভৱ হয়। গতিকে যদি আপোনাৰ ছাল সংবেদনশীল হয় তেন্তে ব্যায়াম কৰাৰ আগতে ফেচ ৱাছৰ দ্বাৰা মুখখন ধুব লাগে। ই ছালৰ আৰ্দ্ৰতা স্বাভাৱিক মাত্ৰালৈ ঘূৰাই আনে।

7 / 8

বহুতে ব্যায়ামৰ পিছত আন কামত ব্যস্ত হৈ পৰে। বিশেষজ্ঞসকলৰ মতে, ব্যায়াম কৰাৰ ৩০ মিনিটৰ ভিতৰত খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়। অন্যথা শৰীৰ দুৰ্বল হোৱাৰ আশংকা থাকে।

8 / 8

ব্যায়ামৰ সময়ত ঘাম ওলোৱাটো স্বাভাৱিক। ঘাম নোলালে সমস্যা। কিন্তু সেই ঘাম শৰীৰত শুকুৱাব নালাগে। ঘামৰ পৰা উৎপন্ন হোৱা বিভিন্ন বেক্টেৰিয়াই ছালৰ সমস্যা সৃষ্টি কৰিব পাৰে । গতিকে ভালকৈ গা ধোৱাৰ লগতে শৰীৰটো পৰিষ্কাৰ আৰু সতেজ কৰি ৰাখিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব